সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পানামা পেপার্চ কি?

পানামা পেপাৰ্চত নাম অন্তৰ্ভুক্ত হৈ আছে অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়,অজয় দেৱগন,বিজয় মালিয়া,সাংবাদিক কৰণ থাপৰ, চীনৰ প্ৰধানমন্ত্ৰী চি জিন পিং, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আদি বহুতৰে।কিন্তু কি এই পনামা পেপাৰ?পনামা পেঁপাৰত এনে কি আছে যে যাৰ বাবে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হৈছিল?দেশ-বিদেশৰ কোন কোন ডাঙৰ মানুহৰ নাম ইয়াত চামিল হৈ আছে? অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ বিৰুদ্ধে কি অভিযোগ আছে?
পনামা পেপাৰ্চ সম্পৰ্কত বলিউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক ২০ ডিচেম্বৰত ইডিয়ে ৭ ঘণ্টা ধৰি সোধা-পোছা কৰে।ঐশ্বৰ্য ৰায়ক তেওঁৰ কোম্পানী আৰু বেংক একাউণ্টৰ বিষয়েও প্ৰশ্ন কৰিছিল ED য়ে।অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক পনামা পেপাৰছ লিক গোচৰত এই জেৰা কৰা হৈছিল।
পানামা পেপাৰছ লিক হৈছিল ২০১৬ চনত।এই গোচৰত নাম সাঙোৰ খাই পৰিছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ।নৱাজ শ্বৰীফে গোচৰটোত তেওঁৰ নাম সাঙোৰ খাই পৰাত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিব লগা হৈছিল। পনামা পেপাৰছত প্ৰায় ৫০০ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হৈ আছে। অনুমান কৰা হৈছে যে অমিতাভ বচ্চনকে ধৰি আন বহুতো ডাঙৰ মানুহৰ নামো এই গোচৰটোত ইডিৰ লক্ষ্য হ’ব পাৰে।
এতিয়া জানো আহক পানামা পেপাৰছ কি?
জেইটুং নামৰ এখন জাৰ্মান বাতৰি কাকত আছে।সেই বাতৰি কাকতখনে মোচাক ফনচেকা নামৰ এটা কোম্পানীৰ পৰা ১.১৫ কোটিতকৈও অধিক লিক ডকুমেণ্ট লাভ কৰিছিল।
বাতৰি কাকতখনে এই সকলো নথিপত্ৰ ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নেলিষ্টৰ সৈতে ভাগ বতৰা কৰিছিল।ইণ্টাৰনেচনেল কনচৰ্টিয়াম অৱ ইনভেষ্টিগেটিভ জাৰ্নেলিষ্ট অৰ্থাৎ ICIJ হৈছে সমগ্ৰ বিশ্বৰ সাংবাদিক আৰু মিডিয়া হাউচৰ এটা প্ৰতিষ্ঠান। আই.চি.আই.জে.-য়ে এই নথিপত্ৰবোৰ সমগ্ৰ বিশ্বৰ মিডিয়া প্ৰতিষ্ঠানবোৰৰ সৈতে ভাগ-বতৰা কৰিছিল যিবোৰ দীৰ্ঘদিন ধৰি অনুসন্ধান কৰা হৈছিল। যিহেতু মোচাক ফনচেকা কোম্পানী পনামাত পঞ্জীয়ন কৰা হৈছিল সেয়ে এই নথিপত্ৰবোৰক পনামা পেপাৰ বুলি কোৱা হয়।
এই কাকতবোৰে কি প্ৰকাশ কৰিছিল?
এই কাকতবোৰত সংশ্লিষ্ট ব্যক্তিসকলৰ সৈতে সম্পৰ্কিত বিত্তীয় তথ্য আৰু অবৈধ লেনদেনৰ ৰেকৰ্ড অন্তৰ্ভুক্ত হৈ আছে।ইয়াত সন্নিবিষ্ট হৈ থকা লোকসকলে কৰ ফাঁকি আৰু অন্যান্য বিত্তীয় লেনদেনৰ সৈতে সম্পৰ্কিত সীমাবদ্ধতা পৰিহাৰ কৰিবলৈ অফশ্বৰ কোম্পানীবোৰত অবৈধ বিনিয়োগ কৰিছিল।এই কোম্পানীসমূহ এনেকুৱা দেশত খোলা হৈছিল যত টেক্স কমকৈ দিব লাগে। অৰ্থাৎ, কোম্পানীবোৰৰ মালিকীস্বত্ব আৰু লেনদেনৰ ওপৰত কোনো ধৰা বন্ধা কৰ নাই।পৃথিৱীৰ বিভিন্ন দেশ যেনে হংকং,ছিংগাপুৰ, পনামা,চুইজাৰলেণ্ড আদি দেশত এনে কম্পেনীসমূহ অৱস্থিত।
মোচাক ফনচেকা নামৰ কোম্পেনীটোৱে কি কৰিছিল?
মোচাক ফনচেকা এটা পনামা আইন কোম্পানী আছিল। সৰল ভাষাত, যদি আপোনাৰ ওচৰত যথেষ্ট ধন আছে,এই কোম্পানীয়ে আপোনাৰ ধন সুৰক্ষিতভাৱে ৰখাত সহায় কৰে। ই আপোনাৰ নামত এটা ভুৱা অফশ্বৰ কোম্পানী খোলে। অফশ্বৰ কোম্পানীসমূহ হৈছে সেইসমূহ যি আন এখন দেশত পঞ্জীয়নভুক্ত আৰু আন এখন দেশত ব্যৱসায় কৰে।
এনে ধৰণৰ বেছিভাগ কোম্পানী বেনামী। সেইবোৰৰ গৰাকী কোন,কাৰ ধন ব্যৱহাৰ কৰা হয়,এই সকলোবোৰ গোপনে ৰখা হয়। অৰ্থাৎ, আপুনি মোচাক ফনচেকাক মাচুল পৰিশোধ কৰে আৰু ই আপোনাৰ নামত গোপন আৰু সহজ কৰ প্ৰণালী থকা দেশবোৰত ভুৱা কোম্পানী গঠন কৰে।
তেন্তে অফশ্বৰ কোম্পানী সৃষ্টি কৰাটো অবৈধ নেকি?এইখিনিতে এই প্ৰশ্ন হব পাৰে।
ব্যৱসায়ৰ বাবে অফশ্বৰ কোম্পানী সৃষ্টি কৰাটো অবৈধ নহয়। কিন্তু প্ৰায়ে এনে কোম্পানীবোৰ কৰ ফাঁকি আৰু ধন ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰা হয়। সেয়েহে, যিসকলৰ নাম এই কোম্পানীৰ তালিকাত আছে তেওঁলোক সকলোৰে উদ্দেশ্য একেই হ’ব পাৰে বুলি এতিয়া আশংকা কৰা হৈছে।
কোন কোন ভাৰতীয়ৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে?
ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ মতে, এই তালিকাত 500 ভাৰতীয়, কোম্পানী আৰু ট্ৰাষ্টৰ নাম অন্তৰ্ভুক্ত হৈ আছে।
এই তালিকাত ডাঙৰ নামবোৰৰ ভিতৰত আছে অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, অভিনেতা অজয় দেৱগন, প্ৰখ্যাত অধিবক্তা হৰিশ চালভে, সাংবাদিক কৰণ থাপাৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ পুত্ৰ অভিষেক সিং, ডিএলএফৰ প্ৰচাৰক কেপি সিং, ইণ্ডিয়াবুলছৰ সমীৰ গেহলট, গৌতম আদানিৰ জ্যেষ্ঠ ভাতৃ বিনোদ আদানি, আণ্ডাৰৱৰ্ল্ড গেংষ্টাৰ ইকবাল মিৰ্চি, ব্যৱসায়ী শিশিৰ কে বাজোৰিয়া,ৰেডিমেড কাপোৰ ব্যৱসায়ী সতীশ গোবিন্দ চমতানি,বাৰ্কলে অটোমোবাইলৰ ৰঞ্জিত দাহুজা,প্ৰাক্তন এটৰ্নি জেনেৰেল ছলি সোৰাবজীৰ পুত্ৰ কপিল চান গোৱেল আৰু জাহাংগীৰ এছ সোৰাবজীৰ নাম অন্তৰ্ভুক্ত হৈ আছে।
এই তালিকাতে নাম অন্তৰ্ভুক্ত হৈ আছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, গল্ফ খেলুৱৈ টাইগাৰ উডছ, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু বেনজীৰ ভুট্টো, চৌদি আৰৱৰ ৰজা ছলমান বিন আব্দুল আজিজ আল চাউদ, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনৰ পিতৃ, বিখ্যাত ফুটবলাৰ লিঅনেল মেছি, হলিউড তাৰকা জেকি চেন, ইজিপ্তৰ প্ৰাক্তন একনায়ক হোছনি মুবাৰক, লিবিয়াৰ প্ৰাক্তন একনায়ক মুয়াম্মাৰ গাদ্দাফি, চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদ, বিখ্যাত ফৰাচী ফুটবলাৰ মাইকেল প্লাটিনিৰ।
অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ বিৰুদ্ধে অভিযোগ কি?
অমিতাভ বচ্চনক ১৯৯৩ চনত কৰ হেভেন যত কৰ কাটলৰ কোনো ধৰা বন্ধা নিয়ম নাই,তেনেকুৱা দেশত গঠন কৰা চাৰিটা শ্বেল কোম্পানীৰ সঞ্চালক কৰা হৈছিল। এই কোম্পানীবোৰৰ কৰ্তৃত্বপ্ৰাপ্ত মূলধন আছিল 5,000 ৰ পৰা 50,000 ডলাৰৰ ভিতৰত, কিন্তু এই কোম্পানীবোৰে কোটি কোটি টকাৰ জাহাজ ব্যৱসায় কৰি আছিল।ঐশ্বৰ্য ৰায়ক অমিক পাৰ্টনাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ সঞ্চালক কৰা হৈছিল। পিছত তেওঁক কোম্পানীৰ অংশীদাৰ কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় টেক্স হেভেন দেশ ভাৰ্জিন দ্বীপপুঞ্জত আছিল। ঐশ্বৰ্যৰ উপৰিও, দেউতাক কে ৰায়, মাতৃ বৃন্দা ৰায় আৰু ভাতৃ আদিত্য ৰায়ও কোম্পানীটোত ঐশ্বৰ্য ৰায়ৰ সহযোগী হয়। 2005 চনত গঠন হোৱা, কোম্পানীটো 3 বছৰৰ পিছত অৰ্থাৎ 2008 চনত বন্ধ হৈ পৰে।এতিয়া অভিযোগ কৰা হৈছে যে কৰ বচাবলৈ এই শ্বেল কোম্পানী গঠন কৰা হৈছিল।
ভাৰতত এই বিষয়টোৰ তদন্ত বৰ্তমান কি পৰ্য্যায়ত আছে?
পনামা পেপাৰ্চ গোচৰত ভাৰতীয়সকলৰ নাম পোহৰলৈ অহাৰ পিছত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ অৰ্থাৎ চিবিডিটিয়ে পনামা কাকতৰ অনুসন্ধান আৰম্ভ কৰিছিল। চিবিডিটিয়ে তেওঁলোকৰ সঁহাৰি বিচাৰি কেইবাজনো লোকলৈ আইনী জাননী প্ৰেৰণ কৰিছিল।জুন 2021 লৈকে, চিবিডিটিয়ে গোচৰটোত মুঠ 20,078 কোটি টকাৰ অজ্ঞাত সম্পত্তি চিনাক্ত কৰিছিল। লগতে, ক’লা ধন আইন আৰু আয়কৰ আইনৰ অধীনত বিভিন্ন আদালতত 46 টা গোচৰ ৰুজু কৰিছে।
ইয়াৰ পূৰ্বে, এপ্ৰিল 2018-ৰ ভিতৰত, চিবিডিটিয়ে জুন 2019 লৈকে 1,088 কোটি টকা আৰু 1,564 কোটি টকাৰ অঘোষিত সম্পত্তি চিনাক্ত কৰিছিল।
এই গোচৰৰ বাবে কোন কোন প্ৰধানমন্ত্ৰীয়ে নিজৰ চকী হেৰুৱালে?
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ নামো অন্তৰ্ভুক্ত হৈ আছে পানামা পেপাৰছত। নৱাজ শ্বৰীফৰ পুত্ৰ হুছেইন আৰু হাছান আৰু জীয়ৰী মৰিয়ম নাৱাজে ভাৰ্জিন আইলেণ্ডত চাৰিটা কোম্পানী আৰম্ভ কৰিছিল। লণ্ডনৰ এই কোম্পানীবোৰৰ পৰা ছয়টা ডাঙৰ সম্পত্তি ক্ৰয় কৰা হৈছিল। শ্বৰীফ পৰিয়ালে এই সম্পত্তিবোৰ বন্ধকত ৰাখিছিল আৰু ডয়চে বেংকৰ পৰা প্ৰায় ৭০ কোটি টকাৰ ঋণ লৈছিল।পনামা পেপাৰছত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত গোচৰটোৰ তদন্তৰ বাবে এটা যুটীয়া অনুসন্ধানকাৰী দল (জেআইটি) গঠন কৰা হৈছিল। জেআইটিয়ে তদন্তৰ পিছত ২০১৭ চনৰ 10 জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। নৱাজ শ্বৰীফক উচ্চতম ন্যায়ালয়ে 28 জুলাই, 2017 তাৰিখে দোষী সাব্যস্ত কৰিছিল। আদালতে শ্বৰীফৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী পদৰ বাবে শ্বৰীফক অযোগ্য ঘোষণা কৰাৰ নিৰ্দেশ দিছিল।আৰু শ্বৰীফক ৬ জুলাই, ২০১৮ ত ১০ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।
উল্লেখযোগ্য যে পানামা গোচৰত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী চিংমণ্ডাৰ গুনলাউগছনেও পদৰ পৰা পদত্যাগ কৰিব লগা হৈছিল।

Leave A Reply

Your email address will not be published.