পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

Share This Article

আজি প্ৰকাশ কৰিলে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। পঞ্জাৱত কংগ্ৰেছ আৰু  উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা।

কংগ্ৰেছৰ ৮৬ আসনৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত চামকৌৰ চাহিবৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। আনহাতে নৱজোত সিং চিধুৱে পূব অমৃৎসৰত দলক প্ৰতিনিধিত্ব কৰিব। লগতে দলটোৱে জনপ্ৰিয় পঞ্জাৱী গায়ক চিধু মুছৱালা আৰু অভিনেতা চনু সুদৰ ভগ্নী মালভিকা সুদক ক্ৰমে মানছা আৰু মোগাৰ পৰা প্ৰতিদ্বন্দিতাৰ বাবে টিকেট প্ৰদান কৰে।

আনহাতে উত্তৰ প্ৰদেশত বিজেপিয়ে প্ৰকাশ কৰে ১০৭ গৰাকী প্ৰাৰ্থীৰ তালিকা। প্ৰথম তালিকা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনাগত বিধানসভা নিৰ্বাচনত গোড়খপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। এই গোড়খপুৰত মুখ্যমন্ত্ৰীজনৰ সৰ্বাধিক সমৰ্থন থকাৰ লগতে লোকসভা নির্বাচনলৈ ইয়াৰ পৰা বৃহৎ সংখ্যক ভোট লাভ কৰি আহিছে মন্ত্ৰীজনে। অহা ৩ মাৰ্চত হ’ব গোড়খপুৰৰ ভোটগ্ৰহন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.