বিক্ৰী কৰা হ’ব চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড অৰ্থাৎ কেন্দ্ৰীয় বিদ্যুৎ নিগম।

Share This Article

এয়াৰ ইণ্ডিয়াৰ পিছতে দেশৰ দ্বিতীয়টো বৃহৎ ৰাজহুৱা সম্পদ বিক্ৰীৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে দ্বিতীয় বাৰৰ বাবে এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত স্বত্বাধিকাৰীৰ হাতত গতাই দিয়াৰ জো-যা চলাইছে। অৰ্থাৎ এতিয়াৰে পৰা ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিব চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড। চৰকাৰৰ এই ঘোষণাৰ পিছতেই এতিয়া দেশৰ সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।ইয়াতেই এটা কথা উল্লেখ কৰিব লাগিব যে চেণ্ট্ৰেল ইলেক্ট্ৰনিকচ লিমিটেড বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা মন্ত্ৰালয়ে পৰিচালনা কৰে। কিন্তু এতিয়া চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড বিক্ৰীৰ বাবে ইতিমধ্যেই এখন বিশেষ তিনিজনীয়া সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী-নিৰ্মলা সীতাৰমণ আৰু জীতেন্দ্ৰ সিঙক লৈ গঠিত সমিতি খনে চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেডৰ নিবিদা প্ৰক্ৰিয়া চোৱা-চিতা কৰি আছে। কোম্পানীটোত চৰকাৰৰ অংশীদাৰীত্ব হ্ৰাস কৰাৰ প্ৰক্ৰিয়াটো ২০১৬ চনত কেবিনেট সমিতিৰ নীতিগত অনুমোদনৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। ২০১৯ চনত বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত বিফল হোৱাৰ পিছত বিগত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল চৰকাৰে। চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড ক্ৰয়ৰ বাবে নিবিদা আহ্বান কৰিছিল ভাৰত চৰকাৰে। চুক্তিটোৰ বাবে সংৰক্ষিত মূল্য আছিল ১৯৪ কোটি টকা। চৰকাৰে নন্দল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেডৰ পৰা ২১০ কোটি আৰু জেপিএম ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ পৰা ১৯০ কোটিৰ বিত্তীয় নিবিদা লাভ কৰিছিল। ইয়াৰ পিছতে বিগত সোমবাৰে চৰকাৰে নন্দল ফাইনেন্স এণ্ড লিজিং প্ৰাইভেট লিমিটেডে চেণ্ট্ৰেল ইলেক্ট্ৰনিক্স লিমিটেড ক্ৰয়ৰ বাবে দিয়া ২১০ কোটিৰ নিবিদাত অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্য অনুসৰি সমগ্ৰ বিনিয়োগ প্ৰক্ৰিয়াটো নিবিদাকাৰীসকলৰ গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ স্বচ্ছ ভাৱে সম্পন্ন কৰা হৈছে। লগতে কোৱা হৈছে যে দুয়োপক্ষই শ্বেয়াৰ ক্ৰয় চুক্তিত স্বাক্ষৰ কৰাৰ আগতে অভিপ্ৰায়পত্ৰ জাৰী কৰা হব। আনহাতে চুক্তিটো দুটা বিত্তীয় বৰ্ষত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে ১৭ টা ৰাজ্যিক মালিকানাধীন উদ্যোগত বিনিয়োগৰ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া চলাই আছে। বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কিষাণৰাও কাৰাডে সোমবাৰে সংসদত দিয়া তথ্য অনুসৰি ইয়াৰ ভিতৰত এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডৰ কাম প্ৰায় সমাপ্তিৰ পথত। এয়াৰ ইণ্ডিয়াৰ বাবে চৰকাৰে ইতিমধ্যেই টাটা গ্ৰুপৰ টালেচ প্ৰাইভেট লিমিটেডক বাছনি কৰিছে। চেণ্ট্ৰেল ইলেক্ট্ৰনিকছৰ বাহিৰেও বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগে প্ৰজেক্ট এণ্ড ডেভেলপমেণ্ট ইণ্ডিয়া লিমিটেড- ইঞ্জিনিয়াৰিং প্ৰজেক্ট লিমিটেড- ব্ৰিজ এণ্ড ৰুফ কোম্পানীৰ দৰে কোম্পানীত বিনিয়োগ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আনহাতে প্ৰশাসনিক মন্ত্ৰালয়েও ইণ্ডিয়া টুৰিজম ডেভেলপমেণ্ট কৰ্পৰ বিভিন্ন গোটৰ অংশীদাৰিত্ব বিক্ৰী প্ৰক্ৰিয়া চলাই আছে। অৱশ্যে হিন্দুস্তান নিউজপ্ৰিণ্ট লিমিটেড আৰু কৰ্ণাটক এণ্টিবায়টিক এণ্ড ফাৰ্মাচিউটিকেল লিমিটেডৰ ক্ষেত্ৰত মোকৰ্দমাৰ বাবে লেনদেন স্থগিত ৰখা হৈছে। চৰকাৰে এই বিত্তীয় বৰ্ষৰ বাবে ১.৭৫ ট্ৰিলিয়ন বিনিয়োগ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তক লৈ এতিয়া দেশৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোৱে যদি ইয়াক এটা সময়োপযোগী সিদ্ধান্ত বুলি দাবী কৰিছে কোনোৱে আকৌ এইয়া দেশ পুঁজিপতিৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ বুলি সমালোচনা কৰিছে। এনেদৰেই এতিয়া ৰাজহুৱা সম্পত্তি ব্যক্তিগত স্বত্বাধীকাৰীৰ হাতত গতাই দিবলৈ সাজু হৈছে বিজেপি চৰকাৰ। অৱশ্যে এনে প্ৰতিষ্ঠানত বিনিয়োগ হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ ফলত জনতা কেনেদৰে লাভান্বিত হব সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.