ৰাইজৰ দলৰ কার্যালয়লৈ কিয় যাব কংগ্ৰেছ প্ৰতিনিধি?

Share This Article

ৰাইজৰ দলৰ কার্যালয়লৈ যাব কংগ্ৰেছ দল৷ আজি বিয়লি কংগ্ৰেছ দলৰ প্ৰতিনিধি দল যাব ৰাইজৰ দলৰ কার্যালয়লৈ৷বিগত বিধানসভা নির্বাচনত বিজেপিৰ বিজয়ৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলে জগৰীয়া কৰিছিল পৰস্পৰক৷কংগ্ৰেছৰ অহমিকাৰ বাবে বিৰোধীৰ পৰাজয় হোৱা বুলি ৰাইজৰ দলে অভিযোগ অনাৰ বিপৰীতে ৰাইজৰ দল বিজেপিৰ বি টিম বুলি আখ্যা দিছিল কংগ্ৰেছে৷কিন্তু সকলো অৰিয়া অৰি ত্যাগ কৰি এইবাৰ কংগ্ৰেছ প্ৰতিনিধি দল যাব ৰাইজৰ দলৰ কার্যালয়লৈ৷কিন্তু কিয়?

আজি এক সংবাদমেলত সেই কথাও কলে অখিল গগৈয়ে- উপ নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হৈ খেলিব বিচাৰো। aiudfক আমি বিৰোধী শক্তিৰ লগত ল’ব নিবিচাৰো। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো। সকলো বিৰোধী দল একত্ৰিত হ’লে আমি আধা আসন দখল কৰিব পাৰিম। আজি বিয়লি পাঁচ বজাত কংগ্ৰেছৰ প্ৰতিনিধি আহিব ৰাইজৰ দলৰ কাৰ্যালয়লৈ। যদি একেলগ হৈ নেখেলে তেন্তে বিজেপিক ৱাক অভাৰ দিয়া হ’ব।

অৱশ্যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত কি আলোচনা হব সেইয়া বিয়লি ৫ বজাৰ পিছতহে গম পোৱা যাব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.