প্ৰধানমন্ত্ৰী মোদীৰ এখন সভাত ব্যয় কৰা হ’ব ২৩ কৌটি : ক’ত , কেতিয়া ?

Share This Article

মূল্যবৃদ্ধি , আৰ্থিক মন্দা একোৱেই যেন চুব নোৱাৰে আামাৰ ৰাজনেতাসকলক ৷ অসমৰ উপ নিৰ্বাচনত বিজয়ী হোৱা ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰীতি ভোজনত ব্যয় হ’ল ১২ লাখ টকা ৷ এই বাতৰি প্ৰকাশ হোৱাৰ দুদিন পাছতে মধ্যপ্ৰদেশৰ পৰা আহিছে তাতোকৈও ডাঙৰ খবৰ ৷

বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ১৫ নৱেম্বৰত মধ্য প্ৰদেশত পালন কৰা হ’ব জনজাতীয় গৌৰৱ দিৱস ৷ আদিবাসীসকলৰ প্ৰতি সমৰ্পিত এই অনুষ্ঠানত ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী মোদীও সিদিনা ভূপালত উপস্থিত হ’ব ৷ ভূপালত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত ২ লাখ আদিবাসী জনতাক সমাবেত কৰোৱাৰ লক্ষ্য লৈছে মধ্যপ্ৰদেশ চৰকাৰে ৷ সিদিনা ভূপালত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুঠ ৪ ঘন্টা সময় কটাব ৷ মঞ্চত তেও সময় দিব ১ ঘন্টা ১৫ মিনিট ৷

প্ৰধানমন্ত্ৰী মোদীৰ ১৫ নৱেম্বৰৰ এই কাৰ্যসূচীৰ নামত ব্যয় কৰা হ’ব ২৩ কৌটি টকা ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ,ইয়াৰে ১৩ কৌটি টকাই জনতাৰ যাতায়তৰ নামত ব্যয় কৰা হ’ব ৷ আনহাতে , মঞ্চ আৰু পেণ্ডেলৰ সাজ সজ্জাত ৯ কৌটি টকা ব্যয় কৰা হ’ব ৷

মধ্যপ্ৰদেশ বিধানসভাৰ ৪৭ খন আসন জনজাতীয় লোকৰ বাবে সংৰক্ষিত ৷ বিজেপিয়ে ২০০৮ চনত ইয়াৰে ২৯ খন , ২০১৩ চনত ৩১ খন আসনত জয়লাভ কৰিছিল ৷ কিন্তু ২০১৮ চনত এই সংখ্যা হ্ৰাস পালে ১৬ খনলৈ ৷ সেইবাবেই আদিবাসীৰ মন জয় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ জনজাতীয় গৌৰৱ দিৱস পালনৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰে শুভ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷কিন্তু মূল্যবৃদ্ধিৰ এই যুগত এখন সভাৰ নামত ২৩ কৌটি ব্যয় কৰাক লৈ এতিয়া ছোছিয়েল মেডিয়াত সমালোচনাৰ জোৱাৰ উঠিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.