কেৰালাত কাৰাবন্দী অসমৰ শ্ৰমিক, চৰকাৰে খবৰ ল’বনে ?

Share This Article

 অসমৰ ৩১ জনকৈ শ্ৰমিক এতিয়া বন্দী হৈ আছে কেৰালাৰ বিভিন্ন কাৰাগাৰত ৷ বিগত প্ৰায় এমাহ ধৰি এই শ্ৰমিকসকলে কাৰাগাৰত দিন কটাইছে ৷ কিন্তু এতিয়াও কাৰাবন্দী শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷  অসমৰ কোন কোন শ্ৰমিকে কি কাৰণত কেৰালাত বন্দী জীৱন কটাবলগীয়া হৈছে তাৰ সবিশেষ তথ্য –এমুঠি ভাতৰ যোগাৰ কৰিবলৈ অসমৰ বহু নিবনুৱা বহি:ৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হোৱাটো কোনো নতুন কথা নহয় ৷ লকডাউনৰ সময়ত অসমৰ কিমান শ্ৰমিক বহি:ৰাজ্যত কৰ্মৰত হৈ আছে তাৰ উদ্বেগজনক ছবিখন স্পষ্ট হৈ পৰিছিল ৷ অসমত কামৰ অভাৱ বাবেই তেওলোকে কাম বিচাৰি আন ৰাজ্যত আশ্ৰয় ল’বলগীয়া হয় ৷কিন্তু কাম বিচাৰি কেৰালালৈ যোৱা অসমৰ ৩১ জন শ্ৰমিকে এতিয়া কাৰাগাৰত অসহায় জীৱন কটাবলগীয়া হৈছে ৷ ঘটনাটো এনেধৰণৰ ৷ কেৰালাৰ কিজহাক্কামবলামত এটা নিৰ্মান সংস্থাত কৰ্মৰত হৈ আছিল অসমকে ধৰি বহুকেইখন ৰাজ্যৰ শ্ৰমিক ৷ কিন্তু নিৰ্মান সংস্থাটোৱে নিয়মীয়াকৈ দৰমহা দিয়াত খেলি মেলি কৰিবলৈ আৰম্ভ কৰে ৷ ফলত শ্ৰমিকসকল ক্ষোভিত হৈ উঠে ৷ দীৰ্ঘদিন ধৰি শ্ৰমিক আৰু মালিকপক্ষৰ মাজত চেপা সংঘাত বিৰাজ কৰি থকাৰ পাছত যোৱা বছৰৰ ২৫ ডিচেম্বৰত সংঘাতে মুকলি ৰূপ লয় ৷ আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষী বাহিনীও শ্ৰমিকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে ৷ তাৰ পাছতে কেৰালা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ১৭৪ জনকৈ শ্ৰমিকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা বেছিভাগ শ্ৰমিকেই আছিল ঝাৰখণ্ড , নাগালেণ্ড , অসম আৰু উত্তৰ প্ৰদেশত ৷ উদ্বেগজনক কথাটো হ’ল সম্প্ৰতি কেৰালাৰ কাৰাগাৰত বন্দী জীৱন কটাইছে অসমৰো ৩১ জনকৈ শ্ৰমিকে ৷ কেৰালাৰ এটা সূত্ৰই অসমৰ এই শ্ৰমিকসকলৰ এখন তালিকা দ্য ক্ৰছকাৰেন্টলৈ প্ৰেৰণ কৰিছে ৷  কেৰালাত কাৰাবন্দী হৈ থকা অসমৰ শ্ৰমিককেইজন হ’ল –

হোজাইৰ যতীন চাৰেন
ছয়গাৱৰ সুনীল ৰাভা
গোগামুখৰ প্ৰণৱ দেউৰী
কোকৰাঝাৰৰ ৰিংখাঙ বসুমতাৰী
তিনিচুকীয়াৰ থমাছ মুণ্ডা
হোজাইৰ প্ৰশান্ত চাৰেন
বকোৰ নিপু শৰ্মা
গোলাঘাটৰ দেবেন হাছদা
সঞ্জীৱ ভূঞা
চন্দ্ৰপুৰৰ প্ৰকাশ বিশ্বাস
তিনিচুকীয়াৰ পোল খাৰিয়া
কাৰ্বি আংলঙৰ প্ৰবীন মালাঙ
ডুমডুমাৰ পালোৱান বৰাইক
বকোৰ যতীন বড়ো
গোলাঘাটৰ খগেন হেমৰম
কোকৰাঝাৰৰ অসীম ৰয়
ফিলোবাৰীৰ এলিয়াছ বৰুৱা
ওডালগুৰিৰ পলাশ খালখো
চন্দ্ৰপুৰৰ কেলঙ মাৰাক
ডিমাকুছিৰ কৰ্মা খাদিয়া
তিনিচুকীয়াৰ ৰাজীৱ ওৰাঙ
শোণিতপুৰৰ দিগন্ত সাহা
কোকৰাঝাৰৰ বিষ্ণু ব্ৰক্ষ্ম
কামৰূপৰ কমল ৰাভা
কোকৰাঝাৰৰ সন্তোষ বাহাদুৰ মগৰ ইত্যাদি
অসমৰ এই ৩১ জন শ্ৰমিকে পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ পৰিস্থিতিগত কাৰণত এতিয়া কাৰাবন্দী জীৱন কটাবলগীয়া হৈছে ৷ তেওলোকে আইনী যুঁজখন চলাই নিবৰ বাবেও কোনো ধৰণৰ সাহায্য এতিয়ালৈকে লাভ কৰা নাই ৷ যাৰ বাবে এই শ্ৰমিকসকলে চকুৰে ধোৱা কোৱা দেখাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ আন আন ৰাজ্যৰ বন্দী শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সেই ৰাজ্যৰ চৰকাৰে কেৰালা চৰকাৰৰ লগত ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে ৷ কিন্তু অসমৰ শ্ৰমিক কেইজনে কোনো আইনী বা প্ৰশাসনিক সহায় সহযোগিতা লাভ নকৰি অসহায় জীৱন কটাবলগীয়া হৈছে বুলি কেৰালাৰ সূত্ৰই দ্য ক্ৰছকাৰেন্টক জানিবলৈ দিছে ৷ পৰ্যাপ্ত আইনী সহায় লাভ নকৰিলে এই শ্ৰমিককেইজনে অনিৰ্দিষ্ট কাললৈ কাৰাগাৰতে থাকিব লাগিব বুলি সূত্ৰটোৱে সদৰী কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.