নোটবন্দীৰ ৫ বছৰ : মোদী চৰকাৰৰ ব্যৰ্থতাৰ ৫ বছৰ সম্পূৰ্ণ নেকি ?

Share This Article

আজিৰ পৰা ঠিক ৫ বছৰ আগৰ কথা ৷ দিনটো আছিল ৮ নৱেম্বৰ , ২০১৬ ৷ সেইদিনা নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি জনাইছিল যে ৮ নৱেম্বৰৰ নিশা ১২ বজাৰ পৰাই প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোটসমূহ অচল হৈ পৰিব ৷ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ,আমোলাসকলে এই বৃহৎ সিদ্ধান্তৰ কাৰণ বাখ্যা কৰি কৈছিল যে নোটবন্দীৰ ফলত ক’লা ধন নি:শেষ হ’ব , দেশত কেছ লেচ ইকোনমি আৰম্ভ হ’ব আৰু সন্ত্ৰাসবাদী – নক্সালবাদীৰ কঁকাল ভাঙি পৰিব ৷
নোটবন্দীৰ এই অবাস্তৱ সিদ্ধান্তৰ বিৰুদ্ধে সেই সময়তে প্ৰশ্ন উত্থাপণ হৈছিল যদিও দেশবাসী প্ৰধানমন্ত্ৰীৰ সমৰ্থনতে থিয় হোৱা দেখা গ’ল ৷ সেই নোটবন্দীৰ আজি ৫ বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কোৱা কথাবোৰ সঁচা হ’লনে ?
কোৱা হৈছিল যে নোটবন্দীৰ ফলত দুৰ্নীতিগ্ৰস্থ লোকৰ হাতত জমা থকা ক’লা ধন অচল হৈ পৰিব ৷ কিন্তু বাস্তৱত সেয়া দেখা নগ’ল ৷ কিয়নো , নোটবন্দী ঘোষণা কৰাৰ দিনটোত অৰ্থাৎ ৮ নৱেম্বৰ , ২০১৬ তাৰিখে ভাৰতত ১৫.৪১ লাখ কৌটি টকা মূল্যৰ ৫০০ আৰু ১০০০ টকীয়া নোট প্ৰচলনত আছিল ৷ ইয়াৰে ১৫.৩১ লাখ কৌটি টকা মূল্যৰ নোট বেংকলৈ ঘূৰি আহিল ৷ অৰ্থাৎ মাত্ৰ ১০,৭২০ কৌটি মূল্যৰ নোটহে প্ৰচলনৰ পৰা বাহিৰ হ’ল ৷ ইয়াৰ পৰা স্পষ্ট যে ক’লা ধনৰ প্ৰচলন বন্ধ কৰাত নোটবন্দী মুঠেও সফল নহ’ল ৷

চৰকাৰৰ মতে নোটবন্দীৰ ফলত দেশত কেচ লেচ ইকোনমিৰ প্ৰৱৰ্তন হ’ব ৷ কিন্তু নোটবন্দীৰ দিনটোত ভাৰতত ১৭.৭৪ লাখ কৌটি টকা মূল্যৰ নগদ ধন অৰ্থাৎ নোট বা মুদ্ৰা প্ৰচলন হৈ আছিল ৷ আজি ভাৰতৰ বজাৰত প্ৰচলিত কাৰেন্সীৰ পৰিমান হ’ল ২৮.৩০ লাখ কৌটি টকা ৷ অৰ্থাৎ নোটবন্দীৰ পাঁচটা বছৰ পাছত নগদ ধনৰ পৰিমান ১০.৩৩ লাখ কৌটি টকা (৫৮ শতাংশ) বৃদ্ধি পালে ৷

চৰকাৰৰ দাবী আছিল মাওবাদী , সন্ত্ৰাসবাদী সংগঠনৰ ৰাজহাঁড় ভাঙি পেলাব নোটবন্দীৰ সিদ্ধান্তই ৷ কিন্তু বাস্তৱত দেখা গ’ল যে তাৰ পাছৰে পৰা দেশত মাওবাদীৰ সক্ৰিয়তা বৃদ্ধিহে পাইছে ৷ ২০১৫ চনত ১৭১ টা মাওবাদী আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে২০১৬ ত ২৬৩ টা আৰু ২০১৭ ত ২০০ টা মাওবাদী আক্ৰমণ সংঘটিত হৈছিল ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাও নোটবন্দীৰ পাছৰ পৰা বৃদ্ধিহে পাই গ’ল ৷ ভাৰতত ২০১৬ চনত ২৩৯৪ টা , ২০১৭ চনত ২১২৬ টা , ২০১৮ চনত ২১১৯ টা , ২০১৯ চনত ১৭৮৬ টা , ২০২০ চনত ১৪৩১ টা আৰু ২০২১ চনত ১৪৭২ টা সন্ত্ৰাসবাদী আক্ৰমনৰ ঘটনা সংঘটিত হৈছে ৷ গতিকে সন্ত্ৰাসবাদী – মাওবাদীৰ গতি বিধি নিয়ন্ত্ৰণ কৰাতো যে নোটবন্দী সফল নহ’ল , সেয়া পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে ৷

চৰকাৰৰ নোটবন্দীৰ দৰে সিদ্ধান্তৰ ফলত বেংকত শাৰী পাতি থকা অৱস্থাত ১০০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.