এই জাহাজ মাস্তুল ছাৰখাৰ …: বিবাহ বিচ্ছেদৰ পাছত অনুপম ৰায়ৰ কাতৰ স্বীকাৰোক্তি

Share This Article

এই জাহাজ মাস্তুল ছাৰখাৰ , তবু স্বপ্ন দেখছি বাৰবাৰ ৷- এটা দশক আগতে এই গীত লিখিছিল ভাৰতীয় সংগীতৰ উদীয়মান নক্ষত্ৰ অনুপম ৰায়ে ৷ এটা দশক পাছত আজি নিজেই মুখামুখি হৈছে এক বিধ্বস্ত ব্যক্তিগত জীৱনৰ ৷ কিছুদিন পূৰ্বে পাঁচ বছৰীয়া বৈবাহিক জীৱনত অন্ত পেলাই তেও ঘোষণা কৰিছে বিবাহ বিচ্ছেদ ৷ ইয়াৰ পাছতো প্ৰেমৰ ওপৰত তেওৰ বিশ্বাস অটুট আছেনে ? এই প্ৰশ্নই অনুপম ৰায়ক সুধিছিল আনন্দ বাজাৰ পত্ৰিকাই ৷ উত্তৰত বিশিষ্ট সংগীত পৰিচালকজনে ক’লে –‘যি হৈছে , সেয়া আমাৰ জীৱনৰ বাবে এক বৃহৎ ক্ষতি ৷ এনে পৰিস্থিতিত মানুহৰ ভালপোৱাৰ প্ৰতি থকা বিশ্বাস নোহোৱা হৈ যাব পাৰে ৷ কিন্তু এতিয়া মই দুখৰ এখন সংকীৰ্ণ লেন্সেৰেহে দেখি আছো ৷ আমাৰ জীৱনত যি ঘটিল , তাৰে এটা বৃহৎ বিষয়ক মূল্যায়ন কৰা অনুচিত ৷’
বিবাহ বিচ্ছেদক লৈ অনুপম ৰায়ৰ স্বীকাৰোক্তি –‘আমাৰতো ভাল সময়ো পাৰ হৈ গৈছে ৷ ভীষণ কাষৰ অনেক স্মৃতি আছে ৷ সেইবিলাকৰ কি একো দাম নাই ? তাৰোতো দাম আছে ৷ এতিয়া আমাৰ বেয়া সময় চলিছে ৷ কিন্তু সেই বুলি পুৰণি সময়বোৰ মিছা হৈ যোৱা নাই ৷ এটা দীঘলীয়া সম্পৰ্কৰ প্ৰভাৱ চিৰজীৱন থাকি যায় ৷ ভালপোৱাৰ ওপৰত আস্থা হেৰুৱাব বিচৰা নাই ৷’
ৰাতি দুপৰৰ আব্দাৰ আৰু নাৰাখিলেও ভালপোৱাৰ ওপৰত আস্থা হেৰুৱাব নোখোজে অনুপম ৰায়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.