সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাঘ আহিব,ব্যয় ৯১ কোটি

বাঘ আহিব,ব্যয় ৯১ কোটি
৭০ বছৰৰ পিছত ভাৰতত চিতা বাঘৰ বাবেও নিৰ্মাণ হেলিপেড ৮ টা চিতা ভাৰত আহি পাব শনিবাৰে

প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ চিতাই প্ৰৱেশ কৰিব আন এখন মহাদেশত

- Donation -

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে এই বাঘ কেইটা এৰি দিয়া হ’ব কুন’ ৰাষ্ট্ৰীয় উদ্যানত

আজি নিশাৰ ভাগতে নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ গোৱালিয়ৰ অভিমুখে অনা হ’ব বাঘ কেইটা৷

শনিবাৰে পুৱাৰ ভাগত চিতাকেইটা গোৱালিয়ৰৰ পৰা কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব

উল্লেখ্য যে ভাৰতত এই বাঘবিধ বিলুপ্ত হোৱাৰ বাবে ২০২০ চনত উচ্চতম ন্যায়ালয়ে চিতা বাঘৰ এই পাইলট প্ৰগ্ৰেম আৰম্ভ কৰিছিল৷

৮ টা চিতাৰ ভিতৰত ৫ টা মাইকী আৰু ৩ টা মতা বাঘ আছে৷

চিতা হ’ল সবাতোকৈ বেগী জন্তু৷ভাৰতত ১৯৫২ চনতেই এই বিধ বাঘ বিলুপ্ত হোৱা বুলি ঘোষণা কৰা হৈছিল৷

নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পিছত এই বাঘ ভাৰতলৈ অনাৰ সিন্ধান্ত লোৱা হয়৷এই বাঘকেইটা অনাৰ বাবদ প্ৰায় ৯১ কোটি টকা ব্যয় হ’ব চৰকাৰৰ৷

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় “ ১৭ ছেপ্তেম্বৰটো আমাৰ ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন হ’ব !একেবাৰে বিলুপ্তপ্ৰায় বাঘবিধ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমাৰ ৰাজ্যত প্ৰথম পদাৰ্পণ কৰিব৷আমি গৰ্বিত ৷”

কুন’ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বাবে নিৰ্মাণ হোৱা আৱদ্ধ অঞ্চলটোৰ কাষত ৪ খন হেলিপেড নিৰ্মাণ কৰা হৈছে৷সেই হেলিপেডতেই বাঘ কেইটা অহা হেলিকপ্তাৰেও অৱতৰণ কৰিব৷হেলিপেডৰ পৰা ৩০০ মিটাৰ দূৰত্বত আছে বাঘৰ বাবে নিৰ্মাণ কৰা আৱদ্ধ অঞ্চলটোৰ মূলদ্বাৰখন৷অঞ্চলটোৰ ৪৫৭ জন ব্যক্তিক চিতাৰ বন্ধু হিচাপে প্ৰশিক্ষণ দিয়া হৈছে ৷

এই চিতা কেইটা মুঠ ৫ বৰ্গ কিলোমিটাৰৰ এটা অঞ্চলত প্ৰথমে ৰখা হ’ব৷অলপ দিন তেনেদৰে ৰাখি পৰিবেশৰ লগত মিলিব পৰা হ’লেই সেই আৱদ্ধ অঞ্চলৰ পৰা মুক্ত কৰি দিয়া হ’ব৷আৱদ্ধ অঞ্চলটো প্ৰায় ৮ ফুট উচ্চতাৰ বেৰেৰে তৈয়াৰ কৰা হৈছে৷ইয়াত ৮ খন দৰ্জা থাকিব সকলোফালৰ পৰা চিচি কেমেৰাৰে নিৰীক্ষণ কৰি থকা হ’ব৷

ভাৰতত সম্ভৱতঃ অন্তিমটো চিতা স্বীকাৰ কৰিছিল চেণ্ট্ৰেল ইণ্ডিয়াৰ মহাৰাজা ৰামানুজ প্ৰতাপ সিংদেৱে৷

এসময়ত ভাৰতৰ প্ৰতিখন অভয়াৰণ্যতেই থকা চিতা বাঘ বৃটিছৰ শাসন কালচোৱাত একেবাৰে নিঃশেষ হৈ গৈছিল৷

বৃটিছ সকলৰ চিকাৰৰ প্ৰতি থকা দুৰ্নিবাৰ হেপাহৰ বাবেই হ্ৰাস পাইছিল চিতা বাঘ৷

ভাৰতত চিতাৰ ইতিহাস অতি পুৰণি৷মধ্যপ্ৰদেশৰ গান্ধীসাগৰ অভয়াৰণ্যত উদ্ধাৰ হোৱা হাজাৰ বছৰ পুৰণি শিলত খোদিত পেইণ্টিঙতো চিতাৰ ছবি খোদিত হৈ আছে৷

Leave A Reply

Your email address will not be published.