টি২০ দলৰ অধিনায়ক হিচাপে শেষ বাৰ্তা কি দিলে বিৰাট কোহলিয়ে ?

Share This Article

টি ২০ দলৰ আধিনায়ক হিচাপে ৫০ খন মেচ খেলিছে বিৰাট কোহলিয়ে ৷ ৩২ খন বিজয়, ১৬ খনত পৰাজয় ৷ ২ খনৰ ফলাফল অমিমাংসিত ৷ কোহলিৰ নেতৃত্বত এইবাৰেই প্ৰথম টি ২০ বিশ্বকাপত অৱতীৰ্ণ হৈছিল ভাৰত৷ কিন্তু ফলাফল আশ্প্ৰদ নহ’ল ৷ ইয়াৰ পাছতেই বিৰাট কোহলিয়ে টি ২০ দলৰ অধিনায়কৰ দায়িত্ব ত্যাগ কৰাটোও যেন নিশ্চিত হৈ পৰিছে ৷
বিশ্বকাপৰ পৰা বাহিৰ হ’লেও সোমবাৰে নামিবিয়াৰ বিৰুদ্ধে বিজয়েৰে অভিযান সামৰিলে ভাৰতে ৷তাৰ পাছত টি ২০ দলৰ অধিনায়ক হিচাপেও শেষ বাৰ্তা দিলে বিৰাট কোহলিয়ে ৷ টুইটাৰত তেও লিখিলে –‘আমি একেলগে নিজৰ লক্ষ্যৰ দিশে আগুৱাই গৈছিলো ৷ কিন্তু শেষ লক্ষ্যত উপনীত হ’ব নোৱাৰিলো ৷ ইয়াৰ বাবে আমাতকৈ বেছি কষ্ট কোনেও পোৱা নাই ৷ আপোনালোকৰ পৰা যি সমৰ্থন পাইছো , সেয়া অতুলনীয় ৷ ইয়াৰ বাবে আমি কৃতজ্ঞ ৷ প্ৰতিজ্ঞা কৰিছো যে আমি আৰু অধিক শক্তিশালী হৈ উভতি আহিম ৷’
অহা ১৭ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ লগত আন এটা টি ২০ চিৰিজত অংশ ল’ব ভাৰতে ৷ তেতিয়ালৈকে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৷ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিব দলৰ নতুন অধিনায়কৰ নাম ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.