প্ৰসংগ হিজাব । ইৰাণত হিজাৱক লৈ তীব্ৰ প্ৰতিবাদ হিংসাত্মক পৰিস্থিতি । তাৰ মাজতে ভাৰতত হিজাবৰ আন এক প্ৰসংগ । মূল কথা হিজাৱেই । সেই অনুসৰি ভাৰতৰ মহিলাসকল দুৰ্বল মানসিকতাৰ । অৰ্থাৎ ইৰাণৰ মুছলমান মহিলাই যেনেদৰে হিজাবৰ বিৰোধিতা কৰিছে ঠিক তেনেদৰে ভাৰতৰ মহিলাই কৰিব পৰা নাই। এই মন্তব্য কংগ্ৰেছ নেতা উদিত ৰাজৰ।
হিজাবক লৈ এইবাৰ ভাৰতত প্ৰতিক্ৰিয়া
- Donation -
” ভাৰতৰ মহিলাসকল দুৰ্বল মানসিকতাৰ ”
কংগ্ৰেছ নেতা উদিত ৰাজৰ টুইটাৰত হিজাব প্ৰসংগ
ইৰাণৰ মুছলমান মহিলাৰ দৰে ভাৰতীয় মহিলাই কিয় প্ৰতিবাদ কৰিব নোৱাৰে !
‘ইৰাণৰ মহিলাক কিয় ভাৰতৰ মহিলাই সমৰ্থন কৰা নাই ?’
কংগ্ৰেছ নেতা উদিত ৰাজৰ টুইটাৰত প্ৰকাশ পাইছে এই কথা । হিজাবৰ প্ৰসংগত টুইটাৰত তেখেতে ভাৰতৰ মহিলাসকল মানসিকভাৱে দুৰ্বল বুলি উল্লেখ কৰে । লগতে তেখেতে ইৰাণী মহিলাসকলক সাহসী নাৰী বুলি উল্লেখ কৰে । ইৰাণ চৰকাৰে বলপূৰ্বকভাৱে মহিলা সকলক হিজাব পিন্ধিবলৈ বাধ্য কৰালে । কিন্তু মানসিকভাৱে কাকো বাধ্য কৰাব নোৱাৰিলে । এই সকল মহিলা এতিয়া প্ৰতিবাদত । ইয়াৰে ৩১ গৰাকী শ্বহীদ হৈ গৈছে । ভাৰতৰ মহিলা সকল মানসিকভাৱে দুৰ্বল । নিজৰ বাবে কেনেদৰে যুঁজিব। ইৰাণৰ মুছলমান মহিলাসকলকো সমৰ্থন নকৰিলে । এনেদৰে টুইটাৰত হিজাব প্ৰসংগত মন্তব্য ৰাখে কংগ্ৰেছ নেতা উদিত ৰাজে।