সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি

অৰূপ কলিতা

কুস্তিৰ পৰা ৰাজনীতিলৈ : নেতাজীৰ যাত্ৰাৰ সামৰণি

সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মূলায়ম সিঙ যাদৱে সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ লগে লগে অন্ত পৰিল ভাৰতীয় ৰাজনীতিৰ এক বৰ্ণাঢ্য অধ্যায়ৰ ৷ কুস্তিৰ পৰা ৰাজনীতিলৈ , কমণ্ডলৰ পৰা মণ্ডলৰ ৰাজনীতিলৈ – মূলায়ম সিঙ যাদৱৰ জীৱনটোৱে আছিল এক বিচিত্ৰ কাহিনীৰ সমষ্টি ৷
ৰাজনীতিলৈ অহাৰ আগতে মূলায়ম সিঙ যাদৱ আছিল এজন কুস্তি খেলুৱৈ ৷ ছাত্ৰ জীৱনৰ পৰাই কুস্তি খেলৰ প্ৰতি তেওঁৰ আছিল অসীম আগ্ৰহ ৷ আনকি পৰীক্ষা আধাতে এৰিও মূলায়ম পাইছিলগৈ কুস্তি ময়দান ৷ কোৱা হয় যে মুলায়ম সিঙে যদি এবাৰ প্ৰতিদ্বন্দীৰ ককালত ধৰি ল’লে , হাজাৰ চেষ্টা কৰিও তেওঁ মুক্ত হ’ব নোৱাৰে ৷ সেইগৰাকী মূলায়ম সিঙ যাদৱে কুস্তিত দেখুওৱা বীৰত্ব এবাৰ দেখুৱাইছিল কলেজৰ এখন কবি সন্মিলনত ৷ ঘটনা ১৯৬০ চনৰ ২৬ জুনৰ ৷ স্থান মেনপুৰীৰ জৈন ইন্টাৰ কলেজ ৷ কলেজত চলি আছিল এখন কবি সন্মিলন ৷ কবিতা পাঠ কৰিবলৈ মঞ্চত উঠিল সেই যুগৰ বিখ্যাত কৰি দামোদৰ স্বৰূপ ৷ কবিতাৰ শিৰোণাম – দিল্লীৰ গাদী সাৱধান ৷ কবিতা আছিল চৰকাৰ বিৰোধী ৷ সেয়ে কবিতা পাঠত বাধা আহিল আৰক্ষীৰ পৰা ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন ইন্সপেক্টৰ মঞ্চলৈ উঠি গ’ল আৰু কবিৰ মুখৰ পৰা কাঢ়ি আনিলে মাইক ৷ কবিক ধমকি লগাই আৰক্ষী বিষয়াজনে ক’লে – আপুনি চৰকাৰ বিৰোধী কবিতা পঢ়িব নোৱাৰিব ৷ সেই সময়ত দৰ্শকৰ মাজত বহি আছিল ২১ বছৰীয়া মূলায়ম সিঙ যাদৱ ৷ লগে লগে তেওঁ মঞ্চলৈ উঠি গ’ল আৰু আৰক্ষী বিষয়াজনক দাঙি ধৰি মঞ্চৰ পৰা দলিয়াই দিলে ৷

- Donation -

সেইজনেই আছিল বাহুবলী মূলায়ম সিঙ যাদৱ ৷ কিন্তু কলেজৰ শিক্ষকৰ চাকৰিত যোগ দিয়াৰ পাছত নিজে কুস্তি খেলিবলৈ এৰিলে ৷ তাৰ পাছতো তেওঁ নিয়মীয়াকৈ নিজৰ গাঁৱত কুস্তি খেলৰ আয়োজন কৰি গ’ল ৷ কুস্তিৰ সময়ত ময়দান যিদৰে তেওঁ নিজৰ অনুকূলে আনি লৈছিল , সেই একেই পাৰদৰ্শিতা দেখুৱাইছিল ৰাজনীতিৰ ময়দানতো ৷ বিশেষ কোনো ৰাজনৈতিক পৰিচিতি নথকাকৈয়েই ৰাজনীতিত প্ৰথমৰ পৰাই সফলতাৰ পৰিচয় দাঙি ধৰে ৷

মূলায়ম সিঙ যাদৱৰ প্ৰতিভা প্ৰথমে চকুত পৰিছিল প্ৰজা চ’ছিয়েলিষ্ট পাৰ্টীৰ নেতা নাথু সিঙৰ ৷ তেৱেই ১৯৬৭ চনত যশৱন্তপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰ টিকট দিয়া হয় মুলায়ম সিঙ যাদৱক ৷ তেতিয়া মূলায়ম সিঙৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷ প্ৰথমবাৰ নিৰ্বাচনতে বিজয়ী হৈ মূলায়ম পৰিচিত হৈ পৰে উত্তৰ প্ৰদেশৰ সৰ্বকণিষ্ঠ বিধায়ক হিচাপে ৷ ১৯৭৭ ত যেতিয়া উত্তৰ প্ৰদেশত জনতা পাৰ্টীৰ চৰকাৰ গঠন হয় , মূলায়ম সিঙক দিয়া হয় মন্ত্ৰীত্ব ৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৮ বছৰ ৷

চৌধুৰী চৰণ সিঙ সময়ত সিঙে এটা কথা প্ৰায়ে আওৰাইছিল যে নিজৰ সন্তান অজিত সিঙ যদি তেওঁৰ আইনী উত্তৰাধিকাৰী , তেনেহ’লে মূলায়ম সিঙ হ’ব ৰাজনৈতিক উত্তৰাধিকাৰী৷ কিন্তু চৌধুৰী চৰণ সিঙৰ বেমাৰৰ সময়ত যেতিয়া অজিত সিঙ আমেৰিকাৰ পৰা দেশলৈ উভতি আহিল সমৰ্থকসকলে অজিত সিঙ পাৰ্টীৰ সভাপতি হ’ব লাগে বুলি দাবী উত্থাপণ কৰিলে ৷ তাৰ পাছৰেপৰা অজিত সিঙ আৰু মূলায়ম সিঙ যাদৱৰ মাজত আৰম্ভ হ’ল শীতল প্ৰতিযোগিতা ৷ কিন্তু মুখ্যমন্ত্ৰীত্বৰ দৌৰত প্ৰথম হ’বলৈ সক্ষম হ’ল মূলায়ম সিঙ যাদৱ ৷ ১৯৮৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ তেওঁ এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হ’ল ৷

১৯৯০ চনত কৰ সেৱকসকল বাবৰি মছজিদৰ দিশে ধাৱমান হ’ল ৷ ২ নৱেম্বৰৰ দিনটোত কৰ সেৱক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত কেবাজনো কৰসেৱক নিহত হ’ল ৷ সমগ্ৰ দেশৰ পৰিসস্থিতি হৈ উঠিল অস্থিৰ ৷
১৯৯২ চনৰ ৪ অক্টোবৰ ৷ মূলায়ম সিঙ যাদৱে নিজেই প্ৰতিষ্ঠা কৰিলে সমাজবাদী পাৰ্টী ৷ কিন্তু ৰাম মন্দিৰ আন্দোলনৰ পাছত বিজেপি উত্তৰ প্ৰদেশৰ গাৱে ভূঞে সোমাই পৰিছিল ৷ বিজেপিক অকলে প্ৰতিহত কৰাটো সম্ভৱ নহ’ব বুলি জানি তেও কাশীৰামৰ বহুজন সমাজ পাৰ্টীৰ লগত মিত্ৰতা স্থাপন কৰিলে ৷ ১৯৯৩ চনত উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ল ৷ ফলাফলত দেখা গ’ল যে মূলায়ম সিঙ যাদৱৰ সমাজবাদী পাৰ্টীয়ে ২৬০ খন আসনৰ ভিতৰত ১০৯ খন আৰু বহুজন সমাজ পাৰ্টীয়ে ১৬৩ খন আসনৰ ভিতৰত ৬৭ খন আসনত জয়লাভ কৰিছে ৷ বিজেপি সেইবাৰ ক্ষান্ত থাকিবলগীয়া হ’ল ১৭৭ খন আসনত ৷ কিন্তু সেই চৰকাৰ বেছি দিন নচলিল ৷ মায়াবতীয়ে ধাৰাবাহিক আক্ৰমণ কৰি গ’ল মুখ্যমন্ত্ৰী মূলায়ম সিঙ যাদৱক ৷ কাশীৰামৰ পৰা ঘনাই শুনিবলৈ ধৰিলে তিৰষ্কাৰ ৷ এটা সময়ত বহুজন সমাজ পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰ আলোচনা কৰিলে আৰু মূলায়ম চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে ৷ তাৰ পূৰ্বে এবাৰ মায়াবতী লক্ষ্ণৌলৈ অহাৰ সময়ত মূলায়মৰ সমৰ্থকসকলে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ এই ঘটনাৰ পাছতেই উত্তৰ প্ৰদেশৰ দ্ৰুত ৰাজনৈতিক পট পৰিৱৰ্তন আৰম্ভ হয় ৷ এক দশকতকৈও অধিক সময় মূলায়ম আৰু মায়াবতীৰ মাজত শত্ৰুৰ দৰে সম্পৰ্কই অব্যাহত থাকিল ৷

১৯৯৬ চনত প্ৰধানমন্ত্ৰী পদৰ দৌতৰো চামিল হয় মূলায়ম সিঙ যাদৱ ৷ কিন্তু লালুপ্ৰসাদ যাদৱৰ কূট কৌশলৰ বাবেই তেওঁৰ অভিযান ব্যৰ্থ হয় ৷ ১৯৯৬ চনত ইউনাইটেড ফ্ৰন্ট চৰকাৰত তেওঁ আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৷ কিন্তু দেৱগৌড়াই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ;ব , তাক লৈ জল্পনা – কল্পনা আৰম্ভ হয় ৷ মূলায়ম সিঙ যাদৱৰ নামো চৰ্চালৈ আহে ৷ কিন্তু লালুপ্ৰসাদ যাদৱ আৰু শাৰদ যাদৱ তেওঁৰ বাবে বাটৰ কাঁইট হৈ পৰে ৷

মিত্ৰতাৰ ৰাজনীতিত বহুবাৰ অস্থিৰতাৰ পৰিচয় দিছে মূলায়ম সিঙ যাদৱে ৷ চন্দ্ৰশেখৰ আছিল মূলায়ম সিঙ যাদৱৰ ৰাজনৈতিক গুৰু ৷ কিন্তু ১৯৮৯ চনত যেতিয়া প্ৰধানমন্ত্ৰীত্বৰ প্ৰশ্ন উত্থাপণ হ’ল , মূলায়ম সিঙে সমৰ্থন দিলে ভি পি সিঙক ৷ কিছুদিনৰ পাছতেই ভি পি সিঙৰ প্ৰতিও মোহভংগ হ’ল আৰু আকৌ এবাৰ চন্দ্ৰশেখৰৰ কাষ চাপিল ৷ ২০০২ চনত এন ডি এ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল এ পি জে আব্দুল কালামৰ নাম ৷ ইয়াৰ বিপৰীতে বামপন্থী দলসমূহে প্ৰক্ষেপ কৰিছিল লক্ষ্মী ছেহগালক ৷ কিন্তু শেষ সময়ত মূলায়ম সিঙ যাদৱে সমৰ্থন দিছিল আব্দুল কালামক ৷
২০০৮ চনত পৰমানু চুক্তিক কেন্দ্ৰ কৰি যেতিয়া বামপন্থী দলে মনমোহন সিঙ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিলে , একমাত্ৰ মূলায়ম সিঙ যাদৱৰ সমৰ্থনৰ বাবেই মনমোহন সিঙৰ চৰকাৰ ৰক্ষা পৰিছিল ৷
২০১৯ ত আকৌ ৰাজনৈতিক পৰ্যবেক্ষকসকলক আশ্চৰ্যচকিত কৰি তেওঁ ঘোষণা কৰিছিল যে নৰেন্দ্ৰ মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হোৱাটো তেওঁ বিচাৰে ৷

শেষলৈ পৰিয়ালৰ মাজতো আহি পৰিছিল বিভেদ ৷ ২০১২ চনত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত অখিলেশ যাদৱক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰে ৷ কিন্তু তেতিয়াও মূলায়ম সিঙেই ৰিমোট কন্ট্ৰ’লেৰে চৰকাৰ চলোৱাৰ অভিযোগ উত্থাপণ হৈছিল ৷ ইয়াৰ পাছত ২০১৭ চনৰ নিৰ্বাচনত সমাজবাদী পাৰ্টী পৰাজিত হয় ৷ এই নিৰ্বাচনৰ কিছুদিন পূৰ্বেই মূলায়ম সিঙ যাদৱক দলৰ সভাপতি পদৰ পৰা আঁতৰাই দিছিল ৷ খঙত মূলায়ম সিঙে নিৰ্বাচনী প্ৰচাৰতো অংশ লোৱা নাছিল ৷ অভিমান কৰি কৈছিল যে অখিলেশে মোক অপমানিত কৰিছে ৷ যদি এজন পুত্ৰ নিজৰ পিতৃৰ প্ৰতি দায়বদ্ধ নহয় , তেওঁ আন কাৰোৱে হ’ব নোৱাৰে ৷ মূলায়ম সিঙৰ ইচ্ছাৰ বিৰুদ্ধেই ২০১৯ চনত মায়াবতীৰ সৈতে জোট বন্ধন কৰি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল অখিলেশ যাদৱ ৷

এনেদৰে উত্থান পতন , বিচ্ছেদ আৰু মিতিৰালিৰে বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমাৰ আজি সামৰণি পৰিল ৷

Leave A Reply

Your email address will not be published.