প্ৰধানমন্ত্ৰীৰ বাবে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ

Share This Article

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ঘটনাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ লগতে নগাঁও জিলাটো ইয়াৰ প্ৰভাৱ পৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি পঞ্জাৱৰ ঘটনাই ভাবুকি অনা বুলি ভাবি আজি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনাৰে দিনৰ ১২-৩০ বজাৰ পৰা যজ্ঞ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মহামৃত্যুঞ্জয় মন্দিৰত মহাযজ্ঞভাগ আয়োজন কৰিছে৷ যজ্ঞত উপস্হিত আছিল দুইজন বিধায়ক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.