সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?

পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ দুপৰীয়া ১২.৩০ বজালৈ আৰু ৰাজ্যসভাৰ কাম কাজ ১১.৩০ বজালৈ স্থগিত ৰাখিবলগীয়া হয় ৷

তৃণমূল সাংসদক নিলম্বন

- Donation -

বুধবাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ ৬ ৰাজ্যসভাৰ সাংসদক দিনটোৰ বাবে সদনৰ পৰা নিলম্বিত কৰা হয় ৷নিলম্বিত সাংসদসকল হৈছে ডোলা সেন , নদীমূল হক , অবীৰ ৰঞ্জন বিশ্বাস , শান্তা ছেত্ৰী , অৰ্পিতা ঘোষ আৰু মৌচম নুৰ ৷

বিৰোধীৰ যৌথ বিবৃতি

দেশৰ ১৮ টাকৈ বিৰোধী দলৰ সাংসদে এক যুটীয়া বিবৃতিত কয় যে তেওলোকে পেগাছাছ আৰু কৃষক আন্দোলন সন্দৰ্ভত দুয়োখন সদনতে আলোচনা বিচাৰে ৷ কিন্তু এইটো অতি দুৰ্ভাগ্যপূৰ্ণ যে চৰকাৰে সদনৰ কাম কাজ স্থবিৰ হৈ পৰা বাবে বিৰোধীক দোষাৰোপ কৰিব বিচাৰিছে ৷ এই বিবৃতিত এন চি পি , আৰ জে ডি , আপ আদিকে ধৰি কেবাটাও দলৰ সাংসদে স্বাক্ষৰ কৰিছে ৷

যন্তৰ – মন্তৰত কৃষকৰ আন্দোলন অব্যাহত

কৃষি আইনৰ বিৰোধিতাৰে যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰতিবাদী কৃষকসকলে প্ৰতিদিনে কৃষক সংসদৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কৃষকৰ এই সংসদ  ১৩ আগষ্টলৈ অব্যাহত থাকিব বুলি জানিবলৈ দিছে ৷

Leave A Reply

Your email address will not be published.