হিন্দুত্বৰ ৰাজনীতিৰ নতুন আইটেম কণী

Share This Article

অসম বিধানসভাত গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক উত্থাপন হ’ল ৷ মাত্ৰ কেইটামান মাহৰ পূৰ্বে গৃহীত হোৱা বিধেয়কখন সংশোধনী কৰিবলগীয়া হোৱাটো ৰাজ্য চৰকাৰখনৰ অ পৰিনামদৰ্শিতাৰ চূড়ান্ত নিদৰ্শন ৷ বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই যে গো মাংস নিষিদ্ধ কৰি হিন্দুত্ববাদৰ ৰাজনীতিক নতুন মাত্ৰা দিবৰ বাবেই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই আইনখন ততাতৈয়াকৈ গৃহীত কৰাত গুৰুত্ব আৰোপ কৰিছিল ৷ নি: সন্দেহে গো মাংস নিষিদ্ধ কৰি তেও ভোটৰ ৰাজনীতিত বিপুল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু এইবাৰ কেৱল গো মাংসই নহয় , গেৰুৱা ৰাজনীতিৰ নতুন উপকৰণ হৈ উঠিছে কণী অথবা ডিম ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটৰ পৰাই আৰম্ভ হৈছে ইয়াৰ সম্পৰীক্ষা ৷ সেইবাবেই গুজৰাটৰ বদোদৰা , আহমেদাবাদ , সুৰাতসহ কেবাটাও অঞ্চলত আমিষ আহাৰৰ মুকলি প্ৰদৰ্শন বা বিক্ৰী নিষিদ্ধ কৰা হৈছে ৷স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি পথৰ দাতিত কোনো আমিষ আহাৰ মুকলিকৈ প্ৰদৰ্শন কৰিব নোৱাৰিব ৷ এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ প্ৰতি সন্ধিয়া পৌৰ কৰ্মীসকল অভিযানত নামি পৰে ৷ পথৰ দাতিৰ কণী বিক্ৰেতাৰ পৰা শ শ ডিমৰ ট্ৰে বাজেয়াপ্ত কৰা হয় ৷ প্ৰতিবাদত বিক্ৰেতাসকল দাৰস্থ হ’ল উচ্চ ন্যায়ালয়ৰ ৷ ন্যায়ালয়ে পৌৰসভাক ভৎৰ্সনা কৰি কৈছে যে আমি কি খাম সেইটোও কি পৌৰসভাই ঠিক কৰি দিব নেকি ? কাইলৈ আমি ঘৰত কি খাম সেয়াও কি আপোনালোকে ঠিক কৰি দিব ? ন্যায়ালয়ৰ এই ভৎৰ্সনাৰ পাছতো কনীক লৈ আৰম্ভ হোৱা ৰাজনীতিৰ ইতি পৰাৰ কোনো সম্ভৱনা নাই ৷ গেৰুৱা ৰাজনীতিৰ নতুন আইটেমবিধ সমগ্ৰ দেশতে প্ৰয়োগৰ অপেক্ষাত আছে গেৰুৱা শিবিৰ ৷ইতিমধ্যে মধ্যপ্ৰদেশৰ বিজেপি নেতা গোপাল ভাৰ্গৱে ঘোষনা কৰিছে যে শিশুসকলে নিয়মীয়াকৈ কণী খালে ভৱিষ্যতে নৰখাদক হৈ উঠিব পাৰে ৷ সেইবাবেই মিড ডে মিলৰ পৰা কণী প্ৰত্যাহাৰ কৰা উচিত ৷উত্তৰ প্ৰদেশতো সকলো আমিষ আহাৰৰ বিৰুদ্ধে অঘোষিত যুদ্ধত নামি পৰিছে যোগী প্ৰশাসন আৰু গো ৰক্ষা বাহিনী ৷ আমিষ – নিৰামিষৰ ৰাজনীতিৰ আচল উদ্দেশ্য এটাই ৷ হিন্দুত্ববাদী মহলে হিন্দি – হিন্দু বলয়ৰ পৰা বৃহত্তৰ ভাৰতত আধিপত্য বিস্তাৰ অভিযান আৰম্ভ কৰিব বিচাৰিছে ৷ আধিপত্য বিস্তাৰৰ প্ৰধান অস্ত্ৰ হৈ উঠিছে খাদ্যাভাষ ৷ বিজেপিয়ে ভালদৰে জানে যে খাদ্যাভাষৰ জড়িয়তে মানুহৰ মানসিক মেৰুকৰণ সম্ভৱ ৷ গো মাংসক লৈ কৰা ৰাজনীতি সফল হোৱাৰ পাছত এইবাৰ আমিষ – নিৰামিষৰ বিভেদেৰে অধিক উগ্ৰ ৰূপত হিন্দুত্ববাদৰ প্ৰসাৰ কৰিব বিচৰা হৈছে ৷ এই নতুন ৰূপৰ ৰাজনীতিৰ নতুন আইটেম হিচাপে তুলি ধৰা হৈছে কণীক ৷ কনী নিষিদ্ধ কৰাৰ সমৰ্থকসকলে ক’ব বিচাৰে যে মুকলিকৈ কণী বিক্ৰী হৈ থকা দেখিলে ধৰ্মপ্ৰান মানুহৰ ভাব আৱেগ আহত হয় ৷ আবেগৰ ৰাজনীতিত বিজেপি কিমান সিদ্ধহস্ত তাক আকৌ এবাৰ বহলাই আলোচনা কৰাৰ প্ৰয়োজন নাই ৷ দুদশক ধৰি দলটোৱে ভাব আৱেগৰ জোৰতেই গুজৰাটৰ ক্ষমতা দখল কৰি আছে ৷ লাহে লাহে সমগ্ৰ দেশজুৰি উগ্ৰ হিন্দুত্ববাদৰ ৰাজনীতি সম্প্ৰসাৰণ কৰিছে ৷এতিয়া নিৰামিষভোজীৰ ভাবাবেগৰ দোহাই দি কণী নিষিদ্ধ কৰিলেও ইয়াৰ মূল লক্ষ্য হৈছে আমিষভোজী সংখ্যালঘুসকলক আতংকগ্ৰস্থ কৰি ৰখা ৷ সংস্কৃতিৰ সকলো পৰিসৰতে নিজা আধিপত্য বিস্তাৰৰ বাবে সংঘ পৰিয়াল বদ্ধপৰিকৰ হৈ উঠিছে ৷ ইয়াৰ বাবে ইতিহাস , ৰাজনীতি , সংস্কৃতিৰ পৰা ফুটপাথৰ দোকানলৈকে সকলোতে ধৰ্মীয় চেতনাক টানি আনিবলৈ তেওলোকে কুণ্ঠাবোধ কৰা নাই ৷ কণীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাও আগ্ৰাসী হিন্দুত্ববাদৰেই নতুন ৰূপ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.