Investigative reporting with dedication.

হাৰিয়ানাত আজি দিনটোৰ বাবে বন্ধ থাকিব পেট্রল পাম্প। হাৰিয়ানাৰ পেট্রল ডিজেল ডিলাৰ এছছিয়েশ্যনে দিছে এই বন্ধৰ আহ্বান। পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সুধাইছে সাধাৰণ জনতাক। তাৰ প্ৰতিবাদতেই আজি এই বন্ধ ৰ আহ্বান । আজি পুৱা ৬ বজাৰ পৰা বন্ধ থাকিব এই পেট্রল পাম্প সমূহ। বৰ্তমান ২৪ ঘন্টাৰ বাবে দিয়া হৈছে এই বন্ধ । কিন্তু পেট্রল ডিজেল ডিলাৰ এছছিয়েশ্যনৰ দাবী সমূহ মানি নললে অনির্দিষ্ট কাললৈ পেট্রল পাম্প সমূহ বন্ধ কৰিব বুলি হুংকাৰ এছছিয়েশ্যৰ। পুৱাৰ পৰা ৰাজ্য খনৰ সকলো পেট্রল পাম্প য়ে বন্ধ কৰি ৰখা হৈছে। কেইবাটাও দাবী ইতিমধ্যে দিয়া হৈছে। আৰু দাবী মানি নললে প্রতিবাদ অব্যাহত থাকিব বুলি জনাই এছছিয়েশ্যটোৱে।




