মেট্ৰ’ ৰে’ল নে গৰু গাড়ী?  কেৱল শ্ব’বাজীত চলি আছে চৰকাৰ ?

মেট্ৰ’ ৰে’ল নে গৰু গাড়ী? কেৱল শ্ব’বাজীত চলি আছে চৰকাৰ ?
এসপ্তাহ পিছতেই বিকল মোডীয়ে উদ্ধোধন কৰা ৰে’ল

গৰুৰ খুন্দাত থমকিল মোডীৰ অত্যাধুনিক ৰে’ল

৪ টা বিসংগতিৰ পিছত যাত্ৰীকেই নমাই দিলে ৰে’ল বিভাগে

মোডীৰ ৭ দিনীয়া অত্যাধুনিক ৰে’ল এৰি যাত্ৰী উঠিল দশক পুৰণি শতাব্দীত

দেখুৱাবলৈহে কাম কৰে নেকি বিজেপিয়ে?

ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত যোৱা ৰে’লৰ যাত্ৰী নমাই শতাব্দীত উঠাব লগীয়া হ’ল ৰে’ল বিভাগে৷

উল্লেখযোগ্য যে বিগত ৩০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অত্যাধুনিক বাৰাণসী বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিছিল৷

বিগত ১ অক্টোবৰৰ পৰা এই ৰে’লখনে আৰম্ভ কৰিছিল ইয়াৰ দৈনিক যাত্ৰা৷
ৰে’লখনৰ চলাচল আৰম্ভ হোৱাৰ এক সপ্তাহ নহওঁতেই অৰ্থাৎ বিগত বৃহস্পতিবাৰে এটা ম’হৰ জাকক খুন্দিওৱাৰ ফলত ৰে’লখনৰ আগৰ নাকৰ দৰে জোঙা অংশটো ভাঙি গৈছিল আৰু ৰে’লখন প্ৰায় ৮ মিনিট ৰখাবলগীয়া হৈছিল৷

তাৰ পিছৰ দিনাই অৰ্থাৎ শুকুৰবাৰে গুজৰাটৰ আনন্দত এটা গৰুক খুন্দিওৱাৰ ফলত বাম্পাৰটো বেঁকা হৈ পৰাত প্ৰায় ১০ মিনিট ৰখাবলগীয়া হয়৷

শনিবাৰে ইয়াৰ চকাৰ বিয়েৰিং কাৰ্যক্ষম হৈ নথকাৰ বাবে বাৰাণসী-নতুন দিল্লী পথত পুনৰ ৰে’ল যাত্ৰাত ব্যাঘাত হয়৷

“বাৰাণসী বন্দে ভাৰত ৰে’লখন বিয়েৰিঙৰ আসোঁৱাহৰ বাবে দানাকুৰ আৰু ৱায়াৰ ষ্টেচনৰ মাজত ৰখাই দিবলগীয়া হৈছে”- এনেদৰে জনাই ৰে’ল বিভাগৰ বিষয়াই৷
অৱশ্যে ইয়াৰ পিছতো বিয়েৰিঙৰ সমস্যা সমাধানৰ পিছত টায়াৰৰ সমস্যা দেখা দিয়াৰ বাবে ৰে’লখনৰ যাত্ৰী সকলক ৰে’ললৈ স্থানান্তৰ কৰিবলগীয়া হয়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ ছেপ্তেম্বৰত এই ৰে’লৰ শুভাৰম্ভ কৰাৰ দিনা তেওঁ গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ষ্টেচনলৈ নিজে যাত্ৰা কৰিছিল৷

বাৰে বাৰে বিজুতি ঘটা এই অত্যাধুনিক ৰে’লখনৰ সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় “ যিকোনো জীৱজন্তুৰ লগত ৰে’লখনে খুন্দা খোৱাটো বন্ধ কৰিব নোৱাৰি ,ই স্বাভাৱিক ঘটনা৷সেয়ে নিৰ্মাণৰ সময়ত এই বিষয়টোক গুৰুত্ব দিয়েই ইয়াক তৈয়াৰ কৰা হৈছিল৷”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296