মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

Share This Article

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিৰ তদন্ত সমিতিও গঠন কৰিছে। ইয়াৰ ভিতৰত আছে ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ যুটীয়া সঞ্চালক বলবীৰ সিং, নিৰাপত্তা সচিব সুধীৰ কুমাৰ চাক্সেনা আৰু এছ পি জি সুৰক্ষা গোটৰ আইজি এছ সুৰেশ।

আনহাতে, পঞ্জাৱ চৰকাৰেও নিৰাপত্তাৰ ত্ৰুটিৰ ওপৰত এখন সমিতি গঠন কৰিছে। তদন্ত সমিতিখনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মেহতাব সিং গিল আৰু পঞ্জাৱৰ গৃহ সচিব অনুৰাগ বাৰ্মা আছে। সমিতিখনে ৩ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়েও পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা ঘটনাক লৈ ৰাষ্ট্ৰপতি ভ্ৰমণত গৈ সাক্ষাৎ কৰে  ৰামনাথ কোবিন্দক।

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে বিজেপি নেতাই পঞ্জাৱ চৰকাৰৰ নিৰাপত্তাক দোষাৰোপ কৰিছে।

কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ চান্নীৰ মতে, প্ৰধানমন্ত্ৰী মোডী কৃষকৰ প্ৰতিবাদৰ বাবে নহয়,  নিৰ্বাচনী সভাৰ বাবে ৭০ হাজাৰ লোকৰ সমাগম হোৱাকৈ আসন ঠিক কৰা হৈছিল। কিন্তু সভাত ৭০০ লোকৰো সমাগম হোৱা নাছিল। সেয়েহে মোডীয়ে সেই সভাত অংশগ্ৰহণ নকৰি উভতি আহিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.