সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুম্বাই-গোৱাৰ দৰে গুৱাহাটীতো ৰেভ পার্টী- ৰঙাঘৰৰ আলহী ১৭ যৱক-যুৱতী

মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’ল ১৭ গৰাকী যুৱক-যুৱতী।
মুম্বাই-গোৱা আদি ৰাজ্যৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল ১৭ গৰাকী যুৱক-যুৱতী।খাৰঘূলিৰ বিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ লোকজনৰ ঘৰত চলিছিল এই ৰেভ পাৰ্টী।অমৃত বৰুৱা নামৰ এজন যুৱকৰ জন্মদিন উপলক্ষে নিশা ক’ভিড প্ৰ’টকল ভংগ কৰি উপস্থিত হৈছিল এইসকল যুৱক-যুৱতী।তাৰ পিছতে বাৰ্থডে পাৰ্টীৰ নামত আৰম্ভ হৈছিল উদ্দাম নৃত্য।অৱশ্যে সেই নিশাটো সুখকৰ নহ’ল এইসকল যুৱক-যুৱতীৰ বাবে।নিশাই মহানগৰ আৰক্ষীয়ে আটক কৰি লৈ গ’ল সকলোকে।

Leave A Reply

Your email address will not be published.