সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিন্দুত্বৰ ৰাজনীতিৰ নতুন আইটেম কণী

অসম বিধানসভাত গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক উত্থাপন হ’ল ৷ মাত্ৰ কেইটামান মাহৰ পূৰ্বে গৃহীত হোৱা বিধেয়কখন সংশোধনী কৰিবলগীয়া হোৱাটো ৰাজ্য চৰকাৰখনৰ অ পৰিনামদৰ্শিতাৰ চূড়ান্ত নিদৰ্শন ৷ বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই যে গো মাংস নিষিদ্ধ কৰি হিন্দুত্ববাদৰ ৰাজনীতিক নতুন মাত্ৰা দিবৰ বাবেই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই আইনখন ততাতৈয়াকৈ গৃহীত কৰাত গুৰুত্ব আৰোপ কৰিছিল ৷ নি: সন্দেহে গো মাংস নিষিদ্ধ কৰি তেও ভোটৰ ৰাজনীতিত বিপুল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু এইবাৰ কেৱল গো মাংসই নহয় , গেৰুৱা ৰাজনীতিৰ নতুন উপকৰণ হৈ উঠিছে কণী অথবা ডিম ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ পৰাই আৰম্ভ হৈছে ইয়াৰ সম্পৰীক্ষা ৷ সেইবাবেই গুজৰাটৰ বদোদৰা , আহমেদাবাদ , সুৰাতসহ কেবাটাও অঞ্চলত আমিষ আহাৰৰ মুকলি প্ৰদৰ্শন বা বিক্ৰী নিষিদ্ধ কৰা হৈছে ৷স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি পথৰ দাতিত কোনো আমিষ আহাৰ মুকলিকৈ প্ৰদৰ্শন কৰিব নোৱাৰিব ৷ এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ প্ৰতি সন্ধিয়া পৌৰ কৰ্মীসকল অভিযানত নামি পৰে ৷ পথৰ দাতিৰ কণী বিক্ৰেতাৰ পৰা শ শ ডিমৰ ট্ৰে বাজেয়াপ্ত কৰা হয় ৷ প্ৰতিবাদত বিক্ৰেতাসকল দাৰস্থ হ’ল উচ্চ ন্যায়ালয়ৰ ৷ ন্যায়ালয়ে পৌৰসভাক ভৎৰ্সনা কৰি কৈছে যে আমি কি খাম সেইটোও কি পৌৰসভাই ঠিক কৰি দিব নেকি ? কাইলৈ আমি ঘৰত কি খাম সেয়াও কি আপোনালোকে ঠিক কৰি দিব ? ন্যায়ালয়ৰ এই ভৎৰ্সনাৰ পাছতো কনীক লৈ আৰম্ভ হোৱা ৰাজনীতিৰ ইতি পৰাৰ কোনো সম্ভৱনা নাই ৷ গেৰুৱা ৰাজনীতিৰ নতুন আইটেমবিধ সমগ্ৰ দেশতে প্ৰয়োগৰ অপেক্ষাত আছে গেৰুৱা শিবিৰ ৷ইতিমধ্যে মধ্যপ্ৰদেশৰ বিজেপি নেতা গোপাল ভাৰ্গৱে ঘোষনা কৰিছে যে শিশুসকলে নিয়মীয়াকৈ কণী খালে ভৱিষ্যতে নৰখাদক হৈ উঠিব পাৰে ৷ সেইবাবেই মিড ডে মিলৰ পৰা কণী প্ৰত্যাহাৰ কৰা উচিত ৷উত্তৰ প্ৰদেশতো সকলো আমিষ আহাৰৰ বিৰুদ্ধে অঘোষিত যুদ্ধত নামি পৰিছে যোগী প্ৰশাসন আৰু গো ৰক্ষা বাহিনী ৷ আমিষ – নিৰামিষৰ ৰাজনীতিৰ আচল উদ্দেশ্য এটাই ৷ হিন্দুত্ববাদী মহলে হিন্দি – হিন্দু বলয়ৰ পৰা বৃহত্তৰ ভাৰতত আধিপত্য বিস্তাৰ অভিযান আৰম্ভ কৰিব বিচাৰিছে ৷ আধিপত্য বিস্তাৰৰ প্ৰধান অস্ত্ৰ হৈ উঠিছে খাদ্যাভাষ ৷ বিজেপিয়ে ভালদৰে জানে যে খাদ্যাভাষৰ জড়িয়তে মানুহৰ মানসিক মেৰুকৰণ সম্ভৱ ৷ গো মাংসক লৈ কৰা ৰাজনীতি সফল হোৱাৰ পাছত এইবাৰ আমিষ – নিৰামিষৰ বিভেদেৰে অধিক উগ্ৰ ৰূপত হিন্দুত্ববাদৰ প্ৰসাৰ কৰিব বিচৰা হৈছে ৷ এই নতুন ৰূপৰ ৰাজনীতিৰ নতুন আইটেম হিচাপে তুলি ধৰা হৈছে কণীক ৷ কনী নিষিদ্ধ কৰাৰ সমৰ্থকসকলে ক’ব বিচাৰে যে মুকলিকৈ কণী বিক্ৰী হৈ থকা দেখিলে ধৰ্মপ্ৰান মানুহৰ ভাব আৱেগ আহত হয় ৷ আবেগৰ ৰাজনীতিত বিজেপি কিমান সিদ্ধহস্ত তাক আকৌ এবাৰ বহলাই আলোচনা কৰাৰ প্ৰয়োজন নাই ৷ দুদশক ধৰি দলটোৱে ভাব আৱেগৰ জোৰতেই গুজৰাটৰ ক্ষমতা দখল কৰি আছে ৷ লাহে লাহে সমগ্ৰ দেশজুৰি উগ্ৰ হিন্দুত্ববাদৰ ৰাজনীতি সম্প্ৰসাৰণ কৰিছে ৷এতিয়া নিৰামিষভোজীৰ ভাবাবেগৰ দোহাই দি কণী নিষিদ্ধ কৰিলেও ইয়াৰ মূল লক্ষ্য হৈছে আমিষভোজী সংখ্যালঘুসকলক আতংকগ্ৰস্থ কৰি ৰখা ৷ সংস্কৃতিৰ সকলো পৰিসৰতে নিজা আধিপত্য বিস্তাৰৰ বাবে সংঘ পৰিয়াল বদ্ধপৰিকৰ হৈ উঠিছে ৷ ইয়াৰ বাবে ইতিহাস , ৰাজনীতি , সংস্কৃতিৰ পৰা ফুটপাথৰ দোকানলৈকে সকলোতে ধৰ্মীয় চেতনাক টানি আনিবলৈ তেওলোকে কুণ্ঠাবোধ কৰা নাই ৷ কণীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাও আগ্ৰাসী হিন্দুত্ববাদৰেই নতুন ৰূপ ৷

Leave A Reply

Your email address will not be published.