Paytm নহয় কৰ্ণাটকত জনপ্ৰিয় PayCM !

Share This Article

Paytm নহয় কৰ্ণাটকত জনপ্ৰিয় PayCM !

কামৰ বাবে ৪০ % কমিশ্যন বিচাৰে কৰ্ণাটকৰ মন্ত্ৰীয়ে
দুৰ্নীতি উদঙাই কংগ্ৰেছৰ PayCM অভিযান আৰম্ভ

Paytm নহয় Pay CM ৰ বিজ্ঞাপন বাংগালুৰুত

পে’ চিএম ,হয় ঠিকেই শুনিছে,পে’ টিএম নহয় পে’ চিএমৰ প’ষ্টাৰ এতিয়া বাংগালুৰুৰ ৰাস্তাই ঘাটে৷

নেলামনগালাত অৱস্থিত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ পথত দাঁতিৰ বেৰত ‘পে চিম’ বুলি লিখা প’ষ্টাৰ য’তেত’তে অঁৰা হৈছে৷

বাংগালুৰুত ‘পে’ চিম’ৰ প’ষ্টাৰ লগোৱাত নেতৃত্ব লোৱা বি আৰ নাইডুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

বি আৰ নাইডু হ’ল কৰ্ণাটক কংগ্ৰেছৰ আই টি শ্বেলৰ মূৰব্বী ৷

পে’ চিএম কিউ আৰ ক’ডটোত মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইৰ এখন আলোকচিত্ৰ সংলগ্ন কৰা হৈছে আৰু তাত ক্লিক কৰিলে এটা ৱেবছাইট খোল খায় ৷

উক্ত ৱেবছাইটত ৪০% চৰকাৰৰ বুলি উল্লেখ আছে৷

কংগ্ৰেছ দলে এই পে’ চিএমৰ যোগেদি ৰাজহুৱা কামৰ বাবে বিজেপি চৰকাৰে ৪০% কমিশ্যন দাবী কৰা বুলি উল্লেখ কৰিছে৷

এই ৱেবচাইটটো কংগ্ৰেছে আজি অলপ দিনৰ আগতে মুকলি কৰিছিল
২০২৩ বৰ্ষৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছ দলে ঠিকাদাৰ সন্তোষ পাটিলৰ আত্মহত্যাৰ প্ৰসংগটো ইছ্যু হিচাপে লৈছে ৷

উল্লেখযোগ্য যে ঠিকাদাৰ পাটিলে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী কে এছ এছৱৰাপ্পাই প্ৰতিটো কামত ৪০% কমিছন সংগ্ৰহ কৰিছিল বুলি আত্মহত্যাৰ টোকাত উল্লেখ কৰিছিল৷

বিজেপিৰ ৰাজ্যিক সভাপতি নলীন কুমাৰ কাটীলে কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰিছে আৰু ই কৰ্ণাটকৰ লগতে মুখ্যমন্ত্ৰী বম্মাইকো মানহানি কৰা বুলি উল্লেখ কৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.