সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতৰ এক নম্বৰ শত্ৰু কোন ? ক’লে বিপিন ৰাৱটে

ভাৰতৰ এক নম্বৰ অৰ্থাৎ প্ৰধান শত্ৰু কোন ? চীন নে পাকিস্তান ? এই প্ৰশ্নৰ উত্তৰ দিছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে ৷ তেও কয় যে পাকিস্তান ভাৰতৰ এক নম্বৰ শত্ৰু নহয় , চীনহে ভাৰতৰ প্ৰধান শত্ৰু ৷ টাইমছ নাও ছামিটৰ এক অনুষ্ঠানত ভাগ লৈ বিপিন ৰাৱটে কয় যে চীনে যদি সীমান্তৱৰ্তী অঞ্চলত উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে , ভাৰতো এইক্ষেত্ৰত পাছ পৰি থকা নাই ৷ এল অ’ চিৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ভাৰতে পূৰ্বৰে পৰা ৰাস্তা- ঘাট নিৰ্মান কৰি আছ ৷ প্ৰথমতে ভয় আছিল যে ভাৰতে উন্নয়নমূলক কাম হাতত ল’লেই চীনে সেয়া ধ্বংস কৰি দিব ৷ কিন্তু এতিয়া আৰু সেই ভয় নাই ৷
বিপিন ৰাৱটে আৰু কয় যে গালৱান ঘাটিৰ পাছত কেবাবাৰো ভাৰত – চীনৰ সৈনিকত মাজত সংঘাতৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত দুয়োখন দেশেই নিজৰ নিজৰ সেনা বাহিনী যাতে ইমান ওচৰ চাপিব নোৱাৰে , তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ সীমান্তত এপ্ৰিল , ২০২০ ৰ পূৰ্বৰ পৰিস্থিতি বাহাল ৰখাৰ চেষ্টা চলাই থকা হৈছে বুলি চীফ অৱ ডিফেন্স ষ্টাফ ৰাৱটে মন্তব্য কৰে ৷

Leave A Reply

Your email address will not be published.