চোৰ ঐ চোৰ !কিন্তু ক’ত?

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গৃহ ৰাজ্য মন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা পশ্চিম বংগৰ আদালতৰ৷
এটাও নহয়,
দুটাকৈ বৃহৎ পৰিমাণৰ সোণ চুৰিৰ ঘটনাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামাণিক৷

পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ থাৰ্ড কোৰ্টে শীঘ্ৰেই প্ৰামাণিকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে৷

অহা ৯ ডিচেম্বৰৰ ভিতৰত সোণ চুৰিত অভিযুক্ত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাব লাগিব পশ্চিম বংগ আৰক্ষীয়ে ৷

অৱশ্যে সুখৰ বিষয় এইয়ে যে প্ৰামাণিকে মন্ত্ৰী হৈ থাকোতে এই চুৰি কাৰ্যত লিপ্ত হোৱা নাছিল৷ ২০০৯ চনত আলিপুৰদুৱাৰত অৱস্থিত দুখন জুৱেলাৰীত বৃহৎ পৰিমাণৰ সোণ চুৰিৰ ঘটনা সংঘটিত হৈছিল৷ উক্ত দুয়োটা ঘটনাতে তেতিয়াৰ বিজেপি নেতা নিশীথ প্ৰামাণিক অভিযুক্ত আছিল।
পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ বাদলনগৰত থকা জয়গুৰু জুৱেলাৰ্চত ২০০৯ চনত সংঘটিত হৈছিল এটা চুৰিৰ ঘটনা।

জুৱেলাৰীৰ স্বত্তাধিকাৰী ৰতন ঘোষে আৰক্ষী থানাত সেই সময়তে গোচৰ ৰুজু কৰিছিল ৷সেই
একেটা মাহতে চহৰখনৰ বীৰপাৰাৰ পাল জুৱেলাৰ্চতো সংঘটিত হৈছিল আন এটা সোণ চুৰিৰ ঘটনা ৷

 

পশ্চিম বংগৰ আৰক্ষীয়ে প্ৰামাণিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে৷
বিগত প্ৰায় এটা দশক ধৰি চলা এই গোচৰৰ আধাৰতে বিগত ১১ নৱেম্বৰত আলিপুৰদুৱাৰৰ আদালতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে৷
প্ৰামাণিক পশ্চিম বংগৰ কোচবিহাৰৰ সাংসদ৷তেওঁ মোডী মন্ত্ৰীসভাত গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.