সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেতিয়া, কেনেকৈ, কিমানবাৰ নৰেন্দ্ৰ মোদীৰ জীৱনলৈ নামি আহিছিল ভাবুকি?

বুধবাৰে পাঞ্জাৱত এখন ফ্লাই অভাৰৰ ওপৰত ১৫ মিনিটৰ বাবে আবদ্ধ হৈ পৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাক লৈ আৰম্ভ হৈছে চর্চা৷ বিৰোধীৰ কটাক্ষ- ৰেলীত খালী চকী দেখি ঘূৰি আহিল প্ৰধানমন্ত্ৰী৷ বিপৰীতে গৃহমন্ত্ৰালয়ৰ ষ্পষ্টীকৰন-নিৰাপত্তাৰ সংকটত পৰিছিল প্ৰধানমন্ত্ৰী৷ কিন্তু বর্তমানৰ প্ৰধানমন্ত্ৰী আৰু একালৰ গুজৰাটৰ মুখ্যমন্ত্ৰীজনৰ জীৱনলৈ অহা এইয়াই প্ৰথম ভাবুকিনে? ইয়াৰ পূর্বে নৰেন্দ্ৰ মোদীৰ জীৱনলৈ কিমানবাৰ ভাবুকি নামি আহিছিল,কোনখিনি বিশেষ সময়ত ভাবুকি নামি আহিছিল আৰু তাৰপিছত কি কি হৈছিল আপুনি জানেনে?

২০১৩ চনৰ ৩ চেপ্টেম্বৰ৷ নৰেন্দ্ৰ মোদী তেতিয়াও দেশৰ প্ৰধানমন্ত্ৰী আসনৰ পৰা আঁতৰত৷ কিন্তু নৰেন্দ্ৰ মোদী শাসনাধীন গুজৰাটৰ ডিজি ভাঞ্জাৰা নামৰ এজন আইপিএচ বিষয়াৰ এখন পত্ৰই তোলপাৰ লগালে দেশৰ ৰাজনীতি৷ সেইসময়ত ভূৱা এনকাউন্টাৰৰ অপৰাধাত গুজৰাট আৰু ৰাজস্থানৰ ৩২ জন আৰক্ষী বিষয়া আৰু ৬ জন আইপিএচ বিষয়া কাৰাবন্দী হৈ আছিল৷ তাৰমাজৰে ডিজি ভাঞ্জাৰাৰ পদত্যাগ পত্ৰত মুকলি হল কিছুমান বিস্ফোৰক তথ্য৷ ডিজি ভাঞ্জাৰাই লিখিছিল,মোদী নেতৃত্বাধীন গুজৰাট চৰকাৰে আমাৰ কেৱল কাৰামুক্ত কৰাতেই অবহেলা কৰা নাই৷ বৰঞ্চ,নিজকে চিবিআইৰ কবলৰ পৰা বচাই ৰাখিবলৈ আমাক কাৰাবন্দী কৰি ৰখাত সর্ব প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷পদত্যাগ পত্ৰত এই কথা লিখা ডিজি ভাঞ্জাৰাৰ আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবিৰোধী অভিযানত অন্যতম ভূমিকা৷আৰু সেই পটভূমি জানিবলৈ আপুনি উভতি যাব লাগিব ২০০২ চনৰ এটা এনকাউন্টাৰলৈ৷

- Donation -

২০০২ চনৰ ২৭ চেপ্টেম্বৰত গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সমীৰ খান পাথান নামৰ এজন ব্যক্তিক৷ তেখেতৰ বিৰুদ্ধে অভিযোগ আছিল, ১৯৯৬ চনত এজন কনিষ্টবলক হত্যা কৰি গুজৰাটৰ পৰা পলাই গৈছিল সমীৰ খান পাথান৷ আই এচ আইৰ সহযোগত ভাৰতলৈ উভতি আহি বিভিন্ন স্থানত সন্ত্ৰাসবাদৰ পোষনি মেলিছে পাঠানে৷ আৰক্ষীয়ে এইটোও অভিযোগ আনে যে, নৰেন্দ্ৰ মোদীক হত্যাৰো পৰিকল্পনাত জৰিত সমীৰ খান পাঠান৷ ইয়াৰ পিছতেই ২২ অক্টোৱৰত অপৰাধ শাখাই ঘোষনা কৰে,যে এজন বিষয়াৰ ৰিভলভাৰ কাঢ়ি লোৱাৰ পিছতেই গুলীয়াই হত্যা কৰা হয় সমীৰ খানক৷ডিজি ভাঞ্জাৰৰ নেতৃত্বত এইয়াই আছিল গুজৰাটত প্ৰথমটো এনকাউন্টাৰ৷

কিন্তু এই এনকাউন্টাৰক লৈ কি মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয় নিযুক্ত কমিটিয়ে?২০১৯ চনত মুকলি হয় প্ৰাক্তন ন্যায়াধীশ এইচ এচ বেদীৰ গুজৰাটত সংঘটিত ১৭ টা এনকাউন্টৰৰ সম্পর্কীয় তদন্তৰ প্ৰতিবেদন৷২০০২ চনৰ পৰা ২০০৬ চনলৈ গুজৰাটত সংঘটিত আৰক্ষীৰ এনকাউন্টাৰৰ এই তদন্তৰ প্ৰতিবেদনত সমীৰ খান পাথানৰ হত্যাকাণ্ডক আখ্যা দিয়া হয় ভূৱা এনকাউন্টাৰ আৰু কাষ্ট’ডিয়েল ডেথ হিচাপে৷অর্থাৎ নৰেন্দ্ৰ মোদীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এই ঘটনাৰ অপৰাধত সংঘটিত প্ৰথমটো এনকাউন্টাৰ আছিল ভূৱা এনকাউন্টাৰ৷
এই সৱিশেষ তথ্য আমি যুগুত কৰি আনিছোঁ,যোশী যোচেফৰ দ্য চাইলেন্ট ক’প নামৰ গ্ৰন্থৰ পৰা৷ ইয়াৰ পিছৰ সময়খিনিতো নৰেন্দ্ৰ মোদীৰ জীৱনলৈ কিদৰে ভাবুকি নামি আহিছিল,আৰু তাক প্ৰতিহত কৰিবলৈ কিদৰে কিমান এনকাউন্টাৰ সংঘটিত হৈছিল,চাওঁ আহক এই প্ৰতিবেদনতে৷

চন ২০০৪৷ গুজৰাট ক্ৰাইম ব্ৰান্সে গুলীয়াই হত্যা কৰে ইচৰাত জঅন,জাভেড গুলাম শেইখ,আজমেড আলি ৰানা আৰু জিচান জ’হাৰ নামৰ চাৰি ব্যক্তিক৷তেওলোকৰ বিৰুদ্ধে অভিযোগ আাছিল ২০০২ চনৰ গুজৰাট কাণ্ডৰ বাবে তেওলোকে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷উল্লেখযোগ্য যে,২০০৯ চনত এজন দণ্ডাধীশে এই এনকাউন্টৰক ন্যায় বর্হিভূত হত্যা বুলি আখ্যা দিছিল৷এই ঘটনাতো জৰিত আছিল ডিজি ভাঞ্জাৰা৷

চন ২০০৫৷ গুজৰাট আৰক্ষীয়ে অভিযোগ আনে যে,চহৰাবুদ্দিন চেইখ আৰু তেখেতৰ পত্নী কৌচেৰ বিয়ে নৰেন্দ্ৰ মোদীক হত্যাৰ পৰিকল্পনা ৰচিছে৷ইয়াৰ পিছতে তেওলোকৰ ঘনিষ্ঠ তুলসীৰামৰ সৈতে ছহৰাবুদ্দিন আৰু কৌচেৰক গুলীয়াই হত্যা কৰা হয় আহমেদাবাদত৷চিবিআই চার্জশ্বীটত এই হত্যাকাণ্ডক পৰিকল্পিত এনকাউন্টাৰ বুলি উল্লেখ কৰা হৈছিল৷এই ঘটনাটো জৰিত আছিল ডিজি ভাঞ্জাৰা৷
২০১৫ চনৰ মে মাহ৷ শাসনলৈ অহাৰ এবছৰ পিছত নৰেন্দ্ৰ মোডীয়ে মথুৰাত এক ৰেলীত ভাষণ দিবলৈ সাজু৷ কিন্তু এৰাতি আগতে খবৰ পোৱা গল যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে মোডীক হত্যা কৰাৰ ভাবুকিৰে এটা ডব্লিউএ বাৰ্তা লাভ কৰিছে৷

এই বার্তা ৰামবীৰ আৰু তেওঁৰ ভাতৃ লক্ষ্মণ সিঙে প্ৰেৰণ কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল নে নাই সেই বিষয়ে কোনো তথ্য পোহৰলৈ নাহিল৷

২০১৬ চনৰ নবেম্বৰ মাহ৷বিমুদ্ৰাকৰনৰ পিছতেই দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনাৰ এটা খবৰ লাভ কৰে৷সেই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে৷

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহ৷উত্তৰ প্ৰদেশ নির্বাচনৰ পূর্বৰ সময়৷এচ পি আৰ কে সিঙে দাবী কৰে,যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰকেট লাঞ্চাৰযোগে আক্ৰমনৰ ভাবুকিৰ তথ্য তেওলোকে লাভ কৰিছে৷
২০১৭ চনৰ জুন মাহত প্ৰধানমন্ত্ৰীৰ কেৰালা ভ্ৰমণৰ সময়তো ডিজিপিয়ে নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদী ভাবুকিৰ সন্মুখীন হব পৰাৰ কথা ব্যক্ত কৰিছিল৷একেদৰে ২০১৮ চনৰ কেৰালা নির্বাচনৰ পূর্বে নৰেন্দ্ৰ মোদী ইচলামিক শক্তিৰ পৰা ভাবুকিৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ আহিছিল৷জুন মাহত গ্ৰেপ্তাৰ হৈছিল সমাজকর্মী ৰোনা উইলচন৷এই ঘটনাতো প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ পৰিকল্পনাৰ কথাই জৰিত হৈ আছিল৷
এনেদৰেই ভিন্ন সময়ত ভিন্নবাৰ বর্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু একালৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীবনলৈ নামি আহিছে ভাবুকি আৰু সেইভাবুকিক প্ৰতিহত কৰিবলৈ গুজৰাটত সংঘটিত হৈছিল অলেখটা এনকাউন্টাৰ৷ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া সমিতিৰ প্ৰতিবেদন অনুসৰি এই সমূহ এনকাউন্টাৰৰ বেছিভাগেই ভূৱা বুলিও প্ৰমাণিত হৈছে৷ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া সমিতিয়ে মন্তব্য কৰিছে যে,গুজৰাটৰ এই এনকাউন্টাৰ ধাৰাৰ আৰত আছে ৰাজনৈতিক উদেশ্য আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা সন্ত্ৰাসমূলক ভাবুকিৰ এটা নেৰেটিভ প্ৰতিষ্ঠা কৰা আৰু ইচলামফবিয়া বৃদ্ধিৰ লক্ষ্য৷ এই প্ৰতিবেদনৰ সমূদায় তথ্য যুগুতাই অনা হৈছে যোশী যোচেফৰ দ্য চাইলেন্ট ক’প নামৰ গ্ৰন্থৰ তথ্যৰ ভিত্তিত৷

Leave A Reply

Your email address will not be published.