সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰেডিছন ব্লুৰ মালিকৰ আত্মহত্যা

ধন -সম্পত্তি, লাহ বিলাহেই জীৱনত সকলো নহয়৷
সকলোবোৰেই পৃথিৱীত ক্ষন্তেকীয়া !
বৈষয়িক সুখে মানুহক মানসিক শান্তি দিব নোৱাৰে৷
তাৰেই যেন এক উদাহৰণ হ’ল ৰেডিছন ব্লু নামৰ পঞ্চতাৰকাযুক্ত হোটেলখনৰ স্বত্বাধিকাৰী৷
হোটেলখনৰ স্বত্বাধিকাৰী অমিত জৈনে শনিবাৰে আত্মহত্যাৰ পথ বাচি ল’লে৷
গাজিয়াবাদৰ কৌচম্বীৰ ৰেডিছন ব্লুৰ স্বত্বাধিকাৰী অমিত জৈনে দিল্লীস্থিত নিজৰ ফ্লেটত আত্মহত্যা কৰে৷
৪৭ বছৰীয়া অমিত জৈনে তেওঁৰ দিল্লীত থকা ফ্লেটৰ পৰা পৰিয়ালটোক নয়ডাৰ ফ্লেটলৈ লৈ যোৱা দুটা দিনহে হৈছিল মাত্ৰ৷
তেওঁৰ পুত্ৰই কিবা সামগ্ৰী আনিবলৈ নয়ডাৰ পৰা দিল্লীলৈ আহোঁতে কোঠাৰ চিলিঙত পিতৃক ওলমি থকা দেখিছিল৷
আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিছে যদিও তাত কোনো ছুইছাইড নোট উদ্ধাৰ কৰা নাই৷
পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নয়ডাৰ নতুন ফ্লেটত পুৱাৰ আহাৰ গ্ৰহণ কৰি তেওঁ দিল্লীৰ ফ্লেটলৈ আহিছিল৷
ঘটনাটোত কোনো লোক জড়িত থকাৰ প্ৰমাণ লাভ কৰা নাই আৰক্ষীয়ে৷পৰিয়াল আৰু তেওঁৰ বন্ধুুুবৰ্গৰ পৰাও তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷
অৱশ্যে তেওঁৰ প্ৰায় ৩০০ কোটি টকাৰ ঋণ থকা বুলি আৰক্ষীক কোনোবাই জনাইছে যদিও এতিয়াও এই বিষয়টো সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
বৃহৎ উদ্যোগপতিয়ে আত্মহত্যা কৰাৰ ঘটনা এয়ে প্ৰথম নহয়৷
ইয়াৰ আগতেও
ভাৰতৰ সৰ্ববৃহৎ কফি চেইন চিচিডিৰ স্বত্বাধিকাৰী ভি জি সিদ্ধাৰ্থই ২০২০ চনৰ ২৯ জুলাইত বাংগালুৰুৰ নেত্ৰাৱতী নদীত জঁপিয়াই আত্মহত্যা কৰিছিল৷

Leave A Reply

Your email address will not be published.