সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সর্বাধিক সাধাৰণ জনতাই প্ৰাণ হেৰুৱাই কিয় অসম-মণিপুৰত?

কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে লোকসভাত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত মণিপুৰত সশস্ত্র সংঘৰ্ষত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মণিপুৰত।দ্বিতীয় স্থানত আছে অসম।যোৱা ছবছৰতে মণিপুৰত প্রাণ হেৰুৱাইছে সৰ্বাধিক ১৬৭ জন লোকে।এই লোকসকলৰ ভিতৰত আছে ৫৮ জন সাধাৰণ নাগৰিক,৩৪ জন সুৰক্ষা বাহিনীৰ লোক আৰু ৭৫ জন উগ্ৰপন্থী।প্রতিবেদনখনৰ মতে,উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম।অসমত এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে মুঠ ১৫৩ জন লোকে। ইয়াৰ ভিতৰত ৯০ জন উগ্রপন্থী সংগঠনৰ সদস্য, ৮ জন সুৰক্ষা বাহিনীৰ লোক আৰু ৫৫জন সাধাৰণ নাগৰিক আছে। তৃতীয় স্থানত আছে অৰুণাচল প্রদেশ। তাত মৃত্যু হৈছে মুঠ ৬৯ জন লোকৰ। ইয়াৰ ভিতৰত আছে ৪৪ জন উগ্রপন্থী, ৯জন সুৰক্ষা বাহিনীৰ লোক আৰু ১৬জন সাধাৰণ নাগৰিক।মেঘালয়ত এই সময়ছোৱাত প্রাণ হেৰুৱাইছে মুঠ ৪০জন লোকে।ইয়াৰ ভিতৰত আছে ২৪ জন উগ্রপন্থী,এজন সুৰক্ষা বাহিনীৰ লোক আৰু ১৫জন সাধাৰণ নাগৰিক। একেদৰে নগালেণ্ডতো মুঠ ২৯ জন লোকে প্রাণ হেৰুৱাইছে এই সময়ছোৱাত। ইয়াৰ ভিতৰত ১৬জন উগ্রপন্থী, ৬জন সুৰক্ষা বাহিনীৰ লোক আৰু ৭ জন সাধাৰণ নাগৰিক আছে। ত্ৰিপুৰাত এই সময়ছোৱাত মুঠ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে।ইয়াৰে এজন উগ্ৰপন্থী আৰু ২ জন সুৰক্ষা বাহিনীৰ লোক।উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত মিজোৰাম আটাইতকৈ শান্তিপ্রিয় ৰাজ্য হিচাপে পৰিগণিত হৈছে।কিয়নো ২০১৬ চনৰ পৰা চলিত ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত ৰাজ্য খনত কোনো সাধাৰণ নাগৰিক,উগ্ৰপন্থী বা সুৰক্ষা বাহিনীৰ লোকৰ মৃত্যু হোৱা নাই। উগ্রপন্থী ৰাজ্য হিচাপে পৰিগণিত হৈছে। কিয়নো ২০১৬ চনৰপৰা আৰু ২জন সুৰক্ষা বাহিনীৰ লোক। লক্ষণীয়ভাবে,বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সদস্যৰ মৃত্যুৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ভিতৰতে অসমে শীৰ্ষস্থান লাভ কৰিছে। ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পৰ্যন্ত হোৱা সশস্ত্ৰ সংঘাতত অসমত ৯০জন বিভিন্ন উগ্রপন্থী সংগঠনৰ সদস্যই প্ৰাণ হেৰুওৱাৰ বিপৰীতে মণিপুৰত ৭৫ জন উগ্রপন্থীৰ এই সময়ছোৱাত মৃত্যু হৈছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ প্রতিবেদন মতে উত্তৰ-পূৰ্বাঞ্চলত ২০১৬ চনত ৪৮৪টা, ২০১৭ চনত ৩০৮টা, ২০১৮ চনত ২৫২টা, ২০১৯ চনত ২২৩টা, ২০২০ চনত ১৬৩টা আৰু ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত ১৮৭ টা সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে।

Leave A Reply

Your email address will not be published.