সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জি নিউজৰ স্বাত্বাধিকাৰীৰ বাবে কি কৰিছে বিজেপিয়ে ?

জি নিউজৰ স্বত্বাধিকাৰী তথা জি গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰাই ৰাজস্থানত ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছে ৷ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেও মনোনোয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে তেও হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷
ৰাজস্থানত বিজেপিৰ মুঠ ৭১ গৰাকী বিধায়ক আছে ৷ ইয়াৰে ৪১ গৰাকী বিধায়কে বিজেপি প্ৰাৰ্থী ঘনশ্যাম তিৱাৰীৰ পক্ষে ভোটদান কৰিব ৷ বাকী ৩০ গৰাকী প্ৰাৰ্থীয়ে সুভাষ চন্দ্ৰাক ভোটদান কৰিব যদিও বিজয়ৰ বাবে তেওক আৰু ১১ টা ভোটৰ প্ৰয়োজন হ’ব ৷
ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ ১০৮ গৰাকী , ১৩ গৰাকী নিৰ্দলীয় , বি টি পিৰ ২ গৰাকী , চি পি আই এমৰ ২ গৰাকী আৰু ১ গৰাকী আৰ এল ডি বিধায়ক আছে ৷ বিজেপিয়ে সুভাষ চন্দ্ৰৰ বাবে প্ৰয়োজনীয় বাকী ১১ টা ভোট নিৰ্দলীয় বিধায়কৰ পৰা লাভ কৰিব বুলি আশা কৰিছে ৷

Leave A Reply

Your email address will not be published.