সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেট্ৰ’ ৰে’ল নে গৰু গাড়ী?  কেৱল শ্ব’বাজীত চলি আছে চৰকাৰ ?

মেট্ৰ’ ৰে’ল নে গৰু গাড়ী? কেৱল শ্ব’বাজীত চলি আছে চৰকাৰ ?
এসপ্তাহ পিছতেই বিকল মোডীয়ে উদ্ধোধন কৰা ৰে’ল

গৰুৰ খুন্দাত থমকিল মোডীৰ অত্যাধুনিক ৰে’ল

- Donation -

৪ টা বিসংগতিৰ পিছত যাত্ৰীকেই নমাই দিলে ৰে’ল বিভাগে

মোডীৰ ৭ দিনীয়া অত্যাধুনিক ৰে’ল এৰি যাত্ৰী উঠিল দশক পুৰণি শতাব্দীত

দেখুৱাবলৈহে কাম কৰে নেকি বিজেপিয়ে?

ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত যোৱা ৰে’লৰ যাত্ৰী নমাই শতাব্দীত উঠাব লগীয়া হ’ল ৰে’ল বিভাগে৷

উল্লেখযোগ্য যে বিগত ৩০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অত্যাধুনিক বাৰাণসী বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিছিল৷

বিগত ১ অক্টোবৰৰ পৰা এই ৰে’লখনে আৰম্ভ কৰিছিল ইয়াৰ দৈনিক যাত্ৰা৷
ৰে’লখনৰ চলাচল আৰম্ভ হোৱাৰ এক সপ্তাহ নহওঁতেই অৰ্থাৎ বিগত বৃহস্পতিবাৰে এটা ম’হৰ জাকক খুন্দিওৱাৰ ফলত ৰে’লখনৰ আগৰ নাকৰ দৰে জোঙা অংশটো ভাঙি গৈছিল আৰু ৰে’লখন প্ৰায় ৮ মিনিট ৰখাবলগীয়া হৈছিল৷

তাৰ পিছৰ দিনাই অৰ্থাৎ শুকুৰবাৰে গুজৰাটৰ আনন্দত এটা গৰুক খুন্দিওৱাৰ ফলত বাম্পাৰটো বেঁকা হৈ পৰাত প্ৰায় ১০ মিনিট ৰখাবলগীয়া হয়৷

শনিবাৰে ইয়াৰ চকাৰ বিয়েৰিং কাৰ্যক্ষম হৈ নথকাৰ বাবে বাৰাণসী-নতুন দিল্লী পথত পুনৰ ৰে’ল যাত্ৰাত ব্যাঘাত হয়৷

“বাৰাণসী বন্দে ভাৰত ৰে’লখন বিয়েৰিঙৰ আসোঁৱাহৰ বাবে দানাকুৰ আৰু ৱায়াৰ ষ্টেচনৰ মাজত ৰখাই দিবলগীয়া হৈছে”- এনেদৰে জনাই ৰে’ল বিভাগৰ বিষয়াই৷
অৱশ্যে ইয়াৰ পিছতো বিয়েৰিঙৰ সমস্যা সমাধানৰ পিছত টায়াৰৰ সমস্যা দেখা দিয়াৰ বাবে ৰে’লখনৰ যাত্ৰী সকলক ৰে’ললৈ স্থানান্তৰ কৰিবলগীয়া হয়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ ছেপ্তেম্বৰত এই ৰে’লৰ শুভাৰম্ভ কৰাৰ দিনা তেওঁ গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ষ্টেচনলৈ নিজে যাত্ৰা কৰিছিল৷

বাৰে বাৰে বিজুতি ঘটা এই অত্যাধুনিক ৰে’লখনৰ সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় “ যিকোনো জীৱজন্তুৰ লগত ৰে’লখনে খুন্দা খোৱাটো বন্ধ কৰিব নোৱাৰি ,ই স্বাভাৱিক ঘটনা৷সেয়ে নিৰ্মাণৰ সময়ত এই বিষয়টোক গুৰুত্ব দিয়েই ইয়াক তৈয়াৰ কৰা হৈছিল৷”

Leave A Reply

Your email address will not be published.