পুনৰ আৰম্ভ সাৰদাৰ তদন্ত

Share This Article

পুনৰ আৰম্ভ সাৰদাৰ তদন্ত পুনৰ সাৰদাৰ পাত লুটিয়াইছে ED এ
সোধপোচৰ বাবে মাতিব প্ৰভাৱশালী ব্যক্তিক কোন এই প্ৰভাৱশালী ব্যক্তি?
পুনৰ দুটা একাউণ্ট জব্দ কৰিছে ED এ  ৮ টা বছৰ পাৰ হৈ গ’ল৷লুইতৰ বুকুৱেদি পাৰ হৈ গ’ল বহুত পানী৷কিন্তু প্ৰায় ২০০০ কোটিটকীয়া
সাৰদা কাণ্ডৰ বিচাৰ সম্পূৰ্ণ নোহোৱাকৈয়ে থাকি গ’ল৷

ED অৰ্থাৎ অপৰাধ অনুসন্ধান শাখাই এজন আৰক্ষী অধীক্ষকৰ দুটাকৈ বেংক একাউণ্ট পুনৰ জব্দ কৰিছে শনিবাৰে ৷
অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ৰজত মজুমদাৰ আছিল সাৰদা গ্ৰুপৰ উপাধ্যক্ষ৷তেওঁ পিছলৈ তৃণমূল কংগ্ৰেছৰ উপ সভাপতি পদতো অধিষ্ঠিত হৈছিল৷

২০১৪ চনতে চিবিআয়ে মজুমদাৰক সাৰদা কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷

২০০০ কোটি টকীয়া সাৰদা গোচৰত গ্ৰেপ্তাৰ হোৱা ৰজত মজুমদাৰক শনিবাৰে নিশা পুনৰ সোধাপোচা কৰিছে ইডিয়ে৷

ED ৰ এক সূত্ৰ অনুসৰি আগন্তুক দিনত সংস্থাটোৱে আৰু কেইগৰাকীমান প্ৰভাৱশালী ব্যক্তিক সোধপোচৰ বাবে মাতিব৷
এই প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে কেইবাগৰাকীও বিখ্যাত ৰাজনীতিকৰ নামো৷
অসমৰ প্ৰভাৱশালী ৰাজনীতিকৰ নামো সাঙুৰ খাইছিল এই সাৰদা গোচৰত৷

EDএ এনেকৈ পুনৰবাৰ সাৰদা গোচৰৰ ফাইল খোলাটোক সহজভাৱে লোৱা নাই ৰাজনীতিক মহলে৷
আনহাতে,কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে বিগত ১৮ নবেম্বৰত এক মন্তব্য প্ৰকাশ কৰিছিল যিটোক লৈয়ে ইডিয়ে পুনৰ সাৰদা ফাইল খোলাৰ সিন্ধান্ত লয় বুলি মত প্ৰকাশ কৰিছে বহুতেই৷

পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰটো তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোটৰ সদস্য হিচাপে অশ্বিনী চেনভীক নিযুক্তি দিয়াৰ পিছত ন্যায়াধীশ গংগোপাধ্যায়ে কৈছিল যে এই তদন্তটো যাতে সাৰদা তদন্তৰ দৰে গেঠেলা নামাৰে৷

ন্যায়াধীশ গংগোপাধ্যাৰ উক্ত মন্তব্যৰ পিছতে ইডিয়ে পুনৰ সোধাপোচাৰ বাবে ৰজত মজুমদাৰক মতাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷
উল্লেখ্য যে সাৰদা গ্ৰুপৰ প্ৰতিষ্ঠাতা সুদীপ্ত সেন আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী দেৱযানী মুখাৰ্জী বৰ্তমানো চিবিআইৰ জিম্মাতে আছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.