চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?সংবাদ স্বাধীনতাৰ ওপৰত বহু সময়ত প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে সংসদত দাখিল হোৱা এখন প্ৰতিবেদনে পুনৰ উত্থাপন কৰিছে এই প্ৰশ্ন-চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?বুধবাৰে যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতিয়ে অনুমোদন জনাইছে এখন মেডিয়া কাউঞ্চিল গঠনৰ৷যাতে প্ৰেছ অথবা ইলেক্ট্ৰনিক সকলো প্ৰকাৰৰে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিব পাৰে এই প্ৰেছ কাউঞ্চিলে৷শশী থাৰুৰ নেতৃত্বাধীন সংসদীয় সমিতিখনে বুধবাৰে সংসদত দাখিল কৰে ইথিকেল ষ্টেণ্ডার্ডচ ইন মেডিয়া কভাৰেজ শীর্ষক প্ৰতিবেদন৷এই প্ৰতিবেদনত দেশৰ সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা আৰু সতসত হেৰুৱাইছে বুলি উল্লেখ কৰি ভাৰত চৰকাৰক এখন মেডিয়া কাউঞ্চিল গঠন কৰিবলৈ অনুমোদন জনাইছে সমিতিয়ে৷
উল্লেখনীয় যে সংবাদ মাধ্যম নিয়ন্ত্ৰন সম্পর্কীয় দুটাকৈ সংস্থা প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়া আৰু News Broadcasting and Digital Standards Authority এতিয়াও কার্যকৰী হৈ আছে৷কিন্তু সংসদীয় সমিতিৰ প্ৰতিবেদনত এই দুটা সংস্থাৰ সীমাবদ্ধতা আছে বুলি উল্লেখ কৰা হৈছে৷ News Broadcasting and Digital Standards Authority হৈছে এটা স্বাধীন সংস্থা৷ইয়াৰ সদস্য সংবাদ প্ৰতিষ্ঠান সমূহকহে এই নিয়ন্ত্ৰণ কৰিব৷এই সংস্থাই অভিযুক্ত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত শাস্তিমূলক ব্যবস্থা লোৱাৰো আছে বহু সীমাবদ্ধতা৷আনহাতে ভাৰত চৰকাৰেও এতিয়ালৈ আনুষ্ঠানিক স্বীকৃতি দিয়া নাই News Broadcasting and Digital Standards Authority ক৷
একেদৰে প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ কৰে কেৱল প্ৰিন্ট মেডিয়াক৷ইয়াৰ গণ্ডীৰ বাহিৰত ইলেক্ট্ৰনিক মেডিয়া৷সেইবাবেই প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মেডিয়া সকলোকে নিয়ন্ত্ৰণ কৰিব পৰাকৈ এখন সার্বজনীন মেডিয়া কাউঞ্চিল গঠন অনুমোদন জনাইছে সংসদীয় সমিতিখনে৷
এই প্ৰতিবেদনত কোৱা হৈছে যে,সংবাদ মাধ্যম দেশৰ নাগৰিকৰ হাতত থকা আটাইতকৈ বিশ্বাসযোগ্য অস্ত্ৰ৷কিন্তু লাহে লাহে দেশৰ সংবাদ মাধ্যমে জনপ্ৰিয়তা ,বিশ্বাসযোগ্যতা আৰু সততা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷এনে এক প্ৰেক্ষাপটত সকলো প্ৰকাৰৰ সংবাদ মাধ্যমক নিয়ন্ত্ৰন কৰিব পৰাকৈ বিধিসন্মত ক্ষমতাৰে এখন মেডিয়া কাউঞ্চিল গঠন কৰিবলৈ অনুমোদন জনোৱা হৈছে ভাৰত চৰকাৰক৷
মেডিয়া কাউঞ্চিল গঠনৰ পূর্বে বিশেষজ্ঞৰে মেডিয়া পৰিষদ গঠন কৰি এই সন্দর্ভত পর্যালোচনা চলোৱাৰ পৰামর্শ দিয়া হৈছে প্ৰতিবেদনত৷মেডিয়া পৰিষদকো ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ দিহা দিয়া হৈছে প্ৰতিবেদনত৷সেই প্ৰতিবেদনৰ ভিত্তিতেই সকলো প্ৰকাৰৰ সংবাদ মাধ্যমৰ অনিয়ম,ফেক নিউজ পর্যবেক্ষণ তথা দেশৰ সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব পৰাকৈ মেডিয়া কাউঞ্চিল গঠনৰ অনুমোদন জনাইছে সংসদীয় সমিতিয়ে৷
কিন্তু এই অনুমোদনৰ পিছতেই উত্থাপন হৈছে প্ৰশ্ন৷মেডিয়া কাউঞ্চিলৰ জৰিয়তে চৰকাৰৰ নিয়ন্ত্ৰনলৈ গুছি যাব নেকি দেশৰ সংবাদ মাধ্যম?মেডিয়া কাউঞ্চিলৰ নিয়ন্ত্ৰনত থাকি দেশৰ সংবাদ মাধ্যমে হেৰুৱাব নেকি স্বাধীনতা?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.