সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিয়েই গিলিলে নেকি শিৱসেনাক ?

ধনু-কাঁড় বাদ, টৰ্চ লৈ সাজু থাকৰেপন্থী
বিজেপিয়েই গিলিলে নেকি শিৱসেনাক?
কোনেও নাপালে পুৰণি নাম-চিহ্ন

শিৱসেনা নামটোক লৈ চলি থকা খাম খেয়ালিৰ ইতিমধ্যে অন্ত পৰিছে ৷
উদ্ধৱ থাকৰে গোটটো এতিয়াৰে পৰা শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে আৰু সিন্দে গোটটো বালাচাহেবআঞ্চী শিৱসেনা হিচাপে জনাজাত হ’ব ৷ শিৱসেনা নেতা আদিত্য থাকৰেই সিন্দে পন্থীৰ নামটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰেই কয় “৪০ জন বিশ্বাসঘাটকে আমাৰ নামটো কাঢ়ি লৈছে ৷”
উল্লেখযোগ্য যে আগন্তুক উপ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে দুয়োটা গোটকে যিকোনো ৩ টা নামৰ পৰা এটা নাম নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিছিল ৷ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে গোটে দলৰ চিহ্ন হিচাপে লৈছে জ্বলি থকা এটা টৰ্চ ৷
আদিত্য থাকৰেই নিজৰ পন্থীৰ সমৰ্থনত কয় যে বালাচাহেব নামটো বাৰু তেওঁলোকে ল’ব পাৰিব কিন্তু উদ্ধৱ আৰু আদিত্য থাকৰেৰ নামটো আনটো গোটত জড়িত আছে।

- Donation -

Leave A Reply

Your email address will not be published.