সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই ৷ তেও কয় যে পেগাছাছ ছফটৱেৰৰ সহায়ত কেন্দ্ৰই চোৰাংছোৱাগিৰি কৰাৰ বিষয়টো কংগ্ৰেছ দলে বিগত অধিৱেশনৰ সময়ত সদনত উত্থাপণ কৰিছিল ৷ পৰৱৰ্তী অধিৱেশনতো বিষয়টোক লৈ কংগ্ৰেছ দল সৰৱ হ’ব বুলি তেও মন্তব্য কৰে ৷
ইফালে , কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটযোগে কয় যে দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান , ৰাজনীতিক আৰু জনসাধাৰণৰ ওপৰত চোৰাংছোৱাগিৰি কৰিবলৈ মোদী চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে ৷ চৰকাৰী বিষয়া , বিৰোধী নেতা , সেনা বাহিনী আনকি ন্যায়পালিকাক ফোন টেপিঙৰ জড়িয়তে লক্ষ্য কৰি লোৱা হৈছে ৷ এয়া দেশদ্ৰোহ ৷ মোদী চৰকাৰ দেশদ্ৰোহত লিপ্ত হৈছে ৷

Leave A Reply

Your email address will not be published.