সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নোটবন্দীৰ ৫ বছৰ : মোদী চৰকাৰৰ ব্যৰ্থতাৰ ৫ বছৰ সম্পূৰ্ণ নেকি ?

আজিৰ পৰা ঠিক ৫ বছৰ আগৰ কথা ৷ দিনটো আছিল ৮ নৱেম্বৰ , ২০১৬ ৷ সেইদিনা নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি জনাইছিল যে ৮ নৱেম্বৰৰ নিশা ১২ বজাৰ পৰাই প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোটসমূহ অচল হৈ পৰিব ৷ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ,আমোলাসকলে এই বৃহৎ সিদ্ধান্তৰ কাৰণ বাখ্যা কৰি কৈছিল যে নোটবন্দীৰ ফলত ক’লা ধন নি:শেষ হ’ব , দেশত কেছ লেচ ইকোনমি আৰম্ভ হ’ব আৰু সন্ত্ৰাসবাদী – নক্সালবাদীৰ কঁকাল ভাঙি পৰিব ৷
নোটবন্দীৰ এই অবাস্তৱ সিদ্ধান্তৰ বিৰুদ্ধে সেই সময়তে প্ৰশ্ন উত্থাপণ হৈছিল যদিও দেশবাসী প্ৰধানমন্ত্ৰীৰ সমৰ্থনতে থিয় হোৱা দেখা গ’ল ৷ সেই নোটবন্দীৰ আজি ৫ বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কোৱা কথাবোৰ সঁচা হ’লনে ?
কোৱা হৈছিল যে নোটবন্দীৰ ফলত দুৰ্নীতিগ্ৰস্থ লোকৰ হাতত জমা থকা ক’লা ধন অচল হৈ পৰিব ৷ কিন্তু বাস্তৱত সেয়া দেখা নগ’ল ৷ কিয়নো , নোটবন্দী ঘোষণা কৰাৰ দিনটোত অৰ্থাৎ ৮ নৱেম্বৰ , ২০১৬ তাৰিখে ভাৰতত ১৫.৪১ লাখ কৌটি টকা মূল্যৰ ৫০০ আৰু ১০০০ টকীয়া নোট প্ৰচলনত আছিল ৷ ইয়াৰে ১৫.৩১ লাখ কৌটি টকা মূল্যৰ নোট বেংকলৈ ঘূৰি আহিল ৷ অৰ্থাৎ মাত্ৰ ১০,৭২০ কৌটি মূল্যৰ নোটহে প্ৰচলনৰ পৰা বাহিৰ হ’ল ৷ ইয়াৰ পৰা স্পষ্ট যে ক’লা ধনৰ প্ৰচলন বন্ধ কৰাত নোটবন্দী মুঠেও সফল নহ’ল ৷

চৰকাৰৰ মতে নোটবন্দীৰ ফলত দেশত কেচ লেচ ইকোনমিৰ প্ৰৱৰ্তন হ’ব ৷ কিন্তু নোটবন্দীৰ দিনটোত ভাৰতত ১৭.৭৪ লাখ কৌটি টকা মূল্যৰ নগদ ধন অৰ্থাৎ নোট বা মুদ্ৰা প্ৰচলন হৈ আছিল ৷ আজি ভাৰতৰ বজাৰত প্ৰচলিত কাৰেন্সীৰ পৰিমান হ’ল ২৮.৩০ লাখ কৌটি টকা ৷ অৰ্থাৎ নোটবন্দীৰ পাঁচটা বছৰ পাছত নগদ ধনৰ পৰিমান ১০.৩৩ লাখ কৌটি টকা (৫৮ শতাংশ) বৃদ্ধি পালে ৷

- Donation -

চৰকাৰৰ দাবী আছিল মাওবাদী , সন্ত্ৰাসবাদী সংগঠনৰ ৰাজহাঁড় ভাঙি পেলাব নোটবন্দীৰ সিদ্ধান্তই ৷ কিন্তু বাস্তৱত দেখা গ’ল যে তাৰ পাছৰে পৰা দেশত মাওবাদীৰ সক্ৰিয়তা বৃদ্ধিহে পাইছে ৷ ২০১৫ চনত ১৭১ টা মাওবাদী আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে২০১৬ ত ২৬৩ টা আৰু ২০১৭ ত ২০০ টা মাওবাদী আক্ৰমণ সংঘটিত হৈছিল ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাও নোটবন্দীৰ পাছৰ পৰা বৃদ্ধিহে পাই গ’ল ৷ ভাৰতত ২০১৬ চনত ২৩৯৪ টা , ২০১৭ চনত ২১২৬ টা , ২০১৮ চনত ২১১৯ টা , ২০১৯ চনত ১৭৮৬ টা , ২০২০ চনত ১৪৩১ টা আৰু ২০২১ চনত ১৪৭২ টা সন্ত্ৰাসবাদী আক্ৰমনৰ ঘটনা সংঘটিত হৈছে ৷ গতিকে সন্ত্ৰাসবাদী – মাওবাদীৰ গতি বিধি নিয়ন্ত্ৰণ কৰাতো যে নোটবন্দী সফল নহ’ল , সেয়া পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে ৷

চৰকাৰৰ নোটবন্দীৰ দৰে সিদ্ধান্তৰ ফলত বেংকত শাৰী পাতি থকা অৱস্থাত ১০০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল ৷

Leave A Reply

Your email address will not be published.