সঁচাকৈয়ে দুৰ্বল নেকি ভাৰতীয় মহিলা?

Share This Article

প্ৰসংগ হিজাব । ইৰাণত হিজাৱক লৈ তীব্ৰ প্ৰতিবাদ হিংসাত্মক পৰিস্থিতি । তাৰ মাজতে ভাৰতত হিজাবৰ আন এক প্ৰসংগ । মূল কথা হিজাৱেই । সেই অনুসৰি ভাৰতৰ মহিলাসকল দুৰ্বল মানসিকতাৰ । অৰ্থাৎ ইৰাণৰ মুছলমান মহিলাই যেনেদৰে হিজাবৰ বিৰোধিতা কৰিছে ঠিক তেনেদৰে ভাৰতৰ মহিলাই কৰিব পৰা নাই। এই মন্তব্য কংগ্ৰেছ নেতা উদিত ৰাজৰ।

হিজাবক লৈ এইবাৰ ভাৰতত প্ৰতিক্ৰিয়া

” ভাৰতৰ মহিলাসকল দুৰ্বল মানসিকতাৰ ”

কংগ্ৰেছ নেতা উদিত ৰাজৰ টুইটাৰত হিজাব প্ৰসংগ

ইৰাণৰ মুছলমান মহিলাৰ দৰে ভাৰতীয় মহিলাই কিয় প্ৰতিবাদ কৰিব নোৱাৰে !

‘ইৰাণৰ মহিলাক কিয় ভাৰতৰ মহিলাই সমৰ্থন কৰা নাই ?’

কংগ্ৰেছ নেতা উদিত ৰাজৰ টুইটাৰত প্ৰকাশ পাইছে এই কথা । হিজাবৰ প্ৰসংগত টুইটাৰত তেখেতে ভাৰতৰ মহিলাসকল মানসিকভাৱে দুৰ্বল বুলি উল্লেখ কৰে । লগতে তেখেতে ইৰাণী মহিলাসকলক সাহসী নাৰী বুলি উল্লেখ কৰে । ইৰাণ চৰকাৰে বলপূৰ্বকভাৱে মহিলা সকলক হিজাব পিন্ধিবলৈ বাধ্য কৰালে । কিন্তু মানসিকভাৱে কাকো বাধ্য কৰাব নোৱাৰিলে । এই সকল মহিলা এতিয়া প্ৰতিবাদত । ইয়াৰে ৩১ গৰাকী শ্বহীদ হৈ গৈছে । ভাৰতৰ মহিলা সকল মানসিকভাৱে দুৰ্বল । নিজৰ বাবে কেনেদৰে যুঁজিব। ইৰাণৰ মুছলমান মহিলাসকলকো সমৰ্থন নকৰিলে । এনেদৰে টুইটাৰত হিজাব প্ৰসংগত মন্তব্য ৰাখে কংগ্ৰেছ নেতা উদিত ৰাজে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.