কিতাপ লিখি হিন্দুত্ববাদীৰ ৰোষত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদ৷ খুৰছিদে তেওৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা : নেচনহুদ ইন আৱাৰটাইমছ’ গ্ৰন্থত বৰ্তমানৰ হিন্দুত্বক বকো হাৰাম আৰু আইছিছৰে তুলনা কৰিছে ৷ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠনসমূহ ৷ ছলমান খুৰছিদে গ্ৰন্থখনৰ ;দ্য ছেফৰণ স্কাই’ অধ্যায়ত লিখিছে যে সনাতন ধৰ্ম আৰু হিন্দুত্ববাদ ঋষি- মুনিৰ দ্বাৰা পৰিচালিত বুলি জনা যায় ৷ কিন্তু এতিয়া ৰাজনৈতিক স্বাৰ্থত আইছিছ , বকো হাৰামৰ দৰে ইছলামিক জেহাদীৰ নিচিনাকৈ হিন্দুত্বৰ ধাৰণাৰ জন্ম দিয়া হৈছে ৷ ১১৩ নং পৃষ্ঠাত উল্লেখ থকা এই কথাখিনি প্ৰত্যাহাৰৰ দাবীত সৰৱ হৈ উঠিছে হিন্দুত্ববাদী সংগঠনসমূহ ৷ বিজেপিয়ে ছলমান খুৰছিদক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰৰ দাবী জনাইছে ৷