আল-কায়দা আৰু ISI-এ আক্ৰমণ কৰিব পাৰে অসমঃ কিন্তু কিয়?

Share This Article

পাকিস্তানৰ গুপ্তচৰ সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) অসম আৰু দেশৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে দেওবাৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শকে(L & O) জাৰি কৰা এক বিশেষ বিজ্ঞপ্তিত কোৱা হৈছে যে RSS কেডাৰ, সেনাৰ কেম্প, গণ সমাৱেশ বা জনসমাগম আৰু ধৰ্মীয় স্থানসমূহ হৈছে ISIৰ আক্ৰমণৰ সম্ভাৱ্য লক্ষ্য। অসম আৰক্ষীৰ ইণ্টেল ইনপুট চাৰ্কুলাৰত লগতে কোৱা হৈছে যে Organization of Islamic Cooperation (OIC)ৰ সাধাৰণ সচিবালয়ে এটা টুইটাৰ যোগে ধলপুৰৰ উচ্ছেদ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। আল-কায়দাৰ দ্বাৰা এটা ভিডিঅ বাৰ্তাৰ পৰা প্ৰাপ্ত আন এটা ইনপুটে বিশেষকৈ অসম (আৰু কাশ্মীৰ)ত জিহাদৰ আহ্বানৰ ইংগিত দিয়ে। আল-কায়দাৰ AS-SAHAB-এ Do not Sit Idly Grieving শীৰ্ষক এটা প্ৰচাৰ ভিডিঅ মুকলি কৰিছে য’ত ভাৰতীয় মুছলমানসকলক হত্যা কৰাৰ অভিযোগৰ ভিডিঅ দেখুওৱা হৈছে। তাৰ ভিতৰত কিছুমান ভিডিঅ অসম আৰু কাশ্মীৰৰ। সেয়েহে জিহাদৰ আহ্বান জনোৱা হৈছে। ইফালে এই চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে সষ্টম হৈ পৰিছে অসম চৰকাৰ আৰু প্ৰশাসন। ৰাজ্যৰ আৰক্ষী আয়ুক্ত, সকলো জিলা আৰক্ষী, বিশেষ ডিজিপি (টি এপি) আৰু আইপি (বিটিএডি), কোকৰাঝাৰ, এডিজিপিৰ (এছবি/এছ) অসম, আৰু সকলো ডিআইজিক যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক আৰু সাৱধানতামূলক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.