কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি

কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি

সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মূলায়ম সিঙ যাদৱে সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ লগে লগে অন্ত পৰিল ভাৰতীয় ৰাজনীতিৰ এক বৰ্ণাঢ্য অধ্যায়ৰ ৷ কুস্তিৰ পৰা ৰাজনীতিলৈ , কমণ্ডলৰ পৰা মণ্ডলৰ ৰাজনীতিলৈ – মূলায়ম সিঙ যাদৱৰ জীৱনটোৱে আছিল এক বিচিত্ৰ কাহিনীৰ সমষ্টি ৷
ৰাজনীতিলৈ অহাৰ আগতে মূলায়ম সিঙ যাদৱ আছিল এজন কুস্তি খেলুৱৈ ৷ ছাত্ৰ জীৱনৰ পৰাই কুস্তি খেলৰ প্ৰতি তেওঁৰ আছিল অসীম আগ্ৰহ ৷ আনকি পৰীক্ষা আধাতে এৰিও মূলায়ম পাইছিলগৈ কুস্তি ময়দান ৷ কোৱা হয় যে মুলায়ম সিঙে যদি এবাৰ প্ৰতিদ্বন্দীৰ ককালত ধৰি ল’লে , হাজাৰ চেষ্টা কৰিও তেওঁ মুক্ত হ’ব নোৱাৰে ৷ সেইগৰাকী মূলায়ম সিঙ যাদৱে কুস্তিত দেখুওৱা বীৰত্ব এবাৰ দেখুৱাইছিল কলেজৰ এখন কবি সন্মিলনত ৷ ঘটনা ১৯৬০ চনৰ ২৬ জুনৰ ৷ স্থান মেনপুৰীৰ জৈন ইন্টাৰ কলেজ ৷ কলেজত চলি আছিল এখন কবি সন্মিলন ৷ কবিতা পাঠ কৰিবলৈ মঞ্চত উঠিল সেই যুগৰ বিখ্যাত কৰি দামোদৰ স্বৰূপ ৷ কবিতাৰ শিৰোণাম – দিল্লীৰ গাদী সাৱধান ৷ কবিতা আছিল চৰকাৰ বিৰোধী ৷ সেয়ে কবিতা পাঠত বাধা আহিল আৰক্ষীৰ পৰা ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন ইন্সপেক্টৰ মঞ্চলৈ উঠি গ’ল আৰু কবিৰ মুখৰ পৰা কাঢ়ি আনিলে মাইক ৷ কবিক ধমকি লগাই আৰক্ষী বিষয়াজনে ক’লে – আপুনি চৰকাৰ বিৰোধী কবিতা পঢ়িব নোৱাৰিব ৷ সেই সময়ত দৰ্শকৰ মাজত বহি আছিল ২১ বছৰীয়া মূলায়ম সিঙ যাদৱ ৷ লগে লগে তেওঁ মঞ্চলৈ উঠি গ’ল আৰু আৰক্ষী বিষয়াজনক দাঙি ধৰি মঞ্চৰ পৰা দলিয়াই দিলে ৷

সেইজনেই আছিল বাহুবলী মূলায়ম সিঙ যাদৱ ৷ কিন্তু কলেজৰ শিক্ষকৰ চাকৰিত যোগ দিয়াৰ পাছত নিজে কুস্তি খেলিবলৈ এৰিলে ৷ তাৰ পাছতো তেওঁ নিয়মীয়াকৈ নিজৰ গাঁৱত কুস্তি খেলৰ আয়োজন কৰি গ’ল ৷ কুস্তিৰ সময়ত ময়দান যিদৰে তেওঁ নিজৰ অনুকূলে আনি লৈছিল , সেই একেই পাৰদৰ্শিতা দেখুৱাইছিল ৰাজনীতিৰ ময়দানতো ৷ বিশেষ কোনো ৰাজনৈতিক পৰিচিতি নথকাকৈয়েই ৰাজনীতিত প্ৰথমৰ পৰাই সফলতাৰ পৰিচয় দাঙি ধৰে ৷

মূলায়ম সিঙ যাদৱৰ প্ৰতিভা প্ৰথমে চকুত পৰিছিল প্ৰজা চ’ছিয়েলিষ্ট পাৰ্টীৰ নেতা নাথু সিঙৰ ৷ তেৱেই ১৯৬৭ চনত যশৱন্তপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰ টিকট দিয়া হয় মুলায়ম সিঙ যাদৱক ৷ তেতিয়া মূলায়ম সিঙৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷ প্ৰথমবাৰ নিৰ্বাচনতে বিজয়ী হৈ মূলায়ম পৰিচিত হৈ পৰে উত্তৰ প্ৰদেশৰ সৰ্বকণিষ্ঠ বিধায়ক হিচাপে ৷ ১৯৭৭ ত যেতিয়া উত্তৰ প্ৰদেশত জনতা পাৰ্টীৰ চৰকাৰ গঠন হয় , মূলায়ম সিঙক দিয়া হয় মন্ত্ৰীত্ব ৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷

চৌধুৰী চৰণ সিঙ সময়ত সিঙে এটা কথা প্ৰায়ে আওৰাইছিল যে নিজৰ সন্তান অজিত সিঙ যদি তেওঁৰ আইনী উত্তৰাধিকাৰী , তেনেহ’লে মূলায়ম সিঙ হ’ব ৰাজনৈতিক উত্তৰাধিকাৰী৷ কিন্তু চৌধুৰী চৰণ সিঙৰ বেমাৰৰ সময়ত যেতিয়া অজিত সিঙ আমেৰিকাৰ পৰা দেশলৈ উভতি আহিল সমৰ্থকসকলে অজিত সিঙ পাৰ্টীৰ সভাপতি হ’ব লাগে বুলি দাবী উত্থাপণ কৰিলে ৷ তাৰ পাছৰেপৰা অজিত সিঙ আৰু মূলায়ম সিঙ যাদৱৰ মাজত আৰম্ভ হ’ল শীতল প্ৰতিযোগিতা ৷ কিন্তু মুখ্যমন্ত্ৰীত্বৰ দৌৰত প্ৰথম হ’বলৈ সক্ষম হ’ল মূলায়ম সিঙ যাদৱ ৷ ১৯৮৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ তেওঁ এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হ’ল ৷

১৯৯০ চনত কৰ সেৱকসকল বাবৰি মছজিদৰ দিশে ধাৱমান হ’ল ৷ ২ নৱেম্বৰৰ দিনটোত কৰ সেৱক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত কেবাজনো কৰসেৱক নিহত হ’ল ৷ সমগ্ৰ দেশৰ পৰিসস্থিতি হৈ উঠিল অস্থিৰ ৷
১৯৯২ চনৰ ৪ অক্টোবৰ ৷ মূলায়ম সিঙ যাদৱে নিজেই প্ৰতিষ্ঠা কৰিলে সমাজবাদী পাৰ্টী ৷ কিন্তু ৰাম মন্দিৰ আন্দোলনৰ পাছত বিজেপি উত্তৰ প্ৰদেশৰ গাৱে ভূঞে সোমাই পৰিছিল ৷ বিজেপিক অকলে প্ৰতিহত কৰাটো সম্ভৱ নহ’ব বুলি জানি তেও কাশীৰামৰ বহুজন সমাজ পাৰ্টীৰ লগত মিত্ৰতা স্থাপন কৰিলে ৷ ১৯৯৩ চনত উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল ৷ ফলাফলত দেখা গ’ল যে মূলায়ম সিঙ যাদৱৰ সমাজবাদী পাৰ্টীয়ে ২৬০ খন আসনৰ ভিতৰত ১০৯ খন আৰু বহুজন সমাজ পাৰ্টীয়ে ১৬৩ খন আসনৰ ভিতৰত ৬৭ খন আসনত জয়লাভ কৰিছে ৷ বিজেপি সেইবাৰ ক্ষান্ত থাকিবলগীয়া হ’ল ১৭৭ খন আসনত ৷ কিন্তু সেই চৰকাৰ বেছি দিন নচলিল ৷ মায়াবতীয়ে ধাৰাবাহিক আক্ৰমণ কৰি গ’ল মুখ্যমন্ত্ৰী মূলায়ম সিঙ যাদৱক ৷ কাশীৰামৰ পৰা ঘনাই শুনিবলৈ ধৰিলে তিৰষ্কাৰ ৷ এটা সময়ত বহুজন সমাজ পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰ আলোচনা কৰিলে আৰু মূলায়ম চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে ৷ তাৰ পূৰ্বে এবাৰ মায়াবতী লক্ষ্ণৌলৈ অহাৰ সময়ত মূলায়মৰ সমৰ্থকসকলে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ এই ঘটনাৰ পাছতেই উত্তৰ প্ৰদেশৰ দ্ৰুত ৰাজনৈতিক পট পৰিৱৰ্তন আৰম্ভ হয় ৷ এক দশকতকৈও অধিক সময় মূলায়ম আৰু মায়াবতীৰ মাজত শত্ৰুৰ দৰে সম্পৰ্কই অব্যাহত থাকিল ৷

১৯৯৬ চনত প্ৰধানমন্ত্ৰী পদৰ দৌতৰো চামিল হয় মূলায়ম সিঙ যাদৱ ৷ কিন্তু লালুপ্ৰসাদ যাদৱৰ কূট কৌশলৰ বাবেই তেওঁৰ অভিযান ব্যৰ্থ হয় ৷ ১৯৯৬ চনত ইউনাইটেড ফ্ৰন্ট চৰকাৰত তেওঁ আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৷ কিন্তু দেৱগৌড়াই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ;ব , তাক লৈ জল্পনা – কল্পনা আৰম্ভ হয় ৷ মূলায়ম সিঙ যাদৱৰ নামো চৰ্চালৈ আহে ৷ কিন্তু লালুপ্ৰসাদ যাদৱ আৰু শাৰদ যাদৱ তেওঁৰ বাবে বাটৰ কাঁইট হৈ পৰে ৷

মিত্ৰতাৰ ৰাজনীতিত বহুবাৰ অস্থিৰতাৰ পৰিচয় দিছে মূলায়ম সিঙ যাদৱে ৷ চন্দ্ৰশেখৰ আছিল মূলায়ম সিঙ যাদৱৰ ৰাজনৈতিক গুৰু ৷ কিন্তু ১৯৮৯ চনত যেতিয়া প্ৰধানমন্ত্ৰীত্বৰ প্ৰশ্ন উত্থাপণ হ’ল , মূলায়ম সিঙে সমৰ্থন দিলে ভি পি সিঙক ৷ কিছুদিনৰ পাছতেই ভি পি সিঙৰ প্ৰতিও মোহভংগ হ’ল আৰু আকৌ এবাৰ চন্দ্ৰশেখৰৰ কাষ চাপিল ৷ ২০০২ চনত এন ডি এ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল এ পি জে আব্দুল কালামৰ নাম ৷ ইয়াৰ বিপৰীতে বামপন্থী দলসমূহে প্ৰক্ষেপ কৰিছিল লক্ষ্মী ছেহগালক ৷ কিন্তু শেষ সময়ত মূলায়ম সিঙ যাদৱে সমৰ্থন দিছিল আব্দুল কালামক ৷
২০০৮ চনত পৰমানু চুক্তিক কেন্দ্ৰ কৰি যেতিয়া বামপন্থী দলে মনমোহন সিঙ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে , একমাত্ৰ মূলায়ম সিঙ যাদৱৰ সমৰ্থনৰ বাবেই মনমোহন সিঙৰ চৰকাৰ ৰক্ষা পৰিছিল ৷
২০১৯ ত আকৌ ৰাজনৈতিক পৰ্যবেক্ষকসকলক আশ্চৰ্যচকিত কৰি তেওঁ ঘোষণা কৰিছিল যে নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হোৱাটো তেওঁ বিচাৰে ৷

শেষলৈ পৰিয়ালৰ মাজতো আহি পৰিছিল বিভেদ ৷ ২০১২ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অখিলেশ যাদৱক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰে ৷ কিন্তু তেতিয়াও মূলায়ম সিঙেই ৰিমোট কন্ট্ৰ’লেৰে চৰকাৰ চলোৱাৰ অভিযোগ উত্থাপণ হৈছিল ৷ ইয়াৰ পাছত ২০১৭ চনৰ নিৰ্বাচনত সমাজবাদী পাৰ্টী পৰাজিত হয় ৷ এই নিৰ্বাচনৰ কিছুদিন পূৰ্বেই মূলায়ম সিঙ যাদৱক দলৰ সভাপতি পদৰ পৰা আঁতৰাই দিছিল ৷ খঙত মূলায়ম সিঙে নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাছিল ৷ অভিমান কৰি কৈছিল যে অখিলেশে মোক অপমানিত কৰিছে ৷ যদি এজন পুত্ৰ নিজৰ পিতৃৰ প্ৰতি দায়বদ্ধ নহয় , তেওঁ আন কাৰোৱে হ’ব নোৱাৰে ৷ মূলায়ম সিঙৰ ইচ্ছাৰ বিৰুদ্ধেই ২০১৯ চনত মায়াবতীৰ সৈতে জোট বন্ধন কৰি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অখিলেশ যাদৱ ৷

এনেদৰে উত্থান পতন , বিচ্ছেদ আৰু মিতিৰালিৰে বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমাৰ আজি সামৰণি পৰিল ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296