সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী
ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGUH ৰ সদস্য
জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু ১৫ জাঁই সজীৱ গুলী
সেনা-আৰক্ষীৰ যুটিয়া অভিযানত আটক হয় সন্ত্ৰাসবাদী দুটা
সন্ত্ৰাসবাদী দুটা ক্ৰমে তনবীৰ আহমেদ ভাট আৰু তোফেইল আহমেদ দৰ
জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটাকৈ সন্ত্ৰাসবাদী ৷ ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGUH ৰ সদস্য ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷ সেনা-আৰক্ষীৰ যুটিয়া অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা ৷ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুটা ক্ৰমে তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ৷ উল্লেখ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীয়ে নাকা তালাচী চলায় ওৱাঘামা-ওপজান পথত ৷ সেই তালাচীৰ সময়তে অভিযানকাৰী দলটোৰ হাতত গ্ৰেপ্তাৰ হয় আনচাৰ ঘাজৱাত উল হিন্দৰ সদস্য তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ৷

Leave A Reply

Your email address will not be published.