RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷

Share This Article

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ভূমি কেলেংকাৰিৰ তদন্ত কৰোৱাৰ দাবীত অহা ১০ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অসমৰ সকলো জিলাতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰা কাৰ্যসূচী অনুসৰি প্ৰতিখন জিলাতে কংগ্ৰেছে এক সমদল উলিয়াই জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব ৷ যদি তাৰ পাছতো ন্যায়িক তদন্ত ঘোষণা নকৰে প্ৰদেশ কংগ্ৰেছে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ লগতে দেশৰ ৰাজধানী নতুন দিল্লীত সংসদৰ ভিতৰে বাহিৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.