পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?

Share This Article

পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ দুপৰীয়া ১২.৩০ বজালৈ আৰু ৰাজ্যসভাৰ কাম কাজ ১১.৩০ বজালৈ স্থগিত ৰাখিবলগীয়া হয় ৷

তৃণমূল সাংসদক নিলম্বন

বুধবাৰে সদনৰ নিয়ম উলংঘা কৰাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ ৬ ৰাজ্যসভাৰ সাংসদক দিনটোৰ বাবে সদনৰ পৰা নিলম্বিত কৰা হয় ৷নিলম্বিত সাংসদসকল হৈছে ডোলা সেন , নদীমূল হক , অবীৰ ৰঞ্জন বিশ্বাস , শান্তা ছেত্ৰী , অৰ্পিতা ঘোষ আৰু মৌচম নুৰ ৷

বিৰোধীৰ যৌথ বিবৃতি

দেশৰ ১৮ টাকৈ বিৰোধী দলৰ সাংসদে এক যুটীয়া বিবৃতিত কয় যে তেওলোকে পেগাছাছ আৰু কৃষক আন্দোলন সন্দৰ্ভত দুয়োখন সদনতে আলোচনা বিচাৰে ৷ কিন্তু এইটো অতি দুৰ্ভাগ্যপূৰ্ণ যে চৰকাৰে সদনৰ কাম কাজ স্থবিৰ হৈ পৰা বাবে বিৰোধীক দোষাৰোপ কৰিব বিচাৰিছে ৷ এই বিবৃতিত এন চি পি , আৰ জে ডি , আপ আদিকে ধৰি কেবাটাও দলৰ সাংসদে স্বাক্ষৰ কৰিছে ৷

যন্তৰ – মন্তৰত কৃষকৰ আন্দোলন অব্যাহত

কৃষি আইনৰ বিৰোধিতাৰে যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে ৷ প্ৰতিবাদী কৃষকসকলে প্ৰতিদিনে কৃষক সংসদৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কৃষকৰ এই সংসদ  ১৩ আগষ্টলৈ অব্যাহত থাকিব বুলি জানিবলৈ দিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.