জি নিউজৰ স্বাত্বাধিকাৰীৰ বাবে কি কৰিছে বিজেপিয়ে ?

Share This Article

জি নিউজৰ স্বত্বাধিকাৰী তথা জি গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰাই ৰাজস্থানত ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছে ৷ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেও মনোনোয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে তেও হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷
ৰাজস্থানত বিজেপিৰ মুঠ ৭১ গৰাকী বিধায়ক আছে ৷ ইয়াৰে ৪১ গৰাকী বিধায়কে বিজেপি প্ৰাৰ্থী ঘনশ্যাম তিৱাৰীৰ পক্ষে ভোটদান কৰিব ৷ বাকী ৩০ গৰাকী প্ৰাৰ্থীয়ে সুভাষ চন্দ্ৰাক ভোটদান কৰিব যদিও বিজয়ৰ বাবে তেওক আৰু ১১ টা ভোটৰ প্ৰয়োজন হ’ব ৷
ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ ১০৮ গৰাকী , ১৩ গৰাকী নিৰ্দলীয় , বি টি পিৰ ২ গৰাকী , চি পি আই এমৰ ২ গৰাকী আৰু ১ গৰাকী আৰ এল ডি বিধায়ক আছে ৷ বিজেপিয়ে সুভাষ চন্দ্ৰৰ বাবে প্ৰয়োজনীয় বাকী ১১ টা ভোট নিৰ্দলীয় বিধায়কৰ পৰা লাভ কৰিব বুলি আশা কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.