কিয় ইমান উদ্ধতালি ৰামদেৱৰ?

Share This Article

২০০৬ চনত ৰামদেৱে প্ৰতিষ্ঠা কৰিছিল পতঞ্জলিৰ৷২০২১ বিত্তীয় বৰ্ষৰ হিচাপ অনুসৰি কোম্পানীটোৰ বছৰেকীয়া আয় আছিল ৩০ হাজাৰ কোটি টকা৷এই আয়ৰ পৰিমাণলৈ লক্ষ্য কৰিলে
২০১৮-১৯ বৰ্ষৰ তুলনাত কোম্পানীটোৰ আয় প্ৰায় ৪০০ গুণ বেছি আছিল৷
কোম্পানীটোৰ প্ৰতিষ্ঠা কালৰে পৰা ৰামদেৱ আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বিভিন্ন অভিযোগ৷
প্ৰথমবাৰৰ বাবে ৰামদেৱৰ বিৰুদ্ধে অভিযোগ আনিছিল বৃন্দা কাৰাটে৷তেওঁৰ অভিযোগ অনুসৰি ৰামদেৱে তেওঁৰ উৎপাদিত ঔষধবোৰত জন্তুৰ হাড়ৰ গুড়ি মিহলি কৰে৷এই বিষয়টোক লৈ যথেষ্ট বিতৰ্ক হৈছিল৷
প্ৰায়ে ৰামদেৱে নিজেও বিতৰ্কৰ সৃষ্টি কৰে৷মাজতে ৰামদেৱে কেন্সাৰ ৰোগ নিৰাময় কৰিব পাৰে বুলিও দাবী কৰি বিতৰ্কলৈ আহিছিল৷
কৰ’নাৰ সময়তো ৰামদেৱে পতঞ্জলিয়ে কৰ’নাৰ ঔষধ প্ৰস্তুত কৰা বুলি দাবী কৰি বিতৰ্কিত হৈছিল৷এখন সংবাদমেল সম্বোধন কৰি ৰামদেৱে কৈছিল “ পতঞ্জলিয়ে ক’ৰনাৰ ঔষধ প্ৰস্তুত কৰিলে৷” কৰ’নাৰ ঔষধ প্ৰস্তুত কৰা বুলি ঘোষণা কৰা দিনাখন তেওঁৰ কাষত দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীও আছিল৷এই কৰ’নাৰ ঔষধবিধ অৰ্থাৎ কৰ’নীল মহাৰাষ্ট্ৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল৷তদুপৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিছিল৷কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে ইমানবোৰ ওজৰ আপত্তিৰ পিছতো কৰ’নীলক নিষিদ্ধ কৰা হোৱা নাছিল৷
ইয়াৰ ঠিক এটা বছৰ পিছত মহাৰাষ্ট্ৰৰ এখন স্থানীয় আদালতে ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷কৰ’নীলক কৰ’নাৰ ঔষধ বুলি দাবী কৰি কৰ’না ৰোগী আৰোগ্য কৰিব নোৱাৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল আদালতে৷
ইফালে মধুগৃৎ,থায়’গৃৎ,আইগৃৎ,বিপিগৃৎ,লিপিডম নামৰ পাঁচবিধ ঔষধৰ বিজ্ঞাপন প্ৰতি দিনেই প্ৰতিষ্ঠিত সংবাদপত্ৰত প্ৰকাশ পায়৷আনহাতে,কোম্পানীটোৱে দাবী কৰা অনুসৰি আইগৃৎ নামৰ ঔষধ বিধে কেটেৰেক্ট,গ্ল’ক’মা আৰু চকুৰ আন ৰোগ নিৰ্মূল কৰে৷কেৰালাৰ এগৰাকী চকুৰ বিশেষজ্ঞ ড° কে ভি বাবুৱে এই ঔষধবিধ প্ৰস্তুত কৰাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে আবেদন জনাইছিল৷দ্যা হিন্দু কাকতত তেওঁ দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় এই চকুৰ ৰোগবোৰ অত্যন্ত ভয়ংকৰ,কোনোবাই দাবী কৰিলেই এইবোৰ ঔষধ ব্যৱহাৰ কৰাতো মানৱ সমাজৰ বাবে এক ‘বৃহৎ ভাবুকি৷’
১৯৪৫ চনৰ ‘ড্ৰাগছ এণ্ড কচমেটিকচ’ আইন অনুসৰি কোনো ঔষধেই যিকোনো ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পাৰিব বুলি দাবী কৰিব নোৱাৰে৷কিন্তু তাৰপিছতো ৰামদেৱৰ কোম্পানীয়ে লিভাৰ আৰু ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে ভাল কৰাৰ দাবী কৰি আহিছে৷
আনহাতে,২০১৮ চনৰ আয়ুস মন্ত্ৰালয়ৰ ১৭০ নম্বৰ নতুন সংশোধনী অনুসৰি “ আয়ুৰ্বেদিক,সিদ্দা আৰু ইউনানী ড্ৰাগছ প্ৰস্তুতকাৰী কোম্পানী অথবা তেওঁলোকৰ এজেণ্টে কোনো সংবাদপত্ৰত কোনো ৰোগ আৰোগ্য হ’ব বুলি দাবী কৰি বিজ্ঞাপন দিব নোৱাৰিব৷
এই ঔষধবোৰৰ বিজ্ঞাপন দিয়াটো অবৈধ৷তদুপৰি এই ৰোগৰ ঔষধৰ বিজ্ঞাপন লোৱা সকলকো ৬ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়৷দ্বিতীয়বাৰ একেটা ভুল কৰিলে এবছৰ কাৰাদণ্ড হ’ব পাৰে৷কিন্তু ভাৰতত আইন প্ৰণেতা সকলেই এই ক্ষেত্ৰত সহযোগিতাহে আগবঢ়াই আহিছে৷২০১৬ চনত ‘এডভাৰ্টাইজিং ষ্টেণ্ডাৰ্ড কাউঞ্চিল অব ইণ্ডিয়াই ‘ ৰামদেৱৰ পতঞ্জলিক ‘মিছা আৰু ভুৱা বিজ্ঞাপনে’ৰে জনতাক প্ৰলোভিত কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷কিন্তু চৰকাৰে ইমানৰ পিছতো চকু মুদা কুলিৰ ভাও লৈ আছে৷
বিগত ১০ জুলাইত পতঞ্জলি আয়ুৰ্বেদে দেশৰ প্ৰায়বোৰ বহুল প্ৰচলিত বাতৰি কাকতত এলোপেথি চিকিৎসাক বৃদ্ধাংগুষ্ঠ দেখুৱাই এক বিজ্ঞাপন প্ৰকাশ কৰিছিল য’ত পতঞ্জলিয়ে দাবী কৰিছিল যে যিকোনো জিনগত সমস্যা,সন্তানহীনতা,প্ৰস্ৰাৱজনিত সমস্যা ,হাৰ্ট ব্লকেজ আদি তেওঁলোকৰ ঔষধেৰে নিৰাময় কৰিব পাৰে৷২০২২চনৰ আগষ্টত উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰক ৰামদেৱে এলোপেথি চিকিৎসা আৰু চিকিৎসকৰ ওপৰত মন্তব্য দিয়াটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল৷
নেশ্যনেল ন’লেজ কমিচনৰ প্ৰাক্তন উপাধ্যক্ষ পুস্পা এম ভাৰ্গৱে ৰামদেৱৰ এই দাবীবোৰ অৰ্থহীন আৰু বিজ্ঞান মনস্কতাৰ পৰিপন্থী বুলি দাবী কৰি আহিছে৷
পুস্পা এম ভাৰ্গৱে কয় “ মই এলিজাবেথ হোলমছ আৰু বাবা ৰামদেৱৰ দাবীৰ মাজত কোনো পাৰ্থক্য বিচাৰি নাপাওঁ৷তথাপিও যদি আমি পাৰ্থক্য বিচাৰিবলগীয়া হয় এলিজাবেথ হোলম এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন,উচ্চাকাংক্ষী আৰু শিক্ষিত মহিলা৷তেওঁ বিশ্বৰ এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছে৷ইমানৰ পিছতো আমেৰিকাৰ চৰকাৰে ১১বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল এলিজাবেথক৷ইয়াৰ কাৰণ আছিল আমেৰিকাৰ চৰকাৰে জনতাৰ স্বাস্থ্যক লৈ হেতালি খেলা মানুহক উৎসাহিত নকৰে৷’
উল্লেখযোগ্য যে কেলিফৰ্ণিয়া ডিষ্ট্ৰিক্ট কৰ্টে এলিজাবেথ হোলমচক ১১বছৰৰ বাবে কাৰাদণ্ড বিহিছিল৷তেওঁ মাত্ৰ ১৯ বছৰ বয়সতে থাৰনচ নামৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল৷কোম্পানীটোৱে দাবী কৰিছিল যে কোম্পানীটোৱে মাত্ৰ কেইটোপালমান তেজৰ সহায়ত যিকোনো ৰোগ চিনাক্ত কৰিব পাৰে৷কিন্তু এই দাবী মিছা প্ৰতিপন্ন হৈছিল ৷ফলত তেওঁ ১১বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল৷তেওঁক দোষী সাব্যস্ত কৰা ন্যায়াধীশে কৈছিল “ বিফল হোৱাটো সাধাৰণ কথা,কিন্তু ভণ্ডামি কৰি বিফল হোৱাটোহে অপৰাধ৷”

চৰকাৰৰে এয়া দায়িত্ব নহয় বৰঞ্চ উচ্চতম ন্যায়ালয়ৰো এই ক্ষেত্ৰত হস্তক্ষেপ জৰুৰী বুলি কয় পুস্পা এম ভাৰ্গৱে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.