Investigative reporting with dedication.

ইতিমধ্যে সমাপ্ত হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰম বিফলতাৰ মুখ দেখে। বিগত মঙ্গলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্য ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ আৰু মণিপুৰৰ ৰাজ্যিক কংগ্ৰেছ দলৰ মুখ্য নেতা সকলক পদত্যাগ কৰিবলৈ আহ্বান জনায়। গান্ধীৰ এই আহ্বানৰ পিছতেই পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজোট সিং সিদ্ধুৱে ইস্তফা দিয়ে। সিদ্ধুৱে এক টুইতযোগে তেওঁৰ পদত্যাগ পত্ৰৰ ফটো প্ৰচাৰ কৰে।


