সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয় আৰু এইবয়সৰ শিশুসকলে মাস্ক পৰিধান নকৰিলেও হ’ব। অৱশ্যে ৬-১১ বছৰ বয়সৰ শিশুসকলে পিতৃ-মাতৃৰ অনুমতি সাপেক্ষে মাস্ক পৰিধান কৰিব পাৰিব। আনহাতে ১২ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে মাস্ক বাধ্যতামূলক।

Leave A Reply

Your email address will not be published.