Investigative reporting with dedication.

গুজৰাট সচিবালয়ত অগ্নিকাণ্ড,জ্বলিল কেৱল ফাইল । ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ জাহ গ’ল নেকি জুইত?
সচিবালয়ৰ অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে । গুজৰাটৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভস্মীভূত হৈছে বিভাগটোৰ যথেষ্টসংখ্যক গুৰুত্বপূৰ্ণ ফাইল । বিৰোধী দল কংগ্ৰেছে ইয়াত বিচাৰি পাইছে ষড়যন্ত্ৰৰ গোন্ধ । গুজৰাটত যিহেতু নিৰ্বাচন সমাগত,এই সময়ত এটা গুৰুত্বপূৰ্ণ দপ্তৰৰ ফাইল জুইত জাহ যোৱাটোক সহজভাৱে গ্ৰহণ কৰা নাই বিৰোধী দল আপ আৰু কংগ্ৰেছ দলে ৷ বিৰোধী দল কংগ্ৰেছে টুইটাৰত লিখিছে “ গুজৰাটত চৰকাৰী ফাইল জ্বলা আৰম্ভ হৈছে ৷ আজি পুৱা পুৰণি সচিবালয়ত ফাইল জ্বলিছে । বিজেপিয়ে ক্ষমতাৰ পৰা আঁতৰিব লাগিব বুলি নিশ্চিত হৈছে ৷ সেয়ে ২৭ বছৰীয়া দুৰ্নীতিৰ কলংক উন্মোচিত হোৱাৰ ভয়ত জুই জ্বলাই দিছে ।”
যোৱা বৃহস্পতিবাৰে এক জনসভাত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় “কংগ্ৰেছী লোকসকলে ভোটাৰ সকলক ভাগ ভাগ কৰিব বিচাৰি আছে । জাতি-বৰ্ণৰ ভিত্তিত কংগ্ৰেছে ভোটাৰক ভগাব বিচাৰিছে ৷ জনতাই এই বিভাজনৰ কৌশলটোক বুজা উচিত আৰু এই জালত বন্দী হোৱা অনুচিত ।” গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় “কংগ্ৰেছে কেতিয়াও উন্নয়নৰ কাম নকৰে । কংগ্ৰেছৰ ৰাজনীতি উন্নয়নৰ নহয়,জাতি-বৰ্ণৰহে ।”
ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিয়ে কয় “ গুজৰাটৰ ফাইল জ্বলাটোৱে ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ ।”




