কৃষকে কিদৰে বাধ্য কৰাই আহিছে চৰকাৰক?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্রমোদীয়ে অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলৰ ওচৰত নমস্কাৰ জনাই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই ১৯ নৱেম্বৰত দেশবাসীৰ সন্মুখত এই কথা ঘোষণা কৰে।যোৱা ৭ বছৰত এইটোৱেই প্ৰথম যে নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আইন প্ৰত্যাহাৰ কৰিছে বা তেওঁৰ সিদ্ধান্ত সলনি কৰিছেছে।যোৱা ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে প্ৰতিবাদী কৃষকসকলৰ সন্মুখত শিৰণত কৰাৰ পূৰ্বে যোৱা ১১৫ বছৰত তিনিবাৰকৈ প্ৰতিবাদী কৃষকৰ ওচৰত মূৰ দুৱাবলৈ বাধ্য হৈছিল কেন্দ্ৰীয় চৰকাৰ।ব্ৰিটিছৰ পৰা প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈকে সকলোৱে তিনিবাৰকৈ আঁঠু লবলৈ বাধ্য হৈছিল কৃষকৰ প্ৰতিবাদৰ ওচৰত।অৱশ্যে এই আন্দোলন তিনিটাৰ ভিতৰত বৰ্তমানৰ আন্দোলনটোৱেই আটাইতকৈ দীঘলীয়া যি আইন প্ৰত্যাহাৰৰ ঘোষণাৰ পাছতো অব্যাহত আছেছে।১৯০৭ চনত শ্বহীদ ভগত সিঙৰ খুৰাক অজিত সিঙৰ ‘পাগুৰি চম্ভাল জট্টা’ আন্দোলনৰ উপৰিও ছাৰ ছোটুৰাম আৰু মহেন্দ্ৰ সিং টিকাইতে তদানীন্তন চৰকাৰসমূহক কৃষি সম্পৰ্কীয় আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছিল।

চন ১৯০৭।ব্ৰিটিছ চৰকাৰে আনিছিল তিনিখন কৃষি আইন।এই আইনকেইখনৰ অধীনত কৃষকসকলৰ মাটি জব্দ হোৱাৰ সম্ভাৱনা আছিল।তেতিয়া কৃষকসকলে এই পঞ্জাৱ ঔপনিবেশীকৰণ আইনৰ বিৰুদ্ধে সংগঠিত কৰিলে আন্দোলন।আৰু এই আন্দোলনৰ নেতৃত্ব লৈছিল শ্বহীদ ভগৎ সিঙৰ খুৰাক অজিত সিঙে।এই আইনৰ বিৰুদ্ধে পঞ্জাৱত সৰ্বমুঠ ৩৩ খন বিশাল ৰাজহুৱা সভা হৈছিল আৰু ইয়াৰে ১৯ খন সভাত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰিছিল অজিত সিঙে।এই সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল কংগ্ৰেছৰ জেষ্ঠ্য নেতা লালা ৰাজপত ৰায়কো।ব্ৰিটিছৰ আশংকা হ’ল যে এই আন্দোলনৰ বাবে পুলিচত ভৰ্তি হোৱা কৃষকসকলৰ সন্তান ব্ৰিটিছৰ বিৰুদ্ধে থিয় হ’ব পাৰে।পঞ্জাৱৰ লেফটেনেণ্ট গবৰ্ণৰেও এই আশংকা ব্যক্ত কৰে।ইয়াৰ পাছতে ব্ৰিটিছ চৰকাৰে বাতিল কৰিবলৈ বাধ্য হয় তিনি ঔপনিবেশিক কৃষি আইন।আৰু লগে লগে আন্দোলনৰ নেতৃত্ব লোৱা অজিত সিং আৰু লালা ৰাজপত ৰায়ত ৬ মাহৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে ব্ৰিটিছ চৰকাৰে।১৯০৭ চনৰে ১১ নৱেম্বৰত দুয়োৱে কাৰাগৰৰ মুক্তি লাভ কৰে।
দ্বিতীয়টো কৃষক আন্দোলন সংঘটিত হৈছিল দীনবন্ধু চৌধুৰী চৰ ছোটুৰামৰ নেতৃত্বত।তেওঁৰ নেতৃত্বত হোৱা আন্দোলনে লাভ কৰিছিল ব্যাপক সফলতা।ব্ৰিটিছ চৰকাৰৰ পৰা আজুৰি আনিবলৈ সক্ষম হৈছিল কৃষকৰ বহু অধিকাৰ। ব্ৰিটিছে প্ৰণয়ন কৰিব লগা হৈছিল মহাজনীন পঞ্জীকৰণ আইন।যি আইন অনুসৰি কোনো মহাজনে বিনা পঞ্জীয়নত কাকো দিব নোৱাৰিব ঋণ।নোৱাৰিব আদালতত কৃষকৰ বিৰুদ্ধে তৰিব মোকৰ্দমা।
তেওঁৰ নেতৃত্বত হোৱা আন্দোলনৰ বাবেই ব্ৰিটিছে প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল বন্ধকী মাটি বিনামূলীয়াকৈ ঘূৰাই পোৱাৰ আইন,ঋণ ৰেহাই অধিনিয়ম।যি আইন অনুসৰি যদি ঋণৰ টকা দুগুণ ঘূৰাই দিয়া হৈছে তেনেহ’লে তাক ঋণ মুক্ত বুলি কোৱা হৈছিল।আৰু প্ৰণয়ন হৈছিল এনে বহু কৃষকৰ বাবে উপকাৰী আইন।
তৃতীয়টো কৃষক আন্দোলন সংঘটিত হৈছিল ১৯৮৮ চনৰ ২৫ অক্টোবৰত।এই আন্দোলনৰ নেতৃত্বত আছিল মহেন্দ্ৰ সিং টিকাইট।মহেন্দ্ৰ সিং টিকাইটৰ নেতৃত্বত যদিও বহু আন্দোলন হৈছিল,তাৰ ভিতৰত এটা আন্দোলনে কঁপাই তুলিছিল দিল্লীৰ মচনদ।১৯৮৮ চনৰ ২৫ অক্টোবৰত টিকাইটে দিল্লীত অনুষ্ঠিত কৰিলে কৃষক মহাপঞ্চায়তৰ।যত অংশগ্ৰহণ কৰিছিল ১৪ খন ৰাজ্যৰ কৃষকে।প্ৰায় ৫ লাখ কৃষকে বিজয় চকৰ পৰা ইণ্ডিয়া গেটলৈকে আগুৰি ধৰিলে।৭ দিন ধৰি চলা এই কৃষক আন্দোলনৰ সন্মুখত অৱশেষত নতশিৰ কৰিবলৈ বাধ্য হৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।
আৰু তাৰ পৰবৰ্তী সময়ত তিনি কৃষি আইনৰ বিৰুদ্ধে ২০২০ চনত আৰম্ভ হৈ প্ৰায় ১৮ মাহ ধৰি চলা কৃষক আন্দোলনৰ সন্মুখত হেয় মানিবলৈ বাধ্য হ’ল কেন্দ্ৰৰ নৰেন্দ্রমোদী চৰকাৰ।যি আন্দোলনে প্ৰথমবাৰলৈ নৰেন্দ্ৰ মোদীক নিজা সিদ্ধান্ত উঠাই লবলৈ বাধ্য কৰিলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.