প্ৰয়োজনীয় সংখ্যা থাকিও চাৰি ৰাজ্যত কেনেকৈ পৰাজিত হ’ল বিৰোধী?

Share This Article

কালি অৰ্থাৎ ১০ জুনত অনুষ্ঠিত হয় ৪ খনকৈ ৰাজ্যৰ ১৬ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজস্থান,কৰ্ণাটক,হাৰিয়ানা,আৰু মহাৰাষ্ট্ৰত ১৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ খন ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।
বিজেপি আৰু বিৰোধী দলৰ মাজত মতবিৰোধৰ বাবে প্ৰতিদ্বন্দ্বিতা হোৱা ১৬ খন আসনৰ ফলাফল ঘোষণা শুক্ৰবাৰে নিশালৈকে স্থগিত ৰখা হৈছিল।
যদিও অশোক গেহলট-শচীন পাইলটৰ যুটিয়ে ৰাজস্থানত জয়লাভ কৰিছিল,আন তিনিখন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহ বিজেপিৰ সমুখত বিফলতাৰ সন্মুখীন হয়। কৰ্ণাটকত, কংগ্ৰেছ-জেডি(এছ)ৰ ভোট বিভাজনৰ ফলত শিৱসেনাৰ প্ৰাৰ্থী পৰাজিত হয়। হাৰিয়ানাত কংগ্ৰেছৰ অন্তৰ্দ্বন্দ্বৰ সুযোগ লৈ বিজেপি সমৰ্থিত নিৰ্দলীয় সকলে পৰাস্ত কৰে অজয় মাকেনক। আনকি মহাৰাষ্ট্ৰতো, বিজেপিয়ে শিৱসেনা-এনচিপি-কংগ্ৰেছ মিত্ৰজোঁটক পৰাস্ত কৰি ছখন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰিছে।
নিৰ্বাচনী অংক অনুসৰি শিৱসেনাৰ সঞ্জয় ৰাউত, এনচিপিৰ প্ৰফুল পেটেল আৰু কংগ্ৰেছৰ ইমৰান প্ৰতাপ গড়ীয়ে মহাৰাষ্ট্ৰত জয়লাভ কৰাটো নিশ্চিত আছিল। বিজেপিৰ পীয়ুষ গোৱেল আৰু অনিল বণ্ডাৰৰ ওচৰত আছিল জিকাৰ বাবে প্ৰয়োজনীয় সংখ্যা।ষষ্ঠ আসনৰ যুঁজত শিৱসেনাৰ সঞ্জয় পাৱাৰক পৰাস্ত কৰিলে বিজেপিৰ ধনঞ্জয় মহাদিকে।
নিয়ম ভংগ কৰাৰ অভিযোগত বিজেপিৰ দুজন বিধায়কৰ ভোট বাতিল কৰাৰ দাবী কৰিছিল শিৱসেনাই। কিন্তু নিৰ্বাচন আয়োগে ইয়ক নাকচ কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা এনচিপিৰ দুজন বিধায়ক নৱাব মালিক আৰু অনিল দেশমুখে ভোট প্ৰদান কৰিব নোৱৰাৰ ফলত লাভান্দ্বিত হয় বিজেপি।ৰাজ্যসভা নিৰ্বাচনত শিৱসেনাৰ প্ৰাৰ্থীৰ পৰাজয় মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাবে এটা ডাঙৰ আঘাত হিচাপে গণ্য কৰিছে ৰাজনৈতিক মহলে।
ইফালে হাৰিয়ানাত নিৰ্বাচন আয়োগে বিজেপিৰ দাবী অনুসৰি নিয়ম ভংগ কৰাৰ অভিযোগত কংগ্ৰেছৰ এজন বিধায়কৰ ভোট প্ৰত্যাখ্যান কৰে। ইয়াৰ উপৰিও, কংগ্ৰেছ বিধায়ক কুলদীপ বিষ্ণোই সাব্যস্ত কৰে ক্ৰছ ভোটিং। ফলস্বৰূপে, বিজেপিৰ কিষেণলাল পানৱাৰৰ লগতে বিজেপি সমৰ্থিত নিৰ্দলীয় কাৰ্তিকেয় শৰ্মাও জয়ী হয়।অংক অনুসৰি হাৰিয়ানাত কোনো এজন প্ৰাৰ্থী জয়ী হ’বলৈ কমেও ৩১ টা ভোটৰ প্ৰয়োজন।কিন্তু এই সংখ্যা আছিল প্ৰধান বিৰোধী দল কংগ্ৰেছৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.