Paytm নহয় কৰ্ণাটকত জনপ্ৰিয় PayCM !
কামৰ বাবে ৪০ % কমিশ্যন বিচাৰে কৰ্ণাটকৰ মন্ত্ৰীয়ে
দুৰ্নীতি উদঙাই কংগ্ৰেছৰ PayCM অভিযান আৰম্ভ
- Donation -
Paytm নহয় Pay CM ৰ বিজ্ঞাপন বাংগালুৰুত
পে’ চিএম ,হয় ঠিকেই শুনিছে,পে’ টিএম নহয় পে’ চিএমৰ প’ষ্টাৰ এতিয়া বাংগালুৰুৰ ৰাস্তাই ঘাটে৷
নেলামনগালাত অৱস্থিত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ পথত দাঁতিৰ বেৰত ‘পে চিম’ বুলি লিখা প’ষ্টাৰ য’তেত’তে অঁৰা হৈছে৷
বাংগালুৰুত ‘পে’ চিম’ৰ প’ষ্টাৰ লগোৱাত নেতৃত্ব লোৱা বি আৰ নাইডুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷
বি আৰ নাইডু হ’ল কৰ্ণাটক কংগ্ৰেছৰ আই টি শ্বেলৰ মূৰব্বী ৷
পে’ চিএম কিউ আৰ ক’ডটোত মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইৰ এখন আলোকচিত্ৰ সংলগ্ন কৰা হৈছে আৰু তাত ক্লিক কৰিলে এটা ৱেবছাইট খোল খায় ৷
উক্ত ৱেবছাইটত ৪০% চৰকাৰৰ বুলি উল্লেখ আছে৷
কংগ্ৰেছ দলে এই পে’ চিএমৰ যোগেদি ৰাজহুৱা কামৰ বাবে বিজেপি চৰকাৰে ৪০% কমিশ্যন দাবী কৰা বুলি উল্লেখ কৰিছে৷
এই ৱেবচাইটটো কংগ্ৰেছে আজি অলপ দিনৰ আগতে মুকলি কৰিছিল
২০২৩ বৰ্ষৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছ দলে ঠিকাদাৰ সন্তোষ পাটিলৰ আত্মহত্যাৰ প্ৰসংগটো ইছ্যু হিচাপে লৈছে ৷
উল্লেখযোগ্য যে ঠিকাদাৰ পাটিলে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী কে এছ এছৱৰাপ্পাই প্ৰতিটো কামত ৪০% কমিছন সংগ্ৰহ কৰিছিল বুলি আত্মহত্যাৰ টোকাত উল্লেখ কৰিছিল৷
বিজেপিৰ ৰাজ্যিক সভাপতি নলীন কুমাৰ কাটীলে কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰিছে আৰু ই কৰ্ণাটকৰ লগতে মুখ্যমন্ত্ৰী বম্মাইকো মানহানি কৰা বুলি উল্লেখ কৰে৷