সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ভূমি কেলেংকাৰিৰ তদন্ত কৰোৱাৰ দাবীত অহা ১০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অসমৰ সকলো জিলাতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰা কাৰ্যসূচী অনুসৰি প্ৰতিখন জিলাতে কংগ্ৰেছে এক সমদল উলিয়াই জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব ৷ যদি তাৰ পাছতো ন্যায়িক তদন্ত ঘোষণা নকৰে প্ৰদেশ কংগ্ৰেছে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ লগতে দেশৰ ৰাজধানী নতুন দিল্লীত সংসদৰ ভিতৰে বাহিৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

Leave A Reply

Your email address will not be published.