প্ৰধানমন্ত্ৰীক নিৰাপত্তাৰ সংকটত পেলোৱা অপৰাধৰ শাস্তি হব মাত্ৰ ২০০ টকাৰ জৰিমনা

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তা ক্ৰটি ঘটনাই এতিয়া দেশজুৰি লগাইছে চাঞ্চল্য। পঞ্জাৱ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত  ১৮ ঘণ্টা পাছতহে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে।  বিজেপি নেতাসকলৰ অভিযোগ যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুপৰীয়া ১.০৫ বজাত উৰণীয়া সেঁতুত উপস্থিত হৈছিল। কিন্তু আৰক্ষী আবেলি ২.৩০ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰতহে তাত উপস্থিত হৈছিল।  পিছদিনা সন্ধিয়া ৭.৪০ বজাতহে গোচৰ পঞ্জীয়ন কৰিছে পঞ্জাৱ আৰক্ষীয়ে।

আনহাতে, ফিৰোজপুৰত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ পথ অৱৰোধ কৰাৰ বাবে শাস্তি মাত্ৰ ২০০ টকা বিহা হৈছে। ইয়াৰ কাৰণ হৈছে কুলগড়ী আৰক্ষী থানাত পঞ্জাৱ আৰক্ষীয়ে পঞ্জীয়ন কৰা গোচৰটোত আইপিচিৰ ২৮৩ ধাৰা জাৰি কৰা হৈছে। এই ধাৰাৰ অধীনত শাস্তি হৈছে ২০০ টকাৰ জৰিমনা। অভিযুক্তজনক এই গোচৰত আৰক্ষী থানাতো জামিন দিয়া হয়। অভিযুক্তজনক আদালতলৈ যোৱাৰ প্ৰয়োজন নাই। পঞ্জাৱ আৰক্ষীয়ে এজাহাৰখনত কোনো অভিযুক্তৰ নাম লিখা নাই। লগতে,  প্ৰধানমন্ত্ৰী মোদীৰ কনভয় ক’তো ৰখোৱাৰ কথা উল্লেখ নাই এজাহাৰখনত।

আনহাতে, পঞ্জাৱৰ চান্নী চৰকাৰৰ আৰক্ষীয়ে আন এটা গোচৰ ৰুজু কৰে। পঞ্জাৱৰ আৰক্ষী প্ৰধানজনে কয় যে, ডিএছপি সুৰিন্দৰ বনচালৰ সৈতে তেওঁ সুৰক্ষাৰ বাবে ফিৰোজপুৰলৈ গৈছিল। লগতে কয় যে, যেতিয়া তেওঁ আৰক্ষী চকীলৈ উভতি আহিছিল আৰু কৃষি ভৱনৰ ওচৰৰ পথটোত কৰ্তব্য পালন কৰি আছিল। তেতিয়াই  খবৰ পোৱা গৈছিল যে, কিছুমান অচিনাক্ত ব্যক্তিয়ে ফিৰোজপুৰৰ পৰা মোগা ৰোডৰ পিয়াৰনা দলং চেমনা গাঁৱত ধৰ্ণা দিছিল। ইয়াৰ ফলত ৰাস্তাৰ মাজেৰে যোৱা সাধাৰণ ৰাইজ,  সমদললৈ যোৱা লোক আৰু ভিআইপিৰ ৰেলৰ পথ অৱৰোধ হৈছিল। আবেলি ২.৩০ বজাৰ পৰা ৩ বজাৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ তাৰ পিছতেই অচিনাক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.