সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত পুনৰ সাৰদাৰ পাত লুটিয়াইছে ED এ
সোধপোচৰ বাবে মাতিব প্ৰভাৱশালী ব্যক্তিক কোন এই প্ৰভাৱশালী ব্যক্তি?
পুনৰ দুটা একাউণ্ট জব্দ কৰিছে ED এ  ৮ টা বছৰ পাৰ হৈ গ’ল৷লুইতৰ বুকুৱেদি পাৰ হৈ গ’ল বহুত পানী৷কিন্তু প্ৰায় ২০০০ কোটিটকীয়া
সাৰদা কাণ্ডৰ বিচাৰ সম্পূৰ্ণ নোহোৱাকৈয়ে থাকি গ’ল৷

ED অৰ্থাৎ অপৰাধ অনুসন্ধান শাখাই এজন আৰক্ষী অধীক্ষকৰ দুটাকৈ বেংক একাউণ্ট পুনৰ জব্দ কৰিছে শনিবাৰে ৷
অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ৰজত মজুমদাৰ আছিল সাৰদা গ্ৰুপৰ উপাধ্যক্ষ৷তেওঁ পিছলৈ তৃণমূল কংগ্ৰেছৰ উপ সভাপতি পদতো অধিষ্ঠিত হৈছিল৷

- Donation -

২০১৪ চনতে চিবিআয়ে মজুমদাৰক সাৰদা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷

২০০০ কোটি টকীয়া সাৰদা গোচৰত গ্ৰেপ্তাৰ হোৱা ৰজত মজুমদাৰক শনিবাৰে নিশা পুনৰ সোধাপোচা কৰিছে ইডিয়ে৷

ED ৰ এক সূত্ৰ অনুসৰি আগন্তুক দিনত সংস্থাটোৱে আৰু কেইগৰাকীমান প্ৰভাৱশালী ব্যক্তিক সোধপোচৰ বাবে মাতিব৷
এই প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে কেইবাগৰাকীও বিখ্যাত ৰাজনীতিকৰ নামো৷
অসমৰ প্ৰভাৱশালী ৰাজনীতিকৰ নামো সাঙুৰ খাইছিল এই সাৰদা গোচৰত৷

EDএ এনেকৈ পুনৰবাৰ সাৰদা গোচৰৰ ফাইল খোলাটোক সহজভাৱে লোৱা নাই ৰাজনীতিক মহলে৷
আনহাতে,কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে বিগত ১৮ নবেম্বৰত এক মন্তব্য প্ৰকাশ কৰিছিল যিটোক লৈয়ে ইডিয়ে পুনৰ সাৰদা ফাইল খোলাৰ সিন্ধান্ত লয় বুলি মত প্ৰকাশ কৰিছে বহুতেই৷

পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰটো তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোটৰ সদস্য হিচাপে অশ্বিনী চেনভীক নিযুক্তি দিয়াৰ পিছত ন্যায়াধীশ গংগোপাধ্যায়ে কৈছিল যে এই তদন্তটো যাতে সাৰদা তদন্তৰ দৰে গেঠেলা নামাৰে৷

ন্যায়াধীশ গংগোপাধ্যাৰ উক্ত মন্তব্যৰ পিছতে ইডিয়ে পুনৰ সোধাপোচাৰ বাবে ৰজত মজুমদাৰক মতাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷
উল্লেখ্য যে সাৰদা গ্ৰুপৰ প্ৰতিষ্ঠাতা সুদীপ্ত সেন আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী দেৱযানী মুখাৰ্জী বৰ্তমানো চিবিআইৰ জিম্মাতে আছে৷

Leave A Reply

Your email address will not be published.