আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা

Share This Article

প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ পাল গৌতমক হিন্দু ধৰ্মৰ উপাষ্য দেৱতাৰ প্ৰতি কটু মন্তব্য কৰা এক অনুষ্ঠানত উপস্থিত থকা বাবে কঠোৰ ভাষাৰে থকাসৰকা কৰিছে বিজেপিয়ে ।গৌতম উপস্থিত থকা এখন সভাত প্ৰায় ১০,০০০ লোকে হিন্দু ধৰ্মৰ উপাষ্য দেৱতাক পূজা নকৰাৰ বাবে প্ৰতিজ্ঞা কৰিছিল আৰু এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈছিল। সেই সভাতে, প্ৰায় ১০,০০০ লোকে চলিত মাহৰ প্ৰথম সপ্তাহত হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।গৌতমৰ এই অনুষ্ঠানত উপস্থিতিয়ে আপ দলক এক প্ৰকাৰ বিমোৰত পেলাইছিল যাৰ ফলত বিব্ৰত ৰাজেন্দ্ৰ পাল গৌতমে নিজেই মন্ত্ৰীত্ব ত্যাগ কৰিবলৈ বাধ্য হৈছিল ।গুজৰাট নিৰ্বাচনৰ সময়ত গৌতমৰ হিন্দু ধৰ্ম ত্যাগৰ ভিডিঅ’ই বিৰোধী দল বিজেপিক আপ এটা হিন্দুত্ব বিৰোধী দল বুলি প্ৰতিপন্ন কৰাত সহায় কৰিছিল।মন্ত্ৰীত্ব ত্যাগৰ পিছতো বিজেপিয়ে গৌতমক হিন্দুত্ব বিৰোধী বুলি আক্ৰমণ অব্যাহত ৰাখিছে।বিজেপিয়ে গৌতমৰ স্থিতিক লৈ কৰা আক্ৰমণক লৈ ‘মৌনতা’ অৱলম্বন কৰিছে আপে ৷ আপৰ এই স্থিতিক লৈ খড়গহস্ত হৈ পৰিছে গৌতম। আপ নেতাজনৰ মতে তেওঁ একো ‘ভুল’ কৰা নাই আৰু তেওঁ এই ‘যুদ্ধ’ অব্যাহত ৰাখিব।কিন্তু আপৰ মৌনতাৰ বিপৰীতে ৰাজেন্দ্ৰ পাল গৌতমক সংগ দিছে সমগ্ৰ দেশৰ ২০ টাতকৈয়ো অধিক দলিত আৰু বহুজন সংগঠনে।শুকুৰবাৰে তেওঁ প্ৰায় ৩,০০০ লোকক এখন সভাত সম্বোধন কৰাৰ ভিডিঅ’আপলোড কৰে। এই লোক সকলৰ সৰহসংখ্যকেই বহুজন আৰু দলিত সংগঠনৰ প্ৰতিনিধি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.