‘ই ডি’ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰতিবাদ কৰিবলৈ আহি আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া।

Share This Article

আজি ইডিৰ সন্মুখত হাজিৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে।
গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা ওলোৱা সমদলকাৰীক আৰক্ষীয়ে বেৰীকেত বান্ধি অৱৰোধ কৰিবলৈ চেষ্টা কৰে যদিও বেৰীকেত উফৰাই আগবাঢ়িল প্ৰতিবাদকাৰীসকল।ইফালে প্ৰতিবাদলৈ আহি থকা সময়তে আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক।
উল্লেখ্য যে ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ আহি থকা অৱস্থাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ যাত্ৰাকালত সহযোগ কৰে শ শ কংগ্ৰেছ নেতা কৰ্মীৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰা, অশোক গেহলত আদিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.