১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

Share This Article

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল।
ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ?
শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি তুলিছে। সমাজবাদী পাৰ্টীয়ে দাবী কৰিছে যে, আয়কৰ বিভাগে ভুল মানুহৰ ঘৰত অভিযান চলাইছে। দলৰ নেতা অখিলেশ যাদৱে কৈছে যে, আয়কৰ বিভাগে সুগন্ধি ব্যৱসায়ী পুস্পৰাজ জৈনৰ ঘৰত অভিযান চলাব বিচাৰিছিল। যিয়ে অলপতে সমাজবাদীৰ নামত সুগন্ধিৰ বটল মুকলি কৰিছিল। কিন্তু আয়কৰ বিভাগে ভুলবশতঃ বিজেপি দলৰ ব্যৱসায়ী পীযুষ জৈনৰ ঘৰত তালাচী চলালে। অখিলেশ যাদৱে লগতে অভিযোগ কৰিছে যে সেই ধন প্ৰকৃততে বিজেপিৰহে আছিল।
শনিবাৰে জিএছটি পৰিষদৰ বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। তেওঁ অৱশ্যে সমাজবাদী পাৰ্টিৰ দাবী প্ৰত্যাখ্যান কৰি কয়, “সেই ধন বিজেপিৰ নহয়।” তেওঁ লগতে অখিলেশ যাদৱক প্ৰশ্ন কৰে, কাৰ ধন আপুনি কেনেকৈ জানিলে? আপুনি সেই টকাত অংশীদাৰ নেকি? অন্যথা, আপুনি কেনেকৈ জানিব পাৰিব যে টকাবোৰ ক’ত আছে? ” নিৰ্মলা সীতাৰমণে দাবী কৰে যে আয়কৰ বিভাগে নিজৰ উৎস পোৱাৰ বাবে অভিযান চলাইছিল। ইয়াত কোনো ৰাজনীতি নাই।
আয়কৰ বিভাগে কানপুৰত সুগন্ধি ব্যৱসায়ী পীয়ুষ জৈনীৰ ঘৰত অভিযান চলাই ১৯৭.৪৩ কোটি টকা উদ্ধাৰ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.