মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?

Share This Article

অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন বৰাৰ পৰা লৈছে ১ কৌটি ৬০ লাখ টকা , নীলমনি সেন ডেকাৰ মতে কংগ্ৰেছৰ একাউন্টৰ পৰা ৰিপুন বৰাই হৰলুকি কৰিছে ৫০ লাখ টকা, কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিড্ডিক আহমেদৰ মতে কংগ্ৰেছ হাইকামাণ্ডে বিগত বিধানসভা নিৰ্বাচনত টিকট দিয়াৰ নামত সংগ্ৰহ কৰিছিল ৫ কৌটি টকা ৷ অভিযোগৰ সত্যসত্যতা নিৰূপন হোৱাটো পাছৰ কথা ৷ কিন্তু এটা কথা নিশ্চিত যে অসমৰ লগতে ভাৰতৰ ৰাজনীতি আজিৰ তাৰিখত হৈ পৰিছে ধন নিৰ্ভৰ ৷ অবাধ ধনৰ লেন দেন চলে ৰাজনৈতিক জগতখনত ৷ কিন্তু প্ৰশ্ন হয় , ৰাজনৈতিক দলসমূহৰ হাতলৈ ইমান ধন ক’ৰ পৰা আহে ? কোনে দিয়ে ৰাজনৈতিক দলক কৌটি কৌটি টকা ? পলিটিক্স অৱ দ্য ডেত আগবাঢ়ইছো এই বিশেষ প্ৰতিবেদন-

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.