বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ?

Share This Article

বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা নিলম্বিত কৰাৰ লগতে আন এগৰাকী নেতা নবীন জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰিছে ৷ কিন্তু তাৰ পাছতো আৰৱ দেশসমূহে অসন্তুষ্টি প্ৰকাশ কৰিয়েই আছে ৷কোন দেশে , কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে , সবিশেষ এই প্ৰতিবেদনত –
১)কাটাৰ
কাটাৰে ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিট্টালক তলব কৰে আৰু শাসকীয় দলৰ নেতাই হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ভাৰতক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপণ কৰে ৷ কাটাৰৰ ছোচিয়েল মেডিয়াত এই বিষয়টো লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷আনকি ভাৰতৰ উপ- ৰাষ্ট্ৰপতি ভেংকায়া নাইডু দেশখনত উপস্থিত থকা সময়তে কাটাৰে এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি বিবৃতি জাৰি কৰে ৷

কাটাৰৰ এই বিবৃতি সন্দৰ্ভত ভাৰতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনো ব্যক্তি বিশেষৰ মতামতে ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ নকৰে ৷ ভাৰতৰ মতে এয়া অপশক্তিৰ মন্তব্য ৷
২) কুৱেইট
কুৱেইটৰ বিদেশ মন্ত্ৰালয়ে ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰি এটা বিবৃতি হাতত তুলি দিয়ে ৷ কুৱেইটৰ এছিয়া দপ্তৰৰ সহকাৰী আয়ুক্তই দিয়া বিবৃতিটোত শাসকীয় দলৰ নেতাৰ মন্তব্যৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা হয় আৰু ইয়াক তীব্ৰভাৱে নিন্দা কৰা হয় ৷ লগতে এনে মন্তব্য কৰা নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যকো আদৰণি জনায় দেশখনে ৷ এ এফ পিৰ বাতৰি অনুসৰি , কুৱেইটৰ চুপাৰ মাৰ্কেট সমূহত ভাৰতীয় সামগ্ৰীৰ বৰ্জন অব্যাহত আছে ৷
ভাৰতে কাটাৰক দিয়াৰ দৰেই অনুৰূপ উত্তৰ বিবৃতিযোগে প্ৰকাশ কৰিছে কুৱেইটৰ ক্ষেত্ৰতো ৷
৩) ইৰান
ইৰানৰ ৰাজধানী টেহৰানত থকা ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰে দেশখনৰ বিদেশ মন্ত্ৰালয়ে ৷ দেশখনৰ দক্ষিণ এছিয়া বিভাগৰ সঞ্চালক প্ৰধান গৰাকীয়ে হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে ৷ ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে ইয়াৰ বাবে দুখ প্ৰকাশ কৰে আৰু হজৰত মহম্মদ সন্দৰ্ভত কৰা এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ব্যক্ত কৰে ৷ ভাৰতে এই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই ৷
৪) চৌদী আৰৱ
চৌদী আৰৱে বিজেপি নেত্ৰীৰ এনে মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু আস্থা বজাই ৰাখিবলৈ আহ্বান জনায় ৷ এটা বিবৃতিত চৌদী আৰৱৰ বিদেশ মন্ত্ৰালয়ে কয় যে শাসকীয় দলৰ এনে মন্তব্য হজৰত মহম্মদৰ প্ৰতি চূড়ান্ত অপমান ৷ এই মন্তব্যই ইছলাম ধৰ্মকো স্থায়ীভাৱে প্ৰত্যাখ্যান কৰিছে বুলি চৌদী আৰৱে মন্তব্য কৰে ৷
ইপিনে মদিনাৰ মছজিদ কৰ্তৃপক্ষইও এক পৃথক বিবৃতি জাৰি কৰি বিজেপি নেত্ৰীৰ মন্তব্যৰ নিন্দা কৰে ৷ ভাৰতে আৰৱৰ মন্তব্যৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
৫)ওমান
ওমানৰ বিদেশ মন্ত্ৰালয়ে শাসকীয় দলৰ নেত্ৰীৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যক অপৰাধিক মন্তব্য বুলি অভিহিত কৰাৰ লগতে তেওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যকো আদৰণি জনাইছে ৷ ভাৰতে এতিয়ালৈকে ওমানৰ ওচৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
৬) বাহৰেইন
বাহৰেইনৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে যে শাসকীয় দলৰ এনে মন্তব্য মুছলমানৰ বিৰুদ্ধ উছটনিমুলক আৰু ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা ৷ দেশখনে সকলো ধৰ্মৰ আস্থা আৰু বিশ্বাসৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে সহনশীলতা আৰু আলোচনাৰ মাজেৰে চৰমপন্থী ধাৰণাসমূহৰ মোকাবিলা কৰা উচিত বুলি মন্তব্য কৰে ৷
বাহৰেইনৰ মন্তব্য সন্দৰ্ভত ভাৰতে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
৭)আফগানিস্তান
আফগানিস্তান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যক নিন্দা কৰি ইছলামৰ ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা এনে মন্তব্য প্ৰকাশৰ অনুমতি নিদিবলৈ ভাৰত চৰকাৰক আহ্বান জনায় ৷
৮) ইন্দোনেছিয়া
ইন্দোনেছিয়া বিশ্বৰ আটাইতকৈ বেছি মুছলমান জনবসতি থকা দেশ ৷ দেশখনৰ বিদেশ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰদূতক তলব কৰি শাসকীয় দলৰ নেত্ৰীৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা এনে মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে ৷
ইয়াৰ বাহিৰেও ইউনাইটেড আৰৱ এমেৰিটাছ , জৰ্দান আদি দেশে বিজেপি নেত্ৰীৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যৰ কঠোৰ নিন্দা কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.