৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

Share This Article

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে বিজেপি নেতাই পঞ্জাৱ চৰকাৰৰ নিৰাপত্তাক দোষাৰোপ কৰিছে।

কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ চান্নীৰ মতে, প্ৰধানমন্ত্ৰী মোডী কৃষকৰ প্ৰতিবাদৰ বাবে নহয়,  নিৰ্বাচনী সভাৰ বাবে ৭০ হাজাৰ লোকৰ সমাগম হোৱাকৈ আসন ঠিক কৰা হৈছিল। কিন্তু সভাত ৭০০ লোকৰো সমাগম হোৱা নাছিল। সেয়েহে মোডীয়ে সেই সভাত অংশগ্ৰহণ নকৰি উভতি আহিছিল। এতিয়া চান্নীয়ে কৰা এই মন্তব্যই পুনৰ বিতৰ্কৰ সূচনা কৰিছে।

লগতে চৰণজিৎ চান্নীয়ে কৈছে, প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ভুল হোৱা নাছিল। প্ৰধানমন্ত্ৰী মোডী বিমানেৰে যোৱাৰ কথা আছিল। কিন্তু হঠাৎ তেওঁ বিমানেৰে নগৈ ৰাস্তাৰে সভালৈ গ’ল। তেওঁ আৰু কৈছে যে, প্ৰধানমন্ত্ৰীৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই।

আনহাতে, প্ৰধানমন্ত্ৰীৰ মোডীৰ লগত সংঘটিত এই ঘটনাৰ বাবে পঞ্জাৱ কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছে। একাংশ কংগ্ৰেছী নেতাৰ মতে, মোডীৰ লগত সংঘটিত হোৱা এই ঘটনাৰ বাবে পঞ্জাৱ কংগ্ৰেছৰ ভাৱমূৰ্তি দেশত ম্লান পৰিছে। মোডী কেৱল বিজেপিৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ দেশৰেই প্ৰধানমন্ত্ৰী। গতিকে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ভুল থাকিব নালাগিছিল। ইফালে পঞ্জাৱ বিজেপিয়ে আজি সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰিব। ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ বাবে দাবী কৰিব বিজেপিয়ে। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙেও পূৰ্বৰে পৰা ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ বাবে দাবী কৰি আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.