আৰক্ষী আইনৰ অধীনত পৰিচালিত হৈছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নির্দেশত?

Share This Article

শিৱ-পাৰ্বতীৰ ৰূপত বাটৰ নাট যোগে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰাক হেনো আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মোকলাই দিবলৈ বাধ্য হল । মুখ্যমন্ত্ৰীৰ মতে শিৱ-পাৰ্বতীৰ বেশত সাম্প্ৰতিক কোনো ইচ্যু লৈ প্ৰতিবাদ কৰাতো অপৰাধ নহয় । তাৰ মানে আৰক্ষীয়ে আইন বৰ্হিভূতভাবে বিৰিঞ্চিক গ্ৰেপ্তাৰ কৰিছিল । আৰু সেয়াই যদি হয় ঘটনাটোৰ বাবে দায়বদ্ধ আইন ৰক্ষক আৰক্ষী লোকসকলৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰি মুূখ্যমন্ত্ৰীয়ে সততা প্ৰমান কৰক । অন্যথা এয়াও এক চৰকাৰী বহুৱালিপূূৰ্ন নাটক হিচাপে পৰিগনিত হব । প্ৰশ্ন হয়- আৰক্ষী আইনৰ নিৰ্দিষ্ট বিধি-নিয়মৰ অধীনত পৰিচালিত হৈ আছে নে মুখ্যমন্ত্ৰীৰ আঙুলিৰ নিৰ্দেশত উঠা-বহা কৰিছে । আইনগতভাবে সেয়া যদি অপৰাধেই নহয় তেন্তে সেই গ্ৰেপ্তাৰ কাৰ্য অবৈধ নাছিলনে ! এতেকে অভিযুক্ত আৰক্ষীৰ ওপৰত কিয় শাস্তি নহব ! আৰক্ষী প্ৰশাসনত চৰম অৰাজকতাৰ ইয়াতকৈ আৰু কি উদাহৰন লাগে । দক্ষতাপূৰ্ন সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পোৱা বিশাল মানৱ সম্পদৰে পৰিপূৰ্ন অসম আৰক্ষীক মুখ্যমন্ত্ৰীজনে এতিয়া আইনৰ পাঠ দিবলগীয়া পৰিস্থিতি কিয় আহি পৰিল ! কত গল আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াসকল ! তেওঁলোক কি ৰবৰ ষ্টাম্প হৈ বহি আছে । খুবেই চিন্তনীয় বিষয় । নিজৰ খেয়ালখুচীমতে কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে কত অধিকাৰ পালে ! কথাটো এনেকুৱা নেকি যে মুখ্যমন্ত্ৰীয়ে কাৰোবাক ধৰ বুলিলে ধৰিব আৰু এৰি দে বুলিলে এৰি দিব ! ইয়াত আইন-কানুনৰ কোনো কথা নাই । ধাৰনা হয় অসম আৰক্ষীক কিবা এক অজান ভয়ে পীড়িত কৰি ৰাখিছে । কিং কৰ্তব্য বিমূঢ় অৱস্থাত আছে । কাৰোবাৰ গোচৰত গ্ৰেপ্তাৰ নকৰিলেও ভয় আৰু গ্ৰেপ্তাৰ কৰিলেও ভয় । অথাৎ দুই নাৱঁত দুই ভৰি । এই অৰাজক অৱস্থাৰ বাবে মুখ্যমন্ত্ৰী নিজেই জগৰীয়া । চাই থাকক- ইয়াৰ পৰিনাম এদিন ভয়াবহ হব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.