কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব আফগানী শৰনাৰ্থী?

Share This Article

তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল কৰাৰ পিছতে হুৱাদুৱা লাগিছে আফগান জনসাধাৰণৰ মাজত। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে আফগানিস্তানত অসুৰক্ষিত অনুভৱ কৰা লোক সকলৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনিছে এক সুখবৰ। ভাৰতত প্ৰৱেশৰ বাবে আবেদন জনোৱা আফগানী নাগৰিক সকলৰ বাবে দেশৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এক বিশেষ বিবৃতি। উল্লেখ্য যে ,  ভাৰতত প্ৰৱেশ কৰিবলৈ আবেদন জনোৱা আফগান নাগৰিকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে আফগান নাগৰিকসকলৰ বাবে এক শ্ৰেণীৰ নতুন ই-ভিছা প্ৰৱৰ্তন কৰিছে দেশৰ গৃহ বিভাগে।দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, এই ভিছাসমূহ কেৱল ছয় মাহৰ বাবে বৈধ হ’ব আৰু নিৰাপত্তা সম্পৰ্কীয় সকলো দিশ পৰ্য্যালোচনা কৰাৰ পিছতহে এই ভিছাসমূহ মঞ্জুৰ কৰা হ’ব। আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ গৃহ বিভাগে ইতিমধ্যেই ভিছা প্ৰদান ব্যৱস্থাৰ পৰ্যালোচনা আৰম্ভ কৰিছে। গৃহ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ভাৰতত প্ৰৱেশৰ কাৰণে ফাষ্ট-ট্ৰেক ভিছা আবেদনৰ বাবে ই-ইমাৰ্জেন্সি এক্স-মিস্ক ভিছা নামৰ এক শ্ৰেণীৰ নতুন ইলেক্ট্ৰনিক ভিছা প্ৰৱৰ্তন কৰা হৈছে। গতিকে আফগান শৰনাৰ্থীক সুৰক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.