বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা বিৰোধীক কিদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে ?

Share This Article

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত দলিত , মহিলা , অ’ বি চি আৰু কৃষক সমাজৰ বহুকেইজন প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷ এই লৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ – তেওৰ এই পদক্ষেপক বহুতেই ভাল পোৱা নাই ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা এইদৰেই বিৰোধীক কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সংসদীয় পৰম্পৰা অনুসৰি , মন্ত্ৰীসভাৰ সালসলনিৰ পাছত লোকসভা আৰু ৰাজ্যসভাত নতুন মন্ত্ৰীমণ্ডলীক পৰিচয় কৰাই দিয়ে প্ৰধানমন্ত্ৰীয়ে নিজে ৷ যোৱা ৭ জুলাইত হোৱা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ১৫ গৰাকী কেবিনেট আৰু ২৮ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে ৷ আজি তেওলোকক পৰিচয় কৰাই দিয়াৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷কিন্তু সোমবাৰে  ক’ৰোণা পৰিস্থিতি , মূল্যবৃদ্ধিসহএকাধিক বিষয়ৰ আলোচনাৰ দাবীত বিৰোধীয়ে সদন উত্তপ্ত কৰি ৰাখে ৷ ফলত সদনত নতুন মন্ত্ৰীৰ চা- চিনাকি পৰ্ব ব্যাহত হয় ৷ ইয়াৰ পাছতে ক্ষোভ  প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় –“ আমাৰ ইচ্ছা আছিল মন্ত্ৰীসভাৰ নতুন সদস্যসকলক পৰিচয় কৰাই দিয়াৰ ৷ আমি ভাবিছিলো যে দলিত , আদিবাসী , মহিলা সমাজৰ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান পোৱাটো খুবেই আনন্দৰ বিষয় ৷ কিন্তু আজি দেখিছো যে অনেকেই ইয়াক লৈ সুখী নহয় ৷ সমাজৰ এই লোকসকল মন্ত্ৰী হোৱাটো তেওলোকে মনেৰে মানি ল’ব পৰা নাই ৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.